--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেম্বলীত ইউৰো কাপ বিজয়ী ইটালীক ৩-০ গ’লত পৰাস্ত কৰি কোপা আমেৰিকা বিজয়ী আৰ্জেণ্টিনাই জয়লাভ কৰে ‘ফাইনালিছিমা’। লিঅ’নেল মেছীৰ চমকপ্ৰদ প্ৰদৰ্শনত মোলান পৰি ৰয় ইটালী। ট্ৰফী লাভৰ পিছত স্বাভাৱিকতে উচ্ছসিত লৈ পৰে আৰ্জেণ্টিনাৰ ফুটবলাৰ সকলৰ লগতে তাৰকা ফুটবলাৰ মেছী।

মন কৰিবলগীয়া যে, এটা বৰ্ষৰ ভিতৰতে আৰ্জেণ্টিনাই একেৰাহে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় ট্ৰফী লাভ কৰিছে। ‘ফাইনালিছিমা’ জয়ৰ পিছত আৰ্জেণ্টিনাৰ ড্ৰেছিং ৰূমত শুনিবলৈ পোৱা যায় মৃদু মধুৰ সংগীত। ১৯৫০ চনৰ বিশ্বকাপত উৰুগুৱেৰ বিৰুদ্ধে ব্ৰাজিলৰ পৰাজয়ক উপহাস কৰা এই গীতটোত প্ৰশংসা কৰা হৈছে মেছীক। লিঅ’নেল মেছীয়েই যে সৰ্বশ্ৰেষ্ট তাৰকা তাৰে প্ৰমাণ তুলি ধৰা হয় গীতটোৰ জৰিয়তে। আৰ্জেণ্টিনাৰ চিৰপ্ৰতিদ্বন্দ্বী ব্ৰাজিলৰ টেলিছমেন নেইমাৰে পিছে আৰ্জেণ্টিনা বাহিনীৰ এই উচ্ছাস মানি ল’ব পৰা নাই। ব্ৰাজিলৰ তাৰকাগৰাকীয়ে এটা ইনষ্টাগ্ৰাম একাউণ্টত আৰ্জেণ্টিনাৰ ‘ফাইনালিছিম’ বিজয়ৰ উদযাপনৰ এখন ছবি আৰু গীতটোৰ কথা পোষ্ট কৰি লিখিছে, ‘বিশ্বকাপ জিকিছে নেকি?’

স্মৰ্তব্য যে, সমাগত বিশ্বকাপ। চলিত বৰ্ষৰ শেষৰ ফালে কাটাৰত অনুষ্ঠিত হ’ব বহু প্ৰতীক্ষীত বিশ্বকাপ ফুটবল। বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা লেটিন আমেৰিকান বিভাগৰ প্ৰথম দুটা দল হৈছে ব্ৰাজিল-আৰ্জেণ্টিনা। মেছীৰ সৈতে নেইমাৰৰ বন্ধুত্বৰ বিষয়ে সকলোৱে অৱগত। ইজনে সিজনৰ ক্লাৱ মেটো। অৱশ্যে, ব্ৰাজিল-আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বিতা এক অন্য স্তৰত আছে। গতিকে, স্বাভাৱিকতে নেইমাৰ খং উঠিছে। যদি বিশ্বকাপত ব্ৰাজিল-আৰ্জেণ্টিনাৰ মুখামুখি হয়, তেন্তে ঠিক কি হ’ব পাৰে? তাৰো অনুমান কৰাটো এতিয়া কঠিন হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ