--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলপথাৰত খেলচলাকালীন সময়ৰ পৰিস্থিতি যিমানেই উত্তপ্ত নহওক কিয়, খেলপথাৰৰ বাহিৰত কিন্তু প্ৰতিগৰাকী ক্ৰিকেটাৰৰ মাজত আছে সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। আইপিএলৰ প্ৰায় প্ৰতিখন খেলৰ অন্তত এনে দৃশ্য কেমেৰাত বন্দী হোৱা দেখা যায়। কিন্তু দেওবাৰে নিশা পোলাৰ্ডৰ উইকেট লাভৰ পাছত ক্ৰুণাল পাণ্ডিয়াই যিধৰণে চেলিব্ৰেচন কৰিছিল সেয়া মানি ল’ব পৰা নাই একাংশই। পোলাৰ্ডক পিছফালৰ পৰা আলিঙ্গন কৰি চুম্বন কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মত ক্ৰীড়া বিশ্লেষকসকলৰ।

মন কৰিবলগীয়া যে, আইপিএলৰ চলিত ছিজনত মুম্বাই ইণ্ডিয়ানছে একেৰাহে আঠখন খেলত পৰাজিত হৈছে। পাঁচবাৰৰ চেম্পিয়ন মুম্বাইৰ এনে প্ৰদৰ্শনে ব্যথিত কৰি তুলিছে অনুৰাগীক। এনে পৰিস্থিতিত মুম্বাইৰ তাৰকাসকলৰ মনোবলো ভাঙি পৰিছে। লক্ষ্ণৌৰ সৈতে খেল চলাকালীন সময়ত এনে লাগিছিল যে মুম্বাই জয়ী হ’ব। লক্ষ্ণৌৰ বিৰুদ্ধেই প্ৰতিযোগিতাৰ প্ৰথম জয় আজুৰি আনিবলৈ সক্ষম হ’ব মুম্বাই। কিন্তু শেষ মুহূৰ্তত ক্ৰুণালে এই আশা পূৰ্ণ হ’বলৈ নিদিলে। চাৰিটা উইকেট দখলেৰে আন এটা জয় আনি দিছিল লক্ষ্ণৌক। তেতিয়াই ঘটিছিল সেই অনাকাংক্ষিত ঘটনাটো। বেটেৰে যেতিয়া পোলাৰ্ডে স্ক'ৰবোৰ্ডত ৰান সংগ্ৰহ কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছে তেতিয়াই কাইৰন পোলাৰ্ডে ক্ৰুণালৰ ডেলিভাৰীত দীপক হুডাৰ হাতত তুলি দিছিল কেচ। ক্ৰুণালে লগে লগে পিছফালৰ পৰা কেৰিবিয়ান তাৰকাগৰাকীক সাৱটি ধৰি কৰিছিল চুম্বন। ক্ৰূণালৰ এনে আচৰণক সমালোচনাৰ দৃষ্টিৰে চাইছে ক্ৰীড়াপ্ৰেমীয়ে।

নেটিজেনসকলৰ মন্তব্য, এনে হতাশাজনক মুহূৰ্তত ক্ৰুণালৰ এনে আচৰণ পোলাৰ্ডৰ বাবে সঁচাকৈয়ে অপমানজনক। বহুতে আকৌ প্ৰশ্ন কৰিছে, যদি পোলাৰ্ডে নিয়ন্ত্ৰণ হেৰুৱাই উইল স্মিথৰ দৰে তেওঁক চৰ সোধালেহেঁতেন তেতিেয়া কি হ’লহেঁতেন? প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলেও ক্ৰূণালৰ আচৰণক সমালোচনা কৰিছে।

স্মৰ্তব্য যে, পোলাৰ্ডৰ সৈতে ক্ৰূণালৰ এক সুন্দৰ সম্পৰ্ক আছে। খেলখনৰ পিছত চুম্বনৰ বিষয়ে সোধাত তেওঁ কয়, ‘পোলাৰ্ডক এবাৰ পেভিলিয়নলৈ ঘূৰাই পঠিয়াব পৰা বাবে মই সুখী। অন্যথা পোলাৰ্ডে তেওঁক বাৰে বাৰে ঠাট্টা কৰিলেহেঁতেন যে মই কেৰিবিয়ান তাৰকাৰ উইকেট ল'ব নোৱাৰো। ’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ