--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ৰাজনৈতিক নেত্ৰী মৰিয়ম নৱাজে সত্য স্বীকাৰ কৰি কৈছে যে অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তানত ব্যাপক ধ্বংসলীলা চলাইছিল।ইয়াৰ পূৰ্বে মৰিয়মৰ খুড়াক পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও স্বীকাৰ কৰিছিল যে ভাৰতে নুৰ খান বিমানঘাটিকে ধৰি পাকিস্তানৰ বহু বিমানঘাটিত মিছাইলেৰে ধ্বংসলীলা চলাইছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল শ্বাহবাজ শ্বৰীফে সত্য স্বীকাৰ কৰা এটা ভিডিঅ’। ইয়াৰ পাছত এতিয়া মৰিয়ম নৱাজেও ভাৰতে পাকিস্তানৰ ক্ষতি কৰা বুলি স্বীকাৰোক্তি দিছে।

প্ৰথমে কিন্তু ভাৰতে পাকিস্তানৰ একো ক্ষতি কৰিব নোৱাৰিলে বুলি পাকিস্তানে বাৰে বাৰে মিছা মাতি আছিল।

উল্লেখ্য যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছিল, য’ত ২৬ জন পৰ্যটকক তেওঁলোকৰ ধর্ম সুধি হত্যা কৰা হৈছিল। হিন্দু পৰ্যটকসকলক গুলীয়াই নিহত কৰিছিল পাক সন্ত্ৰাসবাদীয়ে। তাৰ পাছতেই ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে প্রতিশোধ লৈছিল৷ ভাৰতীয় সেনা বাহিনীয়ে ৬–৭ মে’ৰ নিশা অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰিছিল। এই অভিযানৰ অধীনত ভাৰতীয় বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰ (POK)ৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায়। দুপৰীয়া প্ৰায় ১:৩০ বজাত এই অভিযান চলোৱাৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদীৰ লঞ্চপেড আৰু অস্ত্ৰ-শস্ত্ৰৰ ডিপো ধ্বংস কৰা।

এই আক্ৰমণত কঁপি উঠা পাকিস্তানে ভাৰতৰ কেইবাটাও সামৰিক ঘাটি আৰু আৱাসিক অঞ্চলক লক্ষ্য কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই চুবুৰীয়া দেশখনৰ পৰিকল্পনা বিফল কৰি পেলালে। আনহাতে ভাৰতীয় নিৰাপত্তা বাহিনীয়েও পাকিস্তানৰ এই সাহসক উপযুক্ত উত্তৰ দি বহু সন্ত্ৰাসবাদী লঞ্চ পেড আৰু পাকিস্তানী বিমান ঘাটি ধ্বংস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ