--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ আজি জন্মদিন৷ বুধবাৰে ৫০ বছৰত ভৰি দিয়ে কৰণ জোহৰে৷ অভিনেত্ৰী মালাইকা অৰোৰাই কৰণ ইনষ্টাগ্ৰামত জন্মদিনৰ শুভেচ্ছা জনাই এটা ভিডিঅ’ শ্বেয়াৰ কৰে। ইয়াৰ লগতে বলীউডৰ ফাৰাহ খান, বিকি কৌশলৰ দৰে আন চেলিব্ৰিটিসকলেও কৰণক জন্মদিনৰ শুভেচ্ছা জনায়। 


কৰণৰ ৫০ তম জন্মদিনৰ পাৰ্টিৰ পূৰ্বে, বান্দ্ৰাৰ  গৃহত এক গেট টুগেদাৰৰ আয়োজন কৰিছিল।  পাৰ্টীটোত শ্বাহৰুখ খানৰ পত্নী গৌৰী খান, ফাৰাহ খান, অয়ন মুখাৰ্জী, অপূৰ্ব মেহতা, মহিপ কাপুৰ, ছোহেল খানৰ প্ৰাক্তন পত্নী সীমা কিৰণ সাজদেহ আৰু অন্যান্যকে ধৰি তেওঁৰ ঘনিষ্ঠ বন্ধুসকলে অংশগ্ৰহণ কৰিছিল। প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাই আজি যশ ৰাজ ষ্টুডিঅ’ত তেওঁৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এক বিশাল পাৰ্টীৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে৷  

ইফালে, কৰণ জোহৰে থিমযুক্ত পাৰ্টি আয়োজন কৰাৰ লগতে অনুষ্ঠানটোৰ বাবে গোটেই ছেটটো ডিজাইন কৰিবলৈ চলচ্চিত্ৰ নিৰ্মাতা অমৃতা মহলক নিযুক্তি দিছে। কৰ্মক্ষেত্ৰত, কৰণ জোহৰে ৰণবীৰ সিং, আলিয়া ভট্ট, ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শাবানা আজমী অভিনীত ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ত পৰিচালক হিচাপে প্ৰত্যাৱৰ্তন কৰিছে। চলচ্চিত্ৰখন অহা বছৰ ফেব্ৰুৱাৰীত মুক্তি পাব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত