--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বছৰটোত এখন-দুখন চিনেমা কৰি বহি থকা ভকত নহয় অক্ষয় কুমাৰ। পাঁচ-ছখন চিনেমাৰে বছৰযোৰা ব্যস্ততা বলীউডৰ ‘খিলাড়ী’ৰ। শেহতীয়াকৈ অভিনেতাজনে দীপাৱলীত মুক্তি পাবলগীয়া তেওঁৰ ছবি 'ৰাম সেতু'ৰ এখন পোষ্টাৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰে।

এই পোষ্টাৰক লৈ 'বিমল' পান মছলাৰ বিজ্ঞাপনত ভাগ লৈ দেশজুৰি সমালোচিত হোৱা অক্ষয় কুমাৰ পুনৰ ট্ৰ'লৰ সন্মুখীন হয় ছ’চিয়েল মিডিয়াত। অক্ষয়ে প্ৰকাশ কৰা 'ৰাম সেতু'ৰ পোষ্টাৰখনত অভিনেতাগৰাকীৰ লগতে তেওঁৰ সহ-অভিনেতা সত্য দেৱ আৰু জেকলিন ফাৰ্ণাণ্ডেজক দেখা গৈছে। অক্ষয় কুমাৰে হাতত এটা জোঁৰ লৈ আছে আৰু তিনিওগৰাকীয়ে অবাক হৈ ওপৰলৈ চাইছে। লগতে, পোষ্টাৰখনত জেকলিনৰ হাতত তললৈ পোহৰ দি থকা এটা টৰ্চো দেখা যায়। মহূৰ্ততে ভাইৰেল হোৱা পোষ্টাৰখনক লৈ ছ'চিয়েল মিডিয়াত যথেষ্ট ট্ৰ'লৰ সন্মুখীন হয় অক্ষময়-জেকলিন।

'ৰাম সেতু'ৰ পোষ্টাৰ দেখি ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ব্যংগাত্মকভাৱে বিস্ময় প্ৰকাশ কৰে। জেকলিনৰ হাতত এটা সুদৃশ্য টৰ্চ থকাৰ পাছতো অক্ষয়ে কিয় জোঁৰ লৈ ওপৰলৈ চাইছে বুলি বিভিন্নজনে আচৰিত হৈ মন্তব্য কৰিছে। জোঁৰ আৰু টৰ্চৰ ব্যৱহাৰৰ বাবে ছবিখনৰ পৰিচালকো সমালোচিত হৈছে। এজনে লিখিছে, 'যেতিয়া আপোনাৰ ঘৰত বিদ্যুৎ নাথাকে কিন্তু আপোনাৰ চুবুৰীয়াৰ ঘৰ উজ্জ্বল হৈ উঠে।' এগৰাকী ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে হলীউডৰ ছবি 'নেশ্যনেল ট্ৰেজাৰ'ৰ প্ৰসংগও উত্থাপন কৰি 'এয়া নেশ্যনেল ট্ৰেজাৰৰ সস্তীয়া সংস্কৰণ' বুলিও অভিহিত কৰে। 

চলিত বৰ্ষৰ দীপাৱলীত ছবিগৃহত মুক্তি পাবলগীয়া 'ৰাম সেতু' চিনেমাখন পৰৱৰ্তী সময়ত অ'টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ'ত সম্প্ৰচাৰিত হ'ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান