--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেম্বলীত ইউৰো কাপ বিজয়ী ইটালীক ৩-০ গ’লত পৰাস্ত কৰি কোপা আমেৰিকা বিজয়ী আৰ্জেণ্টিনাই জয়লাভ কৰে ‘ফাইনালিছিমা’। লিঅ’নেল মেছীৰ চমকপ্ৰদ প্ৰদৰ্শনত মোলান পৰি ৰয় ইটালী। ট্ৰফী লাভৰ পিছত স্বাভাৱিকতে উচ্ছসিত লৈ পৰে আৰ্জেণ্টিনাৰ ফুটবলাৰ সকলৰ লগতে তাৰকা ফুটবলাৰ মেছী।

মন কৰিবলগীয়া যে, এটা বৰ্ষৰ ভিতৰতে আৰ্জেণ্টিনাই একেৰাহে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় ট্ৰফী লাভ কৰিছে। ‘ফাইনালিছিমা’ জয়ৰ পিছত আৰ্জেণ্টিনাৰ ড্ৰেছিং ৰূমত শুনিবলৈ পোৱা যায় মৃদু মধুৰ সংগীত। ১৯৫০ চনৰ বিশ্বকাপত উৰুগুৱেৰ বিৰুদ্ধে ব্ৰাজিলৰ পৰাজয়ক উপহাস কৰা এই গীতটোত প্ৰশংসা কৰা হৈছে মেছীক। লিঅ’নেল মেছীয়েই যে সৰ্বশ্ৰেষ্ট তাৰকা তাৰে প্ৰমাণ তুলি ধৰা হয় গীতটোৰ জৰিয়তে। আৰ্জেণ্টিনাৰ চিৰপ্ৰতিদ্বন্দ্বী ব্ৰাজিলৰ টেলিছমেন নেইমাৰে পিছে আৰ্জেণ্টিনা বাহিনীৰ এই উচ্ছাস মানি ল’ব পৰা নাই। ব্ৰাজিলৰ তাৰকাগৰাকীয়ে এটা ইনষ্টাগ্ৰাম একাউণ্টত আৰ্জেণ্টিনাৰ ‘ফাইনালিছিম’ বিজয়ৰ উদযাপনৰ এখন ছবি আৰু গীতটোৰ কথা পোষ্ট কৰি লিখিছে, ‘বিশ্বকাপ জিকিছে নেকি?’

স্মৰ্তব্য যে, সমাগত বিশ্বকাপ। চলিত বৰ্ষৰ শেষৰ ফালে কাটাৰত অনুষ্ঠিত হ’ব বহু প্ৰতীক্ষীত বিশ্বকাপ ফুটবল। বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা লেটিন আমেৰিকান বিভাগৰ প্ৰথম দুটা দল হৈছে ব্ৰাজিল-আৰ্জেণ্টিনা। মেছীৰ সৈতে নেইমাৰৰ বন্ধুত্বৰ বিষয়ে সকলোৱে অৱগত। ইজনে সিজনৰ ক্লাৱ মেটো। অৱশ্যে, ব্ৰাজিল-আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বিতা এক অন্য স্তৰত আছে। গতিকে, স্বাভাৱিকতে নেইমাৰ খং উঠিছে। যদি বিশ্বকাপত ব্ৰাজিল-আৰ্জেণ্টিনাৰ মুখামুখি হয়, তেন্তে ঠিক কি হ’ব পাৰে? তাৰো অনুমান কৰাটো এতিয়া কঠিন হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ