--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উপগ্ৰহৰ তথ্যৰ সহায়ত ৰাজ্যত বান ব্যৱস্থাপনা গঢ়ি তোলা হ'ব। সেই অনুসৰি নেশ্যনেল ৰিমট ছেন্সিং চেণ্টাৰে ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধত ১৯৯৮ চনৰ পৰা ২০২৩ চনলৈকে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰেৰে এখন মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে।

ডিজিটেল ডেস্ক : উপগ্ৰহৰ তথ্যৰ সহায়ত ৰাজ্যত বান ব্যৱস্থাপনা গঢ়ি তোলা হ'ব। সেই অনুসৰি নেশ্যনেল ৰিমট ছেন্সিং চেণ্টাৰে ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধত ১৯৯৮ চনৰ পৰা ২০২৩ চনলৈকে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰেৰে এখন মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে। সোমবাৰে নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে এই বিশেষ মানচিত্রখন উন্মোচন কৰে।


কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে মানচিত্রখন বান নিয়ন্ত্রণ, জৰুৰীকালীন পৰিকল্পনা, শস্য বীমা আৰু বানৰ সময়ত আশ্রয় শিবিৰ পৰিকল্পনাৰ ক্ষেত্ৰত সহায়ক হ'ব। অসম দেশৰ ভিতৰতে বান প্ৰভাৱিত ৰাজ্যসমূহৰ অন্যতম বুলি জনাই তেওঁ লগতে কয় যে এই ক্ষেত্রত নিয়মীয়া পর্যবেক্ষণ আৰু সময় অনুকূল ব্যৱস্থা গ্রহণ অতিশয় প্রয়োজনীয়।


কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত জৰুৰীকালীন সেৱাৰ বাবে এটা সংহত নিয়ন্ত্রণ কক্ষ আৰু ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা ম'বাইল এপ্লিকেশ্যন এটাও মুকলি বৰে। ইফালে, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।


তেওঁ কয়, 'এই বিশেষ ভূচিত্ৰাৱলীৰ সহায়ত আমি বান প্ৰভাৱিত অঞ্চলৰ উন্নয়ন সাধন, বানৰ প্ৰতি খেয়াল ৰাখি স্থিতিস্থাপক কৃষি ব্যৱস্থা সম্প্ৰসাৰণ, ফচল বীমা চৰকাৰী আঁচনিৰ সমর্থন আৰু দুর্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা সাজু কৰিবলৈ সক্ষম হ'ব পাৰিব।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক