--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ৰাজনৈতিক নেত্ৰী মৰিয়ম নৱাজে সত্য স্বীকাৰ কৰি কৈছে যে অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তানত ব্যাপক ধ্বংসলীলা চলাইছিল।ইয়াৰ পূৰ্বে মৰিয়মৰ খুড়াক পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও স্বীকাৰ কৰিছিল যে ভাৰতে নুৰ খান বিমানঘাটিকে ধৰি পাকিস্তানৰ বহু বিমানঘাটিত মিছাইলেৰে ধ্বংসলীলা চলাইছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল শ্বাহবাজ শ্বৰীফে সত্য স্বীকাৰ কৰা এটা ভিডিঅ’। ইয়াৰ পাছত এতিয়া মৰিয়ম নৱাজেও ভাৰতে পাকিস্তানৰ ক্ষতি কৰা বুলি স্বীকাৰোক্তি দিছে।

প্ৰথমে কিন্তু ভাৰতে পাকিস্তানৰ একো ক্ষতি কৰিব নোৱাৰিলে বুলি পাকিস্তানে বাৰে বাৰে মিছা মাতি আছিল।

উল্লেখ্য যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছিল, য’ত ২৬ জন পৰ্যটকক তেওঁলোকৰ ধর্ম সুধি হত্যা কৰা হৈছিল। হিন্দু পৰ্যটকসকলক গুলীয়াই নিহত কৰিছিল পাক সন্ত্ৰাসবাদীয়ে। তাৰ পাছতেই ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে প্রতিশোধ লৈছিল৷ ভাৰতীয় সেনা বাহিনীয়ে ৬–৭ মে’ৰ নিশা অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰিছিল। এই অভিযানৰ অধীনত ভাৰতীয় বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰ (POK)ৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায়। দুপৰীয়া প্ৰায় ১:৩০ বজাত এই অভিযান চলোৱাৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদীৰ লঞ্চপেড আৰু অস্ত্ৰ-শস্ত্ৰৰ ডিপো ধ্বংস কৰা।

এই আক্ৰমণত কঁপি উঠা পাকিস্তানে ভাৰতৰ কেইবাটাও সামৰিক ঘাটি আৰু আৱাসিক অঞ্চলক লক্ষ্য কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই চুবুৰীয়া দেশখনৰ পৰিকল্পনা বিফল কৰি পেলালে। আনহাতে ভাৰতীয় নিৰাপত্তা বাহিনীয়েও পাকিস্তানৰ এই সাহসক উপযুক্ত উত্তৰ দি বহু সন্ত্ৰাসবাদী লঞ্চ পেড আৰু পাকিস্তানী বিমান ঘাটি ধ্বংস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত