--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেৰাহে দুখন খেলত প্ৰথম বলত আউট হোৱাৰ পাছত বিৰাট কোহলীক লক্ষ্য কৰি লৈছে নেটিজেনসকলে। গ্লানি,উপহাস আৰু তীক্ষ্ণ প্ৰশ্নবাণৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ক্ৰিকেটাৰগৰাকীক কেন্দ্ৰ কৰি নানা ধৰণৰ বিৰূপ মন্তব্য কৰা দেখা গৈছে। কিছুমানে যদি বিৰাট কোহলীক ঘৰুৱা ক্ৰিকেট খেলাৰ পৰামৰ্শ আগবঢ়াইছে কিছুমানে আকৌ দিছে বিশ্ৰাম লোৱাৰ পৰামৰ্শ।  পিছে এই দুঃসময়ৰ মাজত তেওঁৰ কাষত থিয় দিছে প্ৰাক্তন সতীৰ্থ আৰু বিশেষজ্ঞসকলে। এটা ভাল ইনিংছে বিৰাট কোহলীক পুৰণি ছন্দলৈ ঘূৰাই আনিব পাৰে বুলি আশাবাদী তেওঁৰে প্ৰাক্তন সতীৰ্থ। 

ডেনিয়েল ভেট্টোৰীৰ পৰা কেভিন পিটাৰছনলৈকে, সুনীল গাভাস্কাৰৰ পৰা ৰবি শাস্ত্ৰীলৈকে সকলোৱে ৰান মেছিনৰ পক্ষত থিয় দিয়া দেখা গৈছে। আশাবাদী ভেট্টোৰীয়ে কৈছে, ‘আজি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে শূন্যৰ আতংকৰ পৰা ওলাই আহিব পাৰে বিৰাট।’

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ প্ৰাক্তন সতীৰ্থ ভেট্টোৰীয়ে কয়, ‘বহুলোকে কৈছে যে বিৰাটৰ মগজুৱে আগৰ দৰে কাম কৰা নাই। কিন্তু মই নাভাবো যে তেওঁৰ এনেকুৱা কিবা সমস্যা হৈছে। বেয়া সময়ৰ মাজেৰে গৈ আছে বিৰাটে। ছন্দলৈ উভতি অহাৰ উপায়ো তেওঁ নিজে বিচাৰি উলিয়াব। ’ 

স্মৰ্তব্য যে, চলিত আইপিএলৰ ৮খন খেলত মাত্ৰ ১১৯ ৰান সংগ্ৰহ কৰিছে বিৰাটে। আইপিএলৰ আৰম্ভণিৰ প্ৰথম বছৰৰ পাছত তেওঁৰ বেটৰ পৰা ইমান কম ৰান কেতিয়াও অহা নাছিল। বিৰাটক উদ্দেশ্যি সতীৰ্থ ভেট্টোৰীৰ পৰামৰ্শ, ‘এনে পৰিস্থিতিত, বিৰাটে তেওঁৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে কথা পাতক। যাৰ পৰা ক্ৰিকেট শিকিছে, তেওঁলোকৰ সৈতে কথা পাতক। এইটো কোনো ডাঙৰ সমস্যা নহয়। বিৰাটক অলপ সময়ৰ প্ৰয়োজন। নিজৰ বিষয়ে ভাবিবলৈ সময় দিয়া হওক। তেতিয়া এই সমস্যা বোৰ আঁতৰিব।’

ইফালে মনৰ উগ্বিগ্নতাৰ বাবে বিৰাটে এনে পৰিস্থিতিৰ সন্মুখীন  হোৱা বুলি মন্তব্য সুনীল গাভাস্কাৰৰ। গাভাস্কাৰে কয়, ‘কোনো বেটছমেনে ১০-১২ টা বল খেলাৰ পাছত তেওঁৰ ভৰি লৰচৰ কৰিছে নে নাই বুজিব পাৰি। কিন্তু একেৰাহে দুখন খেলত প্ৰথম বলত আউট হোৱাৰ অৰ্থ হৈছে তেওঁ চিন্তিত, উদ্বিগ্ন হ'বলৈ আৰম্ভ কৰিছে।’

কোহলীৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল তেওঁৰ বৰ্তমানৰ পৰিসংখ্যা।ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ নেতৃত্ব ত্যাগৰ পাছৰে পৰা কোহলীৰ বেটত নাই আকাংক্ষিত ৰান। পাছে এয়া এক সাধাৰণ সমস্যা বুলি মন্তব্য কেভিন পিটাৰছনৰ। তেওঁ কয়, ‘বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলে এনে ধৰণৰ পৰিস্থিতিৰ মাজেৰে যোৱা আমি দেখিছো। বিৰাটো ব্যতিক্ৰম নহয়। কিংবদন্তি ক্ৰিকেটাৰসকলেও হেৰুৱাইছিল ছন্দ, পুনৰ উভতি আহিছিল।বিৰাটো ছন্দলৈ ঘূৰি আহিব। ’

পিছে বিৰাটে ছন্দলৈ উভতিবলৈ আৰু কিমান দিন লাগিব? ইয়াৰ উত্তৰ কোনেও দিব নোৱাৰে। কিন্তু বিৰাটৰ বেটত ৰান নহাৰ ফল ভুগিবলগীয়া হৈছে আৰচিবিয়ে। আগৰ খেলখনতো মাত্ৰ ৬৮ৰানতে আটাইকেইটা উইকেট হেৰুৱাইছিল দলটোৱে। আজি ৰাজস্থানৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজ দিয়াতো জৰুৰী হৈ পৰিছে দলটোৰ বাবে। পূৰ্বৰ দৰে আজিও বিৰাট অনুৰাগীয়ে প্ৰিয় তাৰকাগৰাকীৰ বেটৰ ঝংকাৰ দেখিবলৈ পাব বুলি অধীৰ আগ্ৰহেৰে ৰৈ আছে। পিছে বিৰাটে অনুৰাগীৰ এই প্ৰত্যাশা পূৰণত কিমানদূৰ সফল হয় সেয়াহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ