--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ বন্দুকৰাজ। পুনৰ বৰ্ণবিদ্বেষৰ ভুক্তভোগী কৃষ্ণাংগসকল। শনিবাৰে সন্ধিয়া এজন ১৮বছৰীয়া যুৱকে নিউয়ৰ্কৰ এখন ছুপাৰমাৰ্কেটত প্ৰৱেশ কৰি গুলীচালনা কৰে। এই আক্ৰমণত কমেও ১০ জন লোক নিহত হোৱাৰ খবৰ আহিছে। মৃত ব্যক্তিসকলৰ অধিকাংক্ষই কৃষ্ণাংগ। আৰক্ষীৰ তত্‍পৰতাত অৱশেষত আত্মসমৰ্পণ কৰে আমেৰিকাত তাণ্ডৱ চলোৱা এই যুৱকজনে। বৰ্ণবিদ্বেষৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে।

নিউয়ৰ্কৰ এখনৰ প্ৰখ্যাত চহৰ বাফেলোত সংঘতি হয় এই শিহৰণকাৰী ঘটনা। শনিবাৰে সন্ধিয়া এজন বন্দুকধাৰীয়ে চহৰখনৰ এখন ছুপাৰমাৰ্কেটত আক্ৰমণ কৰে। প্ৰত্যক্ষদৰ্শীসকলৰ মতে, বন্দুকধাৰী যুৱকজনে  হেলমেটেৰে মুখ ঢকা আছিল, এক বিশেষ ধৰণৰ কৌশলগত গিয়াৰ আৰু কবচো পিন্ধি থকা বুলি জনায় তেওঁলোকে।  যুৱকজনে প্ৰথমে ছুপাৰমাৰ্কেটৰ পাৰ্কিং লটত আক্ৰমণ কৰে। তাত ৩ জন লোকক গুলীয়াই হত্যা কৰে। পৰৱৰ্তী সময়ত বন্দুকধাৰী যুৱকজনে বজাৰত প্ৰৱেশ কৰে। সেই সময়ত, ছুপাৰমাৰ্কেটৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল। বন্দুকধাৰী যুৱকজনৰ ওপৰত কেইবা ৰাউণ্ড গুলীচালনো কৰে তেওঁ। কিন্তু বন্দুকধাৰী যুৱকজনৰ কোনো ক্ষতি হোৱা নাছিল, বিপৰীতে আততায়ীৰ গুলীত মৃত্যুক আকোঁৱালি লয় নিৰপত্তাৰ দায়ত্বিত থকা আৰক্ষীগৰাকীয়ে।

খবৰলাভৰ পাছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীবাহিনী। আত্মসমৰ্পণৰ পৰিৱৰ্তে আত্মহত্যাৰ চেষ্টা কৰে আক্ৰমণকাৰীজনে। আৰক্ষীয়ে অৱশেষত তেওঁক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আক্ৰমণকাৰীজনৰ বিৰুদ্ধে কেইবাটাও কঠোৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

বাফেলো চিটি আৰক্ষী আয়ুক্ত যোচেফ গ্ৰামাগ্লিয়াই কয়, ‘১০ জন লোকৰ মৃত্যু হৈছে। ৩জন লোক গুৰুতৰভাৱে আহত হৈছে। ভুক্তভোগীসকলৰ বেছিভাগেই কৃষ্ণাংগ।’ এনে ঘটনাক কোনে বা কিহে প্ৰৰোচিত কৰিছে সেই বিষয়ে অনুসন্ধান কৰাৰ লগতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে আৰক্ষী আয়ুক্তগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ