--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আই এম এফ) ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত কঠোৰভাৱে সকীয়নি দিয়াৰ লগতে ঋণ অনুমোদন জনোৱাৰ ক্ষেত্ৰত ১১টা নতুন চর্ত বান্ধি দিয়ে। আই এম এফে পাকিস্তানক এইবুলি সকীয়াই দিয়ে যে ভাৰতৰ সৈতে যদি উত্তেজনা অধিক বৃদ্ধি পায় তেতিয়া দেশখনে ভৱিষ্যতে ঋণ পোৱাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ লগতে আই এম এফে পাকিস্তানক শেহতীয়াকৈ দিয়া ঋণৰ পৰৱৰ্তী কিস্তি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ১১টা নতুন চর্ত বান্ধি দিয়ে। 

ফলত দেশখনত ঋণ দিয়াৰ ক্ষেত্ৰত আই এম এফে বান্ধি দিয়াৰ চৰ্তৰ সংখ্যা ৫০টালৈ বৃদ্ধি পালে। ভাৰতৰ সৈতে সম্পৰ্কৰ প্ৰসংগত পাকিস্তানক আই এম এফে এইবুলি সতর্ক কৰি দিয়ে যে চুবুৰীয়া দেশখনৰ সৈতে উত্তেজনা বৃদ্ধি পালে দেশখনৰ যিবিলাক আঁচনিৰ বাবে ঋণ দিয়া হৈছে সেই আঁচনিবোৰৰ বিত্তীয় বাহ্যিক আৰু সংস্কাৰৰ লক্ষ্য প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব।

পহলগামত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণৰ পাছত ভাৰতৰ সৈতে বৃদ্ধি পোৱা উত্তেজনা পাকিস্তানলৈ আগবঢ়োৱা সাহায্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি আই এম এফে কয়। পাকিস্তানৰ অর্থনীতি দেউলীয়া হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে দিয়া সাহায্য আঁচনিৰ প্রথমখন পর্যালোচনা বৈঠকত কালি আই এম এফে কয় যে ভাৰতৰ সৈতে উত্তেজনা অব্যাহত থাকিলে দেশখনৰ প্ৰতিৰক্ষা বাজেট এই ঋণৰ বাবে এক বোজা হৈ পৰিব। দেশখনৰ প্ৰতিৰক্ষা বাজেট ইতিমধ্যে ১২% বৃদ্ধি হোৱাৰ পাছত ২.৪১৪ লাখ কোটি টকা (পাকিস্তানী মুদ্রাত) হৈছেগৈ।

উল্লেখযোগ্য যে পাকিস্তানে আই এম এফৰ পৰা লাভ কৰা ঋণেৰে নিজৰ প্ৰতিৰক্ষা বাজেট বৃদ্ধি কৰাৰ কথা বিবেচনা কৰি আছিল যদিও এই সতর্কবাণীয়ে দেশখনৰ এই আঁচনিত বাধাৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে যোৱা ৯ মে'ত অনুষ্ঠিত আই এম এফৰ বৈঠকত পাকিস্তানক ক্লাইমেট ৰেজিলিয়েন্স প্ৰগ্ৰেমৰ বাবে ১৪০ কোটি (প্রায় ১২ হাজাৰ কোটি টকা) ডলাৰ আৰু এক্সটেন্ডেড ফাণ্ড ফেচিলিটিৰ (এ এফ এফ) অধীনত ৭০০ কোটি ডলাৰৰ ঋণ মঞ্জুৰ কৰে। অৱশ্যে ক্লাইমেট ৰেজিলিয়েন্স প্ৰগ্ৰেমৰ অধীনত পাকিস্তানে এতিয়াই ধন লাভ নকৰে। আই এম এফে দ্বিতীয় কিস্তিত ১০০ কোটি ডলাৰ দিয়াৰ কথা।

আই এম এফে পাকিস্তানক এইবুলি কয় যে দেশখনে পৰৱৰ্তী ঋণ লাভ কৰিবলৈ হ'লে ইতিমধ্যে বান্ধি দিয়া চর্তসমূহ পালন কৰিবই লাগিব। ইয়াৰ ভিতৰত এখন নতুন ১৭.৬ লাখ কোটি টকাৰ বাজেটো আছে। এই বাজেট আই এম এফে বান্ধি দিয়া চর্ত অনুসৰি প্ৰস্তুত কৰিব লাগিব আৰু সংসদৰ অনুমোদন ল'ব লাগিব। আনহাতে, দেশখনৰ চাৰিখন ৰাজ্যত কৃষিত হোৱা উপাৰ্জনত আয়কৰ আৰোপো আছে। ইয়াৰ লগতে দেশখনৰ বিদ্যুতৰ ঋণ পৰিশোধৰ বাবে বিলত উপকৰ আৰোপ কৰিব লাগিব। তিনি বছৰ পুৰণি গাড়ীৰ আমদানিত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ