--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেগান ফক্স (Megan Fox) হৈছে হলীউডৰ এগৰাকী বিখ্যাত তথা জনপ্ৰিয় অভিনেত্ৰী। নিজৰ অপৰূপ সৌন্দৰ্যৰে সকলোকে আকৰ্ষণ কৰে অভিনেত্ৰীগৰাকীয়ে। কিন্তু মোহময়ী মেগান ফক্সৰ আছে এক আজৱ তথা ভয়ংকৰ অভ্যাস। তেওঁ পান কৰে নিজৰ প্ৰেমিকৰ তেজ। হয়, শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। যি কথা নিজে প্ৰকাশ কৰিছে মেগান ফক্সে। মেগানে কয় যে তেওঁ নিজৰ প্ৰেমিক তথা জনপ্ৰিয় সংগীতশিল্পী মেচিন গান কেলীৰ (Machine Gun Kelly) ৰক্তপান কৰে। আনকি তেওঁৰ প্ৰেমিকেও মেগানৰ ৰক্ত পান কৰে। অৰ্থাৎ প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ ৰক্তপান কৰি আহিছে। 


মেগান ফক্সৰ এই স্বীকাৰোক্তিৰ পাছতে সকলো লোক স্তম্ভিত হৈ পৰিছে। বিষয়টোক লৈ চলিছে তুমুল চৰ্চা। অৱশ্যে সাক্ষাৎকাৰটোত মেগান ফক্সে স্পষ্ট কৰি দিয়ে যে হয়তো তেওঁৰ এই বক্তব্যই ভুল বাৰ্তা প্ৰেৰণ কৰিব। তেওঁলোকে এক প্ৰাচীন পৰম্পৰা অনুযায়ীহে দুয়ো দুয়োৰে মাত্ৰ কেইটোপালমান ৰক্তপান কৰে। এই ৰক্তপানে তেওঁলোকৰ আত্মাৰ শুদ্ধি কৰে। ইয়াৰ বাহিৰে তেওঁলোকে অন্য মানুহৰ দৰেই সুস্থিৰ জীৱন যাপন কৰি আহিছে। 


মেগান ফক্সে লগতে কৈছিল যে ''মই ৰীতি-নীতিৰ ক্ষেত্ৰত বহুত বেছি নিয়ন্ত্ৰিত। মই টেৰো কাৰ্ডখন পঢ়ো। মই জ্যোৰ্তিবিজ্ঞানো অধ্যয়ন কৰো। মই এই সকলোবোৰ আধ্যাত্মিক চিন্তাৰ সৈতে জড়িত থাকো আৰু ধ্যান কৰোঁ। আনকি নতুন জোন আৰু পূৰ্ণিমাৰ সময়তো মই ভিন্ন ৰীতি-নীতি পালন কৰো।'' মেগান ফক্সৰ সকলো কথা সাধাৰণভাৱে ল'লেও দুই প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনৰ ৰক্তপান কৰা কথাটোৱে সকলোকে আচৰিত কৰি তুলিছে। 


উল্লেখ্য ৩৬ বছৰীয়া মেগান ফক্স আৰু ৩২ বছৰীয়া মেচিন গান কেলী ২০২০ চনৰ পৰা প্ৰেমৰ সম্পৰ্কত আছে। তেওঁলোকে কেতিয়াও তেওঁলোকৰ সম্পৰ্ক লুকুৱাই ৰখা নাছিল আৰু অনুৰাগীসকলক তেওঁলোকৰ প্ৰেমৰ বিষয়ে অৱগত কৰিছিল। অতি সোনকালে দুয়ো বিবাহপাশত আৱদ্ধ হ'ব। মেগান ফক্সৰ এইখন দ্বিতীয় বিবাহ হোৱাৰ বিপৰীতে মেচিন গান কেলী প্ৰথমবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ'ব। প্ৰথম স্বামী অভিনেতা ব্ৰিয়ান অষ্টিন গ্ৰীণৰ ফালৰ পৰা মেগান ফক্সৰ আছে তিনিটা সন্তান। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ