--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামায়ণত বৰ্ণিত 'জটায়ু'ক পুনৰ মানুহৰ দৃষ্টিলৈ আনিছে  আমিৰ খানৰ ছবি 'লাল সিং চাড্ডা'ৰ ট্ৰেইলাৰে৷ ডেউকা মেলি থকা এটা বিশাল আকাৰৰ চৰাই, এই উৰো উৰো কৰি আছে৷ চৰাইটোৰ বিষয়ে হয়তো আমিৰ খানৰ ছবিৰ ট্ৰেইলাৰৰ আগতে ভাৰতৰ বহু লোকে জনাই নাছিল৷

 কেৰালাৰ যি স্থানত এই চৰাইটোৰ প্ৰতিমূৰ্তি আছে  সেই ভৱনটো পৃথিৱীৰ আটাইতকৈ ওখ স্থানত থকা  অট্টালিকাবোৰৰ ভিতৰৰে এটা হিচাবে গণ্য কৰা হয়। পাহাৰৰ শীৰ্ষস্থানত থকা এই ভৱনটো হৈছে কেৰালাৰ বিখ্যাত জাততুপাৰা বা জটায়ু ভৱন৷ কেৰালাৰ কোল্লাম জিলাৰ চাদয়ামঙ্গলমত এই ভৱনটো অৱস্থিত।ইয়াতেই আছে আমিৰ খানৰ ছবিত দেখুওৱা জটায়ুটো৷

জটায়ু আৰ্থ চেণ্টাৰ নামেৰে জনাজাত জটায়ুৰ মূৰ্তিটো অবিকল চৰাইৰ ৰূপত নিৰ্মাণ কৰা হৈছে। এই মূৰ্তিটো পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি হিচাপে বিখ্যাত। ৬৫  একৰ ভূমি সামৰি  নিৰ্মাণ কৰা হৈছে এই ভৱন আৰু মূৰ্তি৷ লক্ষ্যণীয় কথাটো হ’ল এই জটায়ুৰ মূৰ্তি সাগৰপৃষ্ঠৰ পৰা ১২০০ ফুট উচ্চতাত স্থাপন কৰা হৈছে। সেয়ে এনে লাগে যেন মেঘৰ মাজে মাজে উৰি ফুৰিছে জটায়ুটোৱে৷

জটায়ুৰ মূৰ্তিটোৰ মুঠ দৈৰ্ঘ্য ২০০ ফুট আৰু ই বহলে  ১৫০ ফুট । কেৰালাৰ  চাদয়ামঙ্গলম গাঁৱত থকা তিনিমহলীয়া ভৱনৰযত স্থাপিত মূৰ্তিটোৱে আগুৰি থকা ঠাইৰ দেৱালবোৰো বিশাল। ইয়াৰ  ভিতৰত এখন ডাঙৰ পৰ্দাও আছে, য'ত আপুনি ৬ ডিত সীতাৰ অপহৰণৰ কাহিনী চাব পাৰে। তৃতীয় মহলাত ছিয় হৈ  আপুনি চৌপাশৰ প্ৰাকৃতিক উপভোগ কৰিব পাৰে ৷ ওপৰৰ পৰা দেখা পোৱা জাতৌপাৰাৰ সৌন্দৰ্যই আপোনাৰ মনত দিব অপাৰ আনন্দ৷ 

 জটায়ু আৰ্থ চেণ্টাৰৰ ওচৰত এখ উদ্যানো নিৰ্মাণ কৰা হৈছে। ইয়াত ব কে ক্লাইম্ব, কমাণ্ডো নেট, পেইণ্টবল, ৰ’প  হেংগিং, ভেলী ক্ৰছিং, চিমনি ক্লাইম্বিং, শ্বুটিং,  ৱাল ক্লাইম্বিং, ট্ৰেকিং, আৰ্চাৰী আৰু ৰছীৰে নিৰ্মিত বাৰ্মা ব্ৰীজ আদি আছে। এই সুন্দৰ অট্টালিকাটো ৰাজীৱ জোনে নিৰ্মাণ কৰিছিল। তেওঁ মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ এজন জনপ্ৰিয়  চলচ্চিত্ৰ পৰিচালক, ভাস্কৰ্যশিল্পী আৰু চিত্ৰনাট্যকাৰ । তেওঁ ইয়াৰ বাবে ৰাজ্যিক বঁটাও লাভ কৰিছে৷

 ১৯৭৭ চনত ৰাজীৱ জোনে কেৰালাৰ ললিতা কলা একাডেমীৰ ভাস্কৰ্য বঁটা প্ৰদান কৰা হৈছিল। কেৰালাৰ প্ৰতিমূৰ্তিটোৰ উপৰি তেওঁ আন ভালেকেইটা  ভাস্কৰ্যও নিৰ্মাণ কৰিছে৷ চুইজাৰলেণ্ডৰ পৰা অনা সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ কেবল কাৰত উঠি আপুনি ইয়াত প্ৰমোদ ভ্ৰমণো কৰিব পাৰে৷ কেবল কাৰত ভ্ৰমণ কৰাৰ ব্যয় হৈছে ৫০০ টকা।
কোল্লামৰ পৰা চন্দমালয়ামলৈ নিয়মীয়া বাছ সেৱাও আছে। ৰামায়ণৰ সৈতে সম্পৰ্কিত 'জটায়ু'ক চাবলৈ যাব নেকি কেৰালালৈ? 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ