--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলপথাৰত খেলচলাকালীন সময়ৰ পৰিস্থিতি যিমানেই উত্তপ্ত নহওক কিয়, খেলপথাৰৰ বাহিৰত কিন্তু প্ৰতিগৰাকী ক্ৰিকেটাৰৰ মাজত আছে সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। আইপিএলৰ প্ৰায় প্ৰতিখন খেলৰ অন্তত এনে দৃশ্য কেমেৰাত বন্দী হোৱা দেখা যায়। কিন্তু দেওবাৰে নিশা পোলাৰ্ডৰ উইকেট লাভৰ পাছত ক্ৰুণাল পাণ্ডিয়াই যিধৰণে চেলিব্ৰেচন কৰিছিল সেয়া মানি ল’ব পৰা নাই একাংশই। পোলাৰ্ডক পিছফালৰ পৰা আলিঙ্গন কৰি চুম্বন কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মত ক্ৰীড়া বিশ্লেষকসকলৰ।

মন কৰিবলগীয়া যে, আইপিএলৰ চলিত ছিজনত মুম্বাই ইণ্ডিয়ানছে একেৰাহে আঠখন খেলত পৰাজিত হৈছে। পাঁচবাৰৰ চেম্পিয়ন মুম্বাইৰ এনে প্ৰদৰ্শনে ব্যথিত কৰি তুলিছে অনুৰাগীক। এনে পৰিস্থিতিত মুম্বাইৰ তাৰকাসকলৰ মনোবলো ভাঙি পৰিছে। লক্ষ্ণৌৰ সৈতে খেল চলাকালীন সময়ত এনে লাগিছিল যে মুম্বাই জয়ী হ’ব। লক্ষ্ণৌৰ বিৰুদ্ধেই প্ৰতিযোগিতাৰ প্ৰথম জয় আজুৰি আনিবলৈ সক্ষম হ’ব মুম্বাই। কিন্তু শেষ মুহূৰ্তত ক্ৰুণালে এই আশা পূৰ্ণ হ’বলৈ নিদিলে। চাৰিটা উইকেট দখলেৰে আন এটা জয় আনি দিছিল লক্ষ্ণৌক। তেতিয়াই ঘটিছিল সেই অনাকাংক্ষিত ঘটনাটো। বেটেৰে যেতিয়া পোলাৰ্ডে স্ক'ৰবোৰ্ডত ৰান সংগ্ৰহ কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছে তেতিয়াই কাইৰন পোলাৰ্ডে ক্ৰুণালৰ ডেলিভাৰীত দীপক হুডাৰ হাতত তুলি দিছিল কেচ। ক্ৰুণালে লগে লগে পিছফালৰ পৰা কেৰিবিয়ান তাৰকাগৰাকীক সাৱটি ধৰি কৰিছিল চুম্বন। ক্ৰূণালৰ এনে আচৰণক সমালোচনাৰ দৃষ্টিৰে চাইছে ক্ৰীড়াপ্ৰেমীয়ে।

নেটিজেনসকলৰ মন্তব্য, এনে হতাশাজনক মুহূৰ্তত ক্ৰুণালৰ এনে আচৰণ পোলাৰ্ডৰ বাবে সঁচাকৈয়ে অপমানজনক। বহুতে আকৌ প্ৰশ্ন কৰিছে, যদি পোলাৰ্ডে নিয়ন্ত্ৰণ হেৰুৱাই উইল স্মিথৰ দৰে তেওঁক চৰ সোধালেহেঁতেন তেতিেয়া কি হ’লহেঁতেন? প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলেও ক্ৰূণালৰ আচৰণক সমালোচনা কৰিছে।

স্মৰ্তব্য যে, পোলাৰ্ডৰ সৈতে ক্ৰূণালৰ এক সুন্দৰ সম্পৰ্ক আছে। খেলখনৰ পিছত চুম্বনৰ বিষয়ে সোধাত তেওঁ কয়, ‘পোলাৰ্ডক এবাৰ পেভিলিয়নলৈ ঘূৰাই পঠিয়াব পৰা বাবে মই সুখী। অন্যথা পোলাৰ্ডে তেওঁক বাৰে বাৰে ঠাট্টা কৰিলেহেঁতেন যে মই কেৰিবিয়ান তাৰকাৰ উইকেট ল'ব নোৱাৰো। ’



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত