--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • উপগ্ৰহৰ তথ্যৰ সহায়ত ৰাজ্যত বান ব্যৱস্থাপনা গঢ়ি তোলা হ'ব। সেই অনুসৰি নেশ্যনেল ৰিমট ছেন্সিং চেণ্টাৰে ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধত ১৯৯৮ চনৰ পৰা ২০২৩ চনলৈকে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰেৰে এখন মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে।

ডিজিটেল ডেস্ক : উপগ্ৰহৰ তথ্যৰ সহায়ত ৰাজ্যত বান ব্যৱস্থাপনা গঢ়ি তোলা হ'ব। সেই অনুসৰি নেশ্যনেল ৰিমট ছেন্সিং চেণ্টাৰে ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধত ১৯৯৮ চনৰ পৰা ২০২৩ চনলৈকে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰেৰে এখন মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে। সোমবাৰে নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে এই বিশেষ মানচিত্রখন উন্মোচন কৰে।


কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে মানচিত্রখন বান নিয়ন্ত্রণ, জৰুৰীকালীন পৰিকল্পনা, শস্য বীমা আৰু বানৰ সময়ত আশ্রয় শিবিৰ পৰিকল্পনাৰ ক্ষেত্ৰত সহায়ক হ'ব। অসম দেশৰ ভিতৰতে বান প্ৰভাৱিত ৰাজ্যসমূহৰ অন্যতম বুলি জনাই তেওঁ লগতে কয় যে এই ক্ষেত্রত নিয়মীয়া পর্যবেক্ষণ আৰু সময় অনুকূল ব্যৱস্থা গ্রহণ অতিশয় প্রয়োজনীয়।


কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত জৰুৰীকালীন সেৱাৰ বাবে এটা সংহত নিয়ন্ত্রণ কক্ষ আৰু ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা ম'বাইল এপ্লিকেশ্যন এটাও মুকলি বৰে। ইফালে, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।


তেওঁ কয়, 'এই বিশেষ ভূচিত্ৰাৱলীৰ সহায়ত আমি বান প্ৰভাৱিত অঞ্চলৰ উন্নয়ন সাধন, বানৰ প্ৰতি খেয়াল ৰাখি স্থিতিস্থাপক কৃষি ব্যৱস্থা সম্প্ৰসাৰণ, ফচল বীমা চৰকাৰী আঁচনিৰ সমর্থন আৰু দুর্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা সাজু কৰিবলৈ সক্ষম হ'ব পাৰিব।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement