--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিগাৰেট ক্ৰয় কৰোঁতে চিগাৰেটৰ পেকেটৰ ওপৰত স্বাস্থ্যসন্মত সতৰ্কীকৰণ নিশ্চয় মন কৰিছে। দুই দশক পূৰ্বে কানাডাই এই ব্যৱস্থা প্ৰবৰ্তন কৰাৰ পিছত সমগ্ৰ বিশ্বতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এইবাৰ কেৱল চিগাৰেটৰ পেকেটতে নহয়, প্ৰতিটো চিগাৰেটতে এই সতৰ্কবাণী দেখিবলৈ পোৱা যাব। অৱশ্যে ভাৰতত নহয় কানাডাতহে প্ৰবৰ্তন হ'বলৈ গৈ আছে এই ব্যৱস্থা। প্ৰতিটো চিগাৰেটৰ ওপৰত প্ৰিণ্ট কৰা লিখিত সতৰ্কবাণী বাধ্যতামূলক কৰা বিশ্বৰ প্ৰথম খন দেশত পৰিণত হ'বলৈ সাজু হৈছে কানাডা। 
শুকুৰবাৰে এক সংবাদ সন্মিলনত কানাডাৰ মানসিক স্বাস্থ্য আৰু আসক্তি মন্ত্ৰী কেৰোলিন বেনেটে কয় যে এনেদৰে প্ৰতি ধপাতজাত দ্ৰব্যৰ ওপৰত স্বাস্থ্য সতৰ্কবাণী দিয়াৰ ব্যৱস্থা কৰিলে এই অত্যাৱশ্যকীয় বাৰ্তাবোৰ দেশৰ জনসাধাৰণৰ ওচৰলৈ যোৱাটো নিশ্চিত হ’ব।  

চিগাৰেটৰ পেকেট এটাত সতৰ্কবাণী থাকিলেও যিহেতু এবাৰত এটাকৈ চিগাৰেট ধূম্ৰপায়ী সকলে গ্ৰহণ কৰে, সেয়ে এনে তথ্য তেওঁলোকে প্ৰতিবাৰতে লাভ নকৰে। এনে অৱস্থাত প্ৰতিটো চিগাৰেটত এনে সতৰ্কবাণী লিখা থাকিলে প্ৰতিবাৰতে সকলো লোকৰে চকু পৰিব।

প্ৰস্তাৱিত এই ব্যৱস্থা চৰকাৰে ২০২৩ চনৰ শেষাৰ্ধত কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে। বেনেটে উল্লেখ কৰা মতে বৰ্তমান চৰকাৰে চিগাৰেটৰ ওপৰত “প্ৰতিটো চুটি টানতে বিহ” শীৰ্ষক সতৰ্কতামূলক বাণী অংকন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। অৱশ্যে এই বাৰ্তা ভৱিষ্যতে সলনি হ’ব পাৰে বুলিও তেওঁ উল্লেখ  কৰে। 

বেনেটে লগতে চিগাৰেট পেকেজৰ ওপৰত থকা থকা সতৰ্কবাণীত নতুনকৈ আন কিছু বাৰ্তা সংযোগ কৰা হ’ব বুলি জানিবলৈ দিয়ে। নতুন বাৰ্তা হিচাপে পাকস্থলীৰ কৰ্কট ৰোগ, কলোৰেক্টল কৰ্কট, ডায়েবেটিচ আৰু পেৰিফেৰেল ভাস্কুলাৰ ৰোগকে ধৰি ধূমপানৰ স্বাস্থ্যৰ প্ৰভাৱৰ এক দীঘলীয়া তালিকা সংযোগ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

অৱশ্যে দেশখনত ধূমপানৰ হাৰ বিগত বছৰবোৰত ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে বুলি সমীক্ষাত প্ৰকাশ পাইছে। যোৱা মাহত মুকলি কৰা ষ্টেটিষ্টিকছ কানাডাৰ শেহতীয়া তথ্যই ১০ শতাংশ কানাডিয়ানে নিয়মীয়াকৈ ধূমপান কৰে বুলি প্ৰতিবেদনত উল্লেখ  কৰিছে। চৰকাৰে ২০৩৫ চনৰ ভিতৰত সেই হাৰ আধালৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ