ডিজিটেল ডেস্ক: ২০২১ চনত মুক্তিপ্ৰাপ্ত বলীউডৰ ‘কাগজ’ নামৰ ছবিখন নিশ্চয় চাইছে। পংকজ ত্ৰিপাঠী অভিনীত এই ছবিখনত চৰকাৰীভাৱে মৃত ঘোষিত এজন জীৱিত ব্যক্তিয়ে নিজৰ জীয়াই থকাৰ প্ৰমাণ দিবলৈ কেনে পৰ্যায়ৰ বিপৰ্যয়ৰ সন্মুখীন হয় তাৰ দৃশ্যায়ন কৰা হৈছিল। এক প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মিত এই ছবিখন মূলত হাস্যধৰ্মী হ'লেও ই ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটোৰ মজ্জাগত সোৰোপালি চৰিত্ৰ উদঙাই দিছে। কাগজ শীৰ্ষক এই ছবিখনৰ দৰেই অনুৰূপ এক ঘটনা এইবাৰ সংঘটিত হৈছে বিহাৰত।
বিহাৰৰ মুজাফ্ফৰপুৰত কেন্দ্ৰীয় সংস্থা চিবিআইৰ অৱহেলাৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। চিবিআইয়ে কৰা এক দায়িত্বজ্ঞানহীন কাণ্ডই সকলোকে হতবাক কৰি তুলিছে। চিবিআইৰ এই কাৰ্যত আনকি হতবাক হৈ পৰিছে আদালতো। প্ৰকৃততে কি ঘটিছিল সেই বিষয়ে জানিলে আপুনিও আচৰিত হ’ব।
প্ৰকাশিত খবৰ অনুসৰি বিহাৰৰ চিৱান জিলাৰ এগৰাকী ৮০ বছৰীয়া মহিলাই চিবিআইৰ কাণ্ডজ্ঞানহীনতাৰ বাবে আদালতত নিজৰ জীয়াই থকাৰ প্ৰমাণ দিবলগীয়া হৈছে। এটা গোচৰৰ মুখ্য সাক্ষী হিচাপে শুকুৰবাৰে মহিলাগৰাকী মুজাফ্ফৰপুৰ অসামৰিক আদালতত হাজিৰ হয়। কিন্তু আশ্চৰ্যজনকভাৱে এই মহিলাগৰাকীক ইতিপূৰ্বে চিবিআই- এ মৃত বুলি ঘোষণা কৰিছিল। আদালতত উপস্থিত হৈ মহিলাগৰাকীয়ে ন্যায়াধীশৰ আগত তেওঁ জীয়াই আছে বুলি ভাষ্য প্ৰদান কৰে।
বিহাৰৰ স্থানীয় সাংবাদিক ৰাজদেৱ ৰঞ্জন হত্যাকাণ্ডৰ সৈতে সম্পৰ্কিত গোচৰৰ এই মহিলাগৰাকীক চিবিআইৰ দ্বাৰা মৃত ঘোষণা কৰা হৈছিল। আদালতত চিবিআইয়ে বাদামী দেৱী নামৰ মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু শুকুৰবাৰে বাদামী দেৱীয়ে আদালতত ন্যায়াধীশৰ সন্মুখত হাজিৰ হৈ কয়, "ছাৰ, মই জীয়াই আছোঁ। চিবিআইয়ে মোক মৃত ঘোষণা কৰিছে।"
এনে পৰিস্থিতিত আদালতত মহিলাগৰাকীৰ উপস্থিতিয়ে তদন্তকাৰী সংস্থা চিবিআইৰ বাবে যথেষ্ট অস্বস্তিৰ সৃষ্টি কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ এই দায়িত্বজ্ঞানহীন আৰু লজ্জাজনক কাণ্ডৰ বাবে আদালতে এতিয়া চিবিআইৰ পৰা নিশ্চিত ব্যাখ্যা বিচাৰিছে।
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাদামী দেৱীয়ে কয় যে চিবিআইয়ে তেওঁৰ মৃত্যুৰ প্ৰতিবেদন আদালতত দাখিল কৰিছে বুলি জানিব পাৰি তেওঁ হতবাক হৈ পৰিছিল। এইয়া তেওঁৰ বাবে যথেষ্ট হতাশাজনক আৰু বেদনাদায়ক আছিল বুলি বাদামী দাবীয়ে উল্লেখ কৰে। চিবিআইৰ এই কাণ্ডৰ পিছতে মহিলাগৰাকীয়ে নিজৰ ভোটাৰ পৰিচয় পত্ৰ, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ আদালতত হাজিৰ হয়।
বাদামী দেৱীৰ অধিবক্তা শৰদ সিনহাই জানিবলৈ দিয়া মতে ৰাজদেৱ ৰঞ্জন নামৰ সাংবাদিক গৰাকীৰ হত্যাকাণ্ডত প্ৰয়াত সাংসদ মহম্মদ শ্বাহবুদ্দীনকে ধৰি আঠজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। এজাহাৰ অনুসৰি, শ্বাহবুদ্দীনৰ ঘনিষ্ঠ সহযোগী লাড্ডান মিয়ানক ৰাজদেৱ ৰঞ্জনৰ হত্যাৰ চুপাৰি দিয়া হৈছিল।
শ্বাহবুদ্দীনৰ লগতে অভিযুক্ত কেইজনৰ বাদামী দেৱীৰ ঘৰকে ধৰি তেওঁৰ সা-সম্পত্তিৰ ওপৰত দীৰ্ঘদিনৰ পৰা দৃষ্টি আছিল। তেওঁলোকে বাদামী দেৱীৰ সা-সম্পত্তি বলপূৰ্বকভাৱে দখল কৰিব বিচাৰিছিল। কিন্তু ৰাজদেৱ ৰঞ্জনে এই কথা জানিব পাৰি সমগ্ৰ বিষয়টো তথ্য সহকাৰে বাতৰি কাকতৰ জৰিয়তে উত্থাপন কৰিছিল।চিৱানৰ সেই বাতৰি কাকতখনৰ তেওঁ ব্যুৰো মুৰব্বী আছিল।
বাতৰি কাকতত সমগ্ৰ ষড়যন্ত্ৰৰ প্ৰকৃতি ফাদিল হোৱাৰ পিছত অভিযুক্ত ব্যক্তিকেইজন সাংবাদিক ৰাজদেৱ ৰঞ্জনৰ ওপৰত খৰ্গহস্ত হৈ পৰে আৰু তেওঁৰ হত্যাৰ ষড়যন্ত্ৰ কৰে। প্ৰতিশোধৰ পৰিকল্পনা মতেই তেওঁলোকে চুপাৰি কিলাৰৰ জৰিয়তে ২০১৬ চনৰ ১৩ মে’ত চিৱানৰ ষ্টেচন ৰোডত ৰাজদেৱ ৰঞ্জনক হত্যা কৰে। এই হত্যাকাণ্ড গোচৰটোৰ মুখ্য সাক্ষী হিচাপে বাদামী দেৱীয়ে সাক্ষ্য দান কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল।
কিন্তু এতিয়া চিবিআই- এ এই বাদামী দেৱীক মৃত ঘোষণা কৰি আদালতত প্ৰতিবেদন দাখিল কৰিছে। এগৰাকী জীৱিত ব্যক্তিক চিবিআইৰ দৰে এটা শীৰ্ষ তদন্ত সংস্থাই মৃত ঘোষণা কৰা কাৰ্যই স্বাভাৱিকতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজনৈতিক হেঁচাত তথা অভিযুক্তক উদ্ধাৰৰ বাবেই চিবিআই- এ এই মিথ্যাচাৰিতাৰ আশ্ৰয় লৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে।
ইতিমধ্যে আদালতে চিবিআইক ঘটনা সন্দৰ্ভত নিশ্চিত বাখ্যা আগবঢ়াবলৈ নিৰ্দেশ দিছে। পৰৱৰ্তী সময়তে এই সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ আদালতত উন্মোচিত হ’ব বুলি আশা কৰিছে বাদামী দেৱী নামৰ মহিলাগৰাকীয়ে।