--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষ ৰক্ষা নহ’ল! হেজাৰ প্ৰচেষ্টাৰ পিছতো কৰ’না সংক্ৰমণক বাধা দি ৰাখিব নোৱাৰিলে কিম জং-উনৰ উত্তৰ কোৰিয়াই। অমিক্ৰনত আক্ৰান্ত কিম জং উনৰ দেশৰ নাগৰিক। মাত্ৰ ৩ দিনত আক্ৰান্ত কেইবা লক্ষাধিক ব্যক্তি। পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে মৃত্যুৰ হাৰো। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ উত্তৰ কোৰিয়াত লকডাউনৰ ঘোষণা কিমৰ। কিন্তু কিমে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পাৰিব নে নাই সেয়া হৈ এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএ-ই কয়, ‘দেওবাৰে পুৱা জ্বৰৰ প্ৰকোপত আৰু ১৫ জন লোকৰ মৃত্যু হয়। ফলস্বৰূপে, দেশত মুঠ মৃতকৰ সংখ্যা ৪২ জনলৈ লৈ বৃদ্ধি পাইছে। সংক্ৰমিত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰিছে সংবাদ সংস্থাটোৱে। প্ৰথম অমিক্ৰনত আক্ৰান্তৰ খবৰ পোহৰলৈ অহাৰ ৩ দিনৰ ভিতৰত উত্তৰ কোৰিয়াত কৰ’না ৰোগীৰ সংখ্যা ৮,২০,৬২০ লৈ বৃদ্ধি হৈছে। ইয়াৰে ভিতৰত কমেও ৩,২৪,৫৫০ জন চিকিৎসাধীন হৈ আছে।

স্বাভাৱিকতে, দেশখনৰ কৰ’না পৰিস্থিতিক লৈ চিন্তিত ৰাষ্ট্ৰপ্ৰধান কিম জং-উন। তেওঁ কয়, ‘এই সংক্ৰমণৰ ফলত উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তন আহিছে। দেশৰ অৰ্থনীতিতো ইয়াৰ প্ৰভাৱ পৰিছে। এতিয়ালৈকে এই দেশখনত কৰ’নাই আটাইতকৈ ডাঙৰ দুৰ্যোগ হিচাপে বিবেচিত হৈছে। 

মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে ৰাজধানী পিয়ংইয়ংত প্ৰথমটো অমিক্ৰনত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল। কিমৰ কাণত এই খবৰ পৰাৰ লগে লগে একেদিনাই লকডাউনৰ কথা ঘোষণা কৰিছিল। তাৰ পিছতো শেষ ৰক্ষা নহ’ল। মাত্ৰ ৩ দিনৰ ভিতৰতে, উত্তৰ কোৰিয়াত এতিয়া লক্ষ লক্ষ লোক কৰ’নাত আক্ৰান্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?