--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বছৰটোত এখন-দুখন চিনেমা কৰি বহি থকা ভকত নহয় অক্ষয় কুমাৰ। পাঁচ-ছখন চিনেমাৰে বছৰযোৰা ব্যস্ততা বলীউডৰ ‘খিলাড়ী’ৰ। শেহতীয়াকৈ অভিনেতাজনে দীপাৱলীত মুক্তি পাবলগীয়া তেওঁৰ ছবি 'ৰাম সেতু'ৰ এখন পোষ্টাৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰে।

এই পোষ্টাৰক লৈ 'বিমল' পান মছলাৰ বিজ্ঞাপনত ভাগ লৈ দেশজুৰি সমালোচিত হোৱা অক্ষয় কুমাৰ পুনৰ ট্ৰ'লৰ সন্মুখীন হয় ছ’চিয়েল মিডিয়াত। অক্ষয়ে প্ৰকাশ কৰা 'ৰাম সেতু'ৰ পোষ্টাৰখনত অভিনেতাগৰাকীৰ লগতে তেওঁৰ সহ-অভিনেতা সত্য দেৱ আৰু জেকলিন ফাৰ্ণাণ্ডেজক দেখা গৈছে। অক্ষয় কুমাৰে হাতত এটা জোঁৰ লৈ আছে আৰু তিনিওগৰাকীয়ে অবাক হৈ ওপৰলৈ চাইছে। লগতে, পোষ্টাৰখনত জেকলিনৰ হাতত তললৈ পোহৰ দি থকা এটা টৰ্চো দেখা যায়। মহূৰ্ততে ভাইৰেল হোৱা পোষ্টাৰখনক লৈ ছ'চিয়েল মিডিয়াত যথেষ্ট ট্ৰ'লৰ সন্মুখীন হয় অক্ষময়-জেকলিন।

'ৰাম সেতু'ৰ পোষ্টাৰ দেখি ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ব্যংগাত্মকভাৱে বিস্ময় প্ৰকাশ কৰে। জেকলিনৰ হাতত এটা সুদৃশ্য টৰ্চ থকাৰ পাছতো অক্ষয়ে কিয় জোঁৰ লৈ ওপৰলৈ চাইছে বুলি বিভিন্নজনে আচৰিত হৈ মন্তব্য কৰিছে। জোঁৰ আৰু টৰ্চৰ ব্যৱহাৰৰ বাবে ছবিখনৰ পৰিচালকো সমালোচিত হৈছে। এজনে লিখিছে, 'যেতিয়া আপোনাৰ ঘৰত বিদ্যুৎ নাথাকে কিন্তু আপোনাৰ চুবুৰীয়াৰ ঘৰ উজ্জ্বল হৈ উঠে।' এগৰাকী ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে হলীউডৰ ছবি 'নেশ্যনেল ট্ৰেজাৰ'ৰ প্ৰসংগও উত্থাপন কৰি 'এয়া নেশ্যনেল ট্ৰেজাৰৰ সস্তীয়া সংস্কৰণ' বুলিও অভিহিত কৰে। 

চলিত বৰ্ষৰ দীপাৱলীত ছবিগৃহত মুক্তি পাবলগীয়া 'ৰাম সেতু' চিনেমাখন পৰৱৰ্তী সময়ত অ'টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ'ত সম্প্ৰচাৰিত হ'ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ