--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ তাৰিখত বলীউডত তেওঁ আটাইতকৈ সফল ব্যক্তি! কিন্তু এটা সময়ত, অমিতাভ বচ্চনে নিজৰেই ইমান বেয়া সময়ৰ মাজেৰে পাৰ হৈছিল যে তেওঁ দৈনিক খাদ্য পাবলৈ সংগ্ৰাম কৰিব লগীয়া হৈছিল। যি কথা  তেওঁৰ একমাত্ৰ পুত্ৰ অভিষেক সেই কথা নিজে ৰাজহুৱা কৰিছিল।

এক শেহতীয়া সাক্ষাৎকাৰত, অভিষেকে কৈছিল যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত চলচ্চিত্ৰ অধ্যয়ন কৰি আছিল। সেই সময়তে পৰিয়ালটোৰ বাবে দুঃসময় নামি আহিছিল। দেউতাকে দিনত দুবাৰ কৈ আহাৰ খাবলৈ ও সক্ষম হোৱা নাছিল। সেই পৰিস্থিতিত, অভিষেকৰ পঢ়া-শুনাত মন বহা নাছিল। তেওঁ বিগ বিক কৈছিল, "দেউতা, মই আহি আছো। মই আপোনাৰ কাষত থাকিব বিচাৰো। অকলশৰীয়া অনুভৱ নকৰিব, মই আছো। ''

অমিতাভৰ আপত্তি স্বত্বেও পাঠ্যক্ৰমৰ মাজভাগত এৰি অভিষেক ঘৰলৈ উভতি আহিছিল। যদিও তেওঁ আৰ্থিকভাৱে পৰিয়ালটোক সহায় কৰিব নোৱাৰিলে, কিন্তু তেওঁ মানসিকভাৱে তেওঁৰ পৰিয়ালৰ কাষত থিয় দিছিল। 

বলীউডৰ 'শ্বাহেনছা'য়ে এবাৰ ৰাজহুৱাভাৱে কৈছিল যে তেওঁ এজন অধীনস্থ কৰ্মচাৰীৰ পৰা টকা ধাৰ লৈ এটা পৰিয়াল চলাইছিল। সেই দিনবোৰৰ কথা ভাবিলে অভিষেক এতিয়াও কঁপি উঠে। যেতিয়া এজন ব্যক্তিৰ জীৱনত এটা দিন আহে, যাক আগতীয়াকৈ ক'ব নোৱাৰি। কিন্তু তাৰ সৈতে সঠিক ধৰণে মোকাবিলা কৰাটোৱেই প্ৰকৃত কথা – জুনিয়ৰ বচ্চন এইদৰে কয়।

বিপদৰ ডাৱৰ পাৰ হৈ যোৱাৰ বহুদিন হ'ল। বিগ বিৰ পেছাদাৰী গ্ৰাফে এতিয়াও বহুতক লাজত পেলাব পাৰে। আজিৰ তাৰিখত বলীউডত তেওঁৰ আটাইতকৈ সফল ব্যক্তিৰ মাজত এজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান