--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ দেশৰ জনসাধাৰণে পাকিস্তান আৰু তাৰ সন্ত্ৰাসবাদীক লৈ অত্যন্ত ক্ষোভিত হৈ পৰিছে। বৰ্তমান সমগ্ৰ দেশ চৰকাৰৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে৷ সন্ত্ৰাসবাদ শিপাৰ পৰা নিৰ্মূল হোৱাটো বিচাৰিছে একাংশ লোকে। 

ইফালে ভাৰতৰ গেংষ্টাৰ লৰেন্স বিষ্ণইৰ দলেও পাকিস্তানক ভাবুকি দিছে। বিষ্ণই গেঙে পাকিস্তানক ধমকি দি কৈছে যে তেওঁলোকে  এজন সন্ত্ৰাসবাদীক হত্যা কৰিব। এই ভাবুকিৰে সন্ত্ৰাসবাদীৰ এখন ফটোও সংলগ্ন কৰা হৈছে। এই সন্ত্ৰাসবাদী কোন আৰু কি কি অপৰাধ সংঘটিত কৰিছে জানো আহক।

দৰাচলতে কাশ্মীৰৰ পহলগামত সংঘটিত আক্ৰমণৰ পিছত ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল গেংষ্টাৰ লৰেন্স বিষ্ণোই গেঙে। এই পোষ্টটোত সন্ত্ৰাসবাদী হাফিজ ছাইদৰ এখন ছবি লগোৱা হৈছে আৰু তাৰ ওপৰত ক্ৰছ লগোৱা হৈছে। পোষ্টটোত লিখা আছে, "আপুনি আমাৰ নিৰীহ মানুহক হত্যা কৰিলে, এতিয়া আমি পাকিস্তানত প্ৰৱেশ কৰি এজন মানুহক হত্যা কৰিম।"
Pakistan wants United Nations probe into revelation of Hafiz Saeed related  information to Indian News Agency PTI आतंकी हाफिज सईद के बारे में जानकारी  हुई लीक तो बौखलाया पाकिस्तान, India Hindi News -
সেই সন্ত্ৰাসবাদীটো হাফিজ ছাইদ। হাফিজ হৈছে বৃহৎ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ মুৰব্বী। এই সন্ত্ৰাসবাদীয়েই মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল। ইয়াৰ বাহিৰেও ভাৰতত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ অধিকাংশতে হাফিজৰ হাত আছে। এই সন্ত্ৰাসবাদীয়ে পুলৱামাত একেলগে কেইবাজনো জোৱানক বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰও ৰচনা কৰিছিল। ভাৰতৰ বাহিৰেও বিশ্বৰ বহু দেশে হাফিজক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে। ভাৰতে কেইবাবাৰো পাকিস্তানক এই সন্ত্ৰাসবাদীক গতাই দিবলৈ কৈছে যদিও পাকিস্তানে তেওঁক আশ্ৰয় দিছে।

ভাৰতৰ বহু ৰাজ্যত অহৰহ সক্ৰিয় হৈ আছে লৰেন্স বিষ্ণই গেং। এই গেঙৰ মূৰব্বী লৰেন্স বৰ্তমান গুজৰাটৰ এখন কাৰাগাৰত আবদ্ধ হৈ আছে। অৱশ্যে তেওঁৰ সহযোগীসকলে হত্যা আৰু মুক্তিপণৰ দৰে কামবোৰ অহৰহ চলাই আহিছে। ছলমান খানৰ ঘৰত হোৱা গুলীচালনা আৰু বাবা ছিদ্দিকীৰ হত্যাকাণ্ডত এই গেঙৰ নাম আহিছিল। ইয়াৰ উপৰিও পঞ্জাৱৰ বিখ্যাত গায়ক সিধু মূছেৱালাকো বিষ্ণই গেঙে হত্যা কৰিছিল। এতিয়া এই ভয়ংকৰ দলটোৱে পাকিস্তানক মুকলিকৈ ভাবুকি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ