--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাত বাস কৰা ভাৰতীয় লোকসকলে এতিয়া নিজৰ দেশলৈ ধন প্ৰেৰণ কৰিলে ৩.৫% কৰ পৰিশোধ কৰিব লাগিব। আমেৰিকাৰ প্ৰতিনিধি সভাত বৃহস্পতিবাৰে গৃহীত হোৱা এখন নতুন আইনত এই ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ 'ৱান বিগ, বিউটিফুল বিল এক্ট'ৰ অধীনত এই ব্যৱস্থা কৰা হৈছে। ইয়াৰ অধীনত এতিয়াৰে পৰা আমেৰিকাত বাস কৰা বিদেশী কৰ্মচাৰীসকলে নিজৰ দেশলৈ ধন প্ৰেৰণ কৰিলে কৰ পৰিশোধ কৰিব লাগিব। ৰাষ্ট্ৰপতি ট্রাম্পৰ এই নতুন নীতিয়ে সর্বাধিক ভাৰতীয় লোকসকলক ক্ষতি কৰাৰ আশংকা কৰা হৈছে। 

উল্লেখযোগ্য যে অহা বছৰৰ এক জানুৱাৰীৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে ২০২৩-২৪ বর্ষত বিদেশত কৰ্মৰত লোকসকলে ভাৰতলৈ প্ৰায় ১৩,০০০ কোটি ডলাৰ প্ৰেৰণ কৰিছিল। ইয়াৰে ৩০০০ কোটি ডলাৰ অর্থাৎ প্রায় ২৩% আমেৰিকাৰ পৰা আহিছিল। দেশখনত কৰ্মৰত ৪৫ লাখ ভাৰতীয়ই এই ধন নিজৰ দেশলৈ প্ৰেৰণ কৰিছিল। ট্রাম্পৰ নতুন নীতিৰ ফলত ভাৰতীয়সকলে ঘৰলৈ প্ৰেৰণ কৰা ধনত প্রায় ১০৫ কোটি ডলাৰ অৰ্থাৎ প্রায় ৮,৭৫০ কোটি টকাৰ কৰ পৰিশোধ কৰিব লাগিব। 

ই ভাৰতীয় অর্থনীতিকো প্ৰভাৱিত কৰিব পাৰে। এই বিধেয়কখনৰ জৰিয়তে ২০১৭ চনৰ কৰ কৰ্তনক স্থায়ী কৰিবলৈ বিচৰা হৈছে। বিধেয়কখনৰ জৰিয়তে ট্রাম্প প্রশাসনে পুনৰ ব্যৱহাৰযোগ্য শক্তিত দি অহা ৰাজসাহায্য বন্ধ কৰিব। ইয়াৰ লগতে ইলেক্ট্রিক গাড়ীত থকা কৰ ৰেহায়ো সমাপ্ত কৰা হ'ব। ট্রাম্পৰ এই নতুন বিধেয়কখনে আমেৰিকাৰ অর্থনীতিক মন্দাৱস্থাৰ দিশলৈ লৈ যোৱাৰ আশংকা কৰা হৈছে। ইকনমিক টাইমত প্রকাশিত এটা বাতৰি মতে, এই বিধেয়কে অহা দহ বছৰত আমেৰিকাৰ মুঠ ঘৰুৱা উৎপাদন ১ লাখ কোটি ডলাৰ হ্ৰাস কৰিব। 'দ্য গার্ডিয়ান'ত প্রকাশ পোৱা এটা বাতৰি মতে, এই নতুন নীতিৰ জৰিয়তে পুনৰ ব্যৱহাৰযোগ্য শক্তিৰ ক্ষেত্ৰত দি অহা ৰাজসাহায্য হ্রাস কৰাৰ ব্যাপক প্ৰভাৱ পৰিব আমেৰিকাৰ অৰ্থনীতিত। ইয়াৰ ফলত দেশখনত প্রায় ৮.৩০ লাখ চাকৰিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব। ইয়াৰ লগতে আমেৰিকাৰ ঋণৰ পৰিমাণ ৩.৮ লাখ কোটি ডলাৰলৈ ইয়াৰ লগতে আমেৰিকাৰ ঋণৰ পৰিমাণ ৩.৮ লাখ কোটি ডলাৰলৈ বৃদ্ধি পাব।
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ