--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ বন্দুকৰাজ। পুনৰ বৰ্ণবিদ্বেষৰ ভুক্তভোগী কৃষ্ণাংগসকল। শনিবাৰে সন্ধিয়া এজন ১৮বছৰীয়া যুৱকে নিউয়ৰ্কৰ এখন ছুপাৰমাৰ্কেটত প্ৰৱেশ কৰি গুলীচালনা কৰে। এই আক্ৰমণত কমেও ১০ জন লোক নিহত হোৱাৰ খবৰ আহিছে। মৃত ব্যক্তিসকলৰ অধিকাংক্ষই কৃষ্ণাংগ। আৰক্ষীৰ তত্‍পৰতাত অৱশেষত আত্মসমৰ্পণ কৰে আমেৰিকাত তাণ্ডৱ চলোৱা এই যুৱকজনে। বৰ্ণবিদ্বেষৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে।

নিউয়ৰ্কৰ এখনৰ প্ৰখ্যাত চহৰ বাফেলোত সংঘতি হয় এই শিহৰণকাৰী ঘটনা। শনিবাৰে সন্ধিয়া এজন বন্দুকধাৰীয়ে চহৰখনৰ এখন ছুপাৰমাৰ্কেটত আক্ৰমণ কৰে। প্ৰত্যক্ষদৰ্শীসকলৰ মতে, বন্দুকধাৰী যুৱকজনে  হেলমেটেৰে মুখ ঢকা আছিল, এক বিশেষ ধৰণৰ কৌশলগত গিয়াৰ আৰু কবচো পিন্ধি থকা বুলি জনায় তেওঁলোকে।  যুৱকজনে প্ৰথমে ছুপাৰমাৰ্কেটৰ পাৰ্কিং লটত আক্ৰমণ কৰে। তাত ৩ জন লোকক গুলীয়াই হত্যা কৰে। পৰৱৰ্তী সময়ত বন্দুকধাৰী যুৱকজনে বজাৰত প্ৰৱেশ কৰে। সেই সময়ত, ছুপাৰমাৰ্কেটৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল। বন্দুকধাৰী যুৱকজনৰ ওপৰত কেইবা ৰাউণ্ড গুলীচালনো কৰে তেওঁ। কিন্তু বন্দুকধাৰী যুৱকজনৰ কোনো ক্ষতি হোৱা নাছিল, বিপৰীতে আততায়ীৰ গুলীত মৃত্যুক আকোঁৱালি লয় নিৰপত্তাৰ দায়ত্বিত থকা আৰক্ষীগৰাকীয়ে।

খবৰলাভৰ পাছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীবাহিনী। আত্মসমৰ্পণৰ পৰিৱৰ্তে আত্মহত্যাৰ চেষ্টা কৰে আক্ৰমণকাৰীজনে। আৰক্ষীয়ে অৱশেষত তেওঁক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আক্ৰমণকাৰীজনৰ বিৰুদ্ধে কেইবাটাও কঠোৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

বাফেলো চিটি আৰক্ষী আয়ুক্ত যোচেফ গ্ৰামাগ্লিয়াই কয়, ‘১০ জন লোকৰ মৃত্যু হৈছে। ৩জন লোক গুৰুতৰভাৱে আহত হৈছে। ভুক্তভোগীসকলৰ বেছিভাগেই কৃষ্ণাংগ।’ এনে ঘটনাক কোনে বা কিহে প্ৰৰোচিত কৰিছে সেই বিষয়ে অনুসন্ধান কৰাৰ লগতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে আৰক্ষী আয়ুক্তগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ