--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাত বাস কৰা ভাৰতীয় লোকসকলে এতিয়া নিজৰ দেশলৈ ধন প্ৰেৰণ কৰিলে ৩.৫% কৰ পৰিশোধ কৰিব লাগিব। আমেৰিকাৰ প্ৰতিনিধি সভাত বৃহস্পতিবাৰে গৃহীত হোৱা এখন নতুন আইনত এই ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ 'ৱান বিগ, বিউটিফুল বিল এক্ট'ৰ অধীনত এই ব্যৱস্থা কৰা হৈছে। ইয়াৰ অধীনত এতিয়াৰে পৰা আমেৰিকাত বাস কৰা বিদেশী কৰ্মচাৰীসকলে নিজৰ দেশলৈ ধন প্ৰেৰণ কৰিলে কৰ পৰিশোধ কৰিব লাগিব। ৰাষ্ট্ৰপতি ট্রাম্পৰ এই নতুন নীতিয়ে সর্বাধিক ভাৰতীয় লোকসকলক ক্ষতি কৰাৰ আশংকা কৰা হৈছে। 

উল্লেখযোগ্য যে অহা বছৰৰ এক জানুৱাৰীৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে ২০২৩-২৪ বর্ষত বিদেশত কৰ্মৰত লোকসকলে ভাৰতলৈ প্ৰায় ১৩,০০০ কোটি ডলাৰ প্ৰেৰণ কৰিছিল। ইয়াৰে ৩০০০ কোটি ডলাৰ অর্থাৎ প্রায় ২৩% আমেৰিকাৰ পৰা আহিছিল। দেশখনত কৰ্মৰত ৪৫ লাখ ভাৰতীয়ই এই ধন নিজৰ দেশলৈ প্ৰেৰণ কৰিছিল। ট্রাম্পৰ নতুন নীতিৰ ফলত ভাৰতীয়সকলে ঘৰলৈ প্ৰেৰণ কৰা ধনত প্রায় ১০৫ কোটি ডলাৰ অৰ্থাৎ প্রায় ৮,৭৫০ কোটি টকাৰ কৰ পৰিশোধ কৰিব লাগিব। 

ই ভাৰতীয় অর্থনীতিকো প্ৰভাৱিত কৰিব পাৰে। এই বিধেয়কখনৰ জৰিয়তে ২০১৭ চনৰ কৰ কৰ্তনক স্থায়ী কৰিবলৈ বিচৰা হৈছে। বিধেয়কখনৰ জৰিয়তে ট্রাম্প প্রশাসনে পুনৰ ব্যৱহাৰযোগ্য শক্তিত দি অহা ৰাজসাহায্য বন্ধ কৰিব। ইয়াৰ লগতে ইলেক্ট্রিক গাড়ীত থকা কৰ ৰেহায়ো সমাপ্ত কৰা হ'ব। ট্রাম্পৰ এই নতুন বিধেয়কখনে আমেৰিকাৰ অর্থনীতিক মন্দাৱস্থাৰ দিশলৈ লৈ যোৱাৰ আশংকা কৰা হৈছে। ইকনমিক টাইমত প্রকাশিত এটা বাতৰি মতে, এই বিধেয়কে অহা দহ বছৰত আমেৰিকাৰ মুঠ ঘৰুৱা উৎপাদন ১ লাখ কোটি ডলাৰ হ্ৰাস কৰিব। 'দ্য গার্ডিয়ান'ত প্রকাশ পোৱা এটা বাতৰি মতে, এই নতুন নীতিৰ জৰিয়তে পুনৰ ব্যৱহাৰযোগ্য শক্তিৰ ক্ষেত্ৰত দি অহা ৰাজসাহায্য হ্রাস কৰাৰ ব্যাপক প্ৰভাৱ পৰিব আমেৰিকাৰ অৰ্থনীতিত। ইয়াৰ ফলত দেশখনত প্রায় ৮.৩০ লাখ চাকৰিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব। ইয়াৰ লগতে আমেৰিকাৰ ঋণৰ পৰিমাণ ৩.৮ লাখ কোটি ডলাৰলৈ ইয়াৰ লগতে আমেৰিকাৰ ঋণৰ পৰিমাণ ৩.৮ লাখ কোটি ডলাৰলৈ বৃদ্ধি পাব।
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে