--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ মধ্য পশ্চিম আৰু দক্ষিণ প্রান্তত প্রচণ্ড বা-মাৰলীয়ে তাণ্ডৱ চলোৱাৰ পাছত কমেও ৩০জনতকৈও অধিক লোকৰ মৃত্যু হৈছে। আমেৰিকাৰ কেনটু কিৰ গভৰ্নৰ এণ্ডি বেশ্বিয়েৰে শনিবাৰে প্ৰকাশ কৰা অনুসৰি, প্ৰদেশখনত বা-মাৰলীত আক্রান্ত হৈ ১৮জন লোকৰ মৃত্যু হৈছে আৰু ১০জনক গুৰুতৰভাৱে আহত অৱস্থাত হস্পিটেলত ভর্তি কৰোৱা হৈছে। শনিবাৰৰ পৰা আৰম্ভ হোৱা বিধ্বংসী বা-মাৰলীয়ে কেনটুকি প্ৰদেশৰ ঘৰ-দুৱাৰ আৰু বহনসমূহ তচনচ্ কৰে।

প্ৰদেশখনৰ বহু বাসিন্দা এই ঘূর্ণী বতাহৰ বাবে গৃহহীন হৈছে। প্রদেশখনৰ দক্ষিণ-পূবৰ ল'ৰেল কাউন্টিত এই বা-মাৰলীয়ে যথেষ্ট ক্ষতি কৰিছে। এই ঠাইতেই ১৭জন লোকৰ মৃত্যু হয় আৰু পুলাস্কি কাউন্টিত এজন লোকৰ মৃত্যু হয়। প্রদেশখনৰ বহুতো পথ বা-মাৰলীৰ ফলত বিধ্বস্ত হৈছে। বেশ্বিয়েৰে প্ৰকাশ কৰা মতে, মৃতকৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে। প্রদেশখনৰ জৰুৰী ব্যৱস্থাপনা বিভাগৰ সঞ্চালক এৰিক গিবচনে

প্ৰকাশ কৰা অনুসৰি, প্ৰদেশখনৰ শতাধিক ঘৰ বিধ্বস্ত হৈছে। উদ্ধাৰকাৰীৰ দলে শনিবাৰে গোটেই নিশা উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। দেশখনৰ বতৰ সেৱা বিভাগে বা-মাৰলীৰ অধিক সম্ভাৱনা প্রকাশ কৰি কয় যে লণ্ডনৰ কৰবিন বিমান বন্দৰৰ দিশে বা-মাৰলী গতি কৰাৰ আগজাননী দিছে।

উৎসঃ দৈনিক জনমভূমি  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ