--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষ ৰক্ষা নহ’ল! হেজাৰ প্ৰচেষ্টাৰ পিছতো কৰ’না সংক্ৰমণক বাধা দি ৰাখিব নোৱাৰিলে কিম জং-উনৰ উত্তৰ কোৰিয়াই। অমিক্ৰনত আক্ৰান্ত কিম জং উনৰ দেশৰ নাগৰিক। মাত্ৰ ৩ দিনত আক্ৰান্ত কেইবা লক্ষাধিক ব্যক্তি। পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে মৃত্যুৰ হাৰো। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ উত্তৰ কোৰিয়াত লকডাউনৰ ঘোষণা কিমৰ। কিন্তু কিমে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পাৰিব নে নাই সেয়া হৈ এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএ-ই কয়, ‘দেওবাৰে পুৱা জ্বৰৰ প্ৰকোপত আৰু ১৫ জন লোকৰ মৃত্যু হয়। ফলস্বৰূপে, দেশত মুঠ মৃতকৰ সংখ্যা ৪২ জনলৈ লৈ বৃদ্ধি পাইছে। সংক্ৰমিত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰিছে সংবাদ সংস্থাটোৱে। প্ৰথম অমিক্ৰনত আক্ৰান্তৰ খবৰ পোহৰলৈ অহাৰ ৩ দিনৰ ভিতৰত উত্তৰ কোৰিয়াত কৰ’না ৰোগীৰ সংখ্যা ৮,২০,৬২০ লৈ বৃদ্ধি হৈছে। ইয়াৰে ভিতৰত কমেও ৩,২৪,৫৫০ জন চিকিৎসাধীন হৈ আছে।

স্বাভাৱিকতে, দেশখনৰ কৰ’না পৰিস্থিতিক লৈ চিন্তিত ৰাষ্ট্ৰপ্ৰধান কিম জং-উন। তেওঁ কয়, ‘এই সংক্ৰমণৰ ফলত উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তন আহিছে। দেশৰ অৰ্থনীতিতো ইয়াৰ প্ৰভাৱ পৰিছে। এতিয়ালৈকে এই দেশখনত কৰ’নাই আটাইতকৈ ডাঙৰ দুৰ্যোগ হিচাপে বিবেচিত হৈছে। 

মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে ৰাজধানী পিয়ংইয়ংত প্ৰথমটো অমিক্ৰনত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল। কিমৰ কাণত এই খবৰ পৰাৰ লগে লগে একেদিনাই লকডাউনৰ কথা ঘোষণা কৰিছিল। তাৰ পিছতো শেষ ৰক্ষা নহ’ল। মাত্ৰ ৩ দিনৰ ভিতৰতে, উত্তৰ কোৰিয়াত এতিয়া লক্ষ লক্ষ লোক কৰ’নাত আক্ৰান্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক