--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৱাশ্বিংটনত থকা ইজৰাইলী দূতাৱাসৰ দুজন কর্মচাৰীক বুধবাৰে সন্ধিয়া গুলীয়াই হত্যা কৰা হয়। ইজৰাইলী দূতাৱাসৰ কর্মচাৰী দুজনে 'জিউইছ মিউজিয়াম'ত হোৱা এটা অনুষ্ঠানত অংশগ্রহণ কৰি ওভতাৰ সময়তে অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। 

এই সন্দর্ভত পেলেষ্টাইনপন্থী এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি স্থানীয় আৰক্ষীয়ে প্রকাশ কৰিছে। ইজৰাইলী বিদেশ মন্ত্রীয়ে প্রকাশ কৰা অনুসৰি, নিহত হোৱা কৰ্মচাৰী দুজনক য়াৰন লিছিনস্কী আৰু চাৰাহ ৰাহ মিলগ্রিম হিচাপে চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত চিকাগ'ৰ ৩০ বছৰীয়া ইলিয়াদ ৰড্ৰিগুৱেজ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। 

ইফালে, ইজৰাইলৰ প্রধানমন্ত্রী নেটান্যাহুৱে এই ঘটনাক তীব্র গৰিহণা দি দোষীক শাস্তি দিয়াৰ বাবে মার্কিন প্রশাসনক আহ্বান জনায়। আনহাতে, মার্কিন ৰাষ্ট্ৰপতিয়ে এই ঘটনাক 'ভয়ংকৰ' আখ্যা দি দোষীক উচিত শাস্তি দিয়াৰ বাবে কর্তৃপক্ষক নির্দেশ দিয়ে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত