--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ তাৰিখত বলীউডত তেওঁ আটাইতকৈ সফল ব্যক্তি! কিন্তু এটা সময়ত, অমিতাভ বচ্চনে নিজৰেই ইমান বেয়া সময়ৰ মাজেৰে পাৰ হৈছিল যে তেওঁ দৈনিক খাদ্য পাবলৈ সংগ্ৰাম কৰিব লগীয়া হৈছিল। যি কথা  তেওঁৰ একমাত্ৰ পুত্ৰ অভিষেক সেই কথা নিজে ৰাজহুৱা কৰিছিল।

এক শেহতীয়া সাক্ষাৎকাৰত, অভিষেকে কৈছিল যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত চলচ্চিত্ৰ অধ্যয়ন কৰি আছিল। সেই সময়তে পৰিয়ালটোৰ বাবে দুঃসময় নামি আহিছিল। দেউতাকে দিনত দুবাৰ কৈ আহাৰ খাবলৈ ও সক্ষম হোৱা নাছিল। সেই পৰিস্থিতিত, অভিষেকৰ পঢ়া-শুনাত মন বহা নাছিল। তেওঁ বিগ বিক কৈছিল, "দেউতা, মই আহি আছো। মই আপোনাৰ কাষত থাকিব বিচাৰো। অকলশৰীয়া অনুভৱ নকৰিব, মই আছো। ''

অমিতাভৰ আপত্তি স্বত্বেও পাঠ্যক্ৰমৰ মাজভাগত এৰি অভিষেক ঘৰলৈ উভতি আহিছিল। যদিও তেওঁ আৰ্থিকভাৱে পৰিয়ালটোক সহায় কৰিব নোৱাৰিলে, কিন্তু তেওঁ মানসিকভাৱে তেওঁৰ পৰিয়ালৰ কাষত থিয় দিছিল। 

বলীউডৰ 'শ্বাহেনছা'য়ে এবাৰ ৰাজহুৱাভাৱে কৈছিল যে তেওঁ এজন অধীনস্থ কৰ্মচাৰীৰ পৰা টকা ধাৰ লৈ এটা পৰিয়াল চলাইছিল। সেই দিনবোৰৰ কথা ভাবিলে অভিষেক এতিয়াও কঁপি উঠে। যেতিয়া এজন ব্যক্তিৰ জীৱনত এটা দিন আহে, যাক আগতীয়াকৈ ক'ব নোৱাৰি। কিন্তু তাৰ সৈতে সঠিক ধৰণে মোকাবিলা কৰাটোৱেই প্ৰকৃত কথা – জুনিয়ৰ বচ্চন এইদৰে কয়।

বিপদৰ ডাৱৰ পাৰ হৈ যোৱাৰ বহুদিন হ'ল। বিগ বিৰ পেছাদাৰী গ্ৰাফে এতিয়াও বহুতক লাজত পেলাব পাৰে। আজিৰ তাৰিখত বলীউডত তেওঁৰ আটাইতকৈ সফল ব্যক্তিৰ মাজত এজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ