--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেৰাহে দুখন খেলত প্ৰথম বলত আউট হোৱাৰ পাছত বিৰাট কোহলীক লক্ষ্য কৰি লৈছে নেটিজেনসকলে। গ্লানি,উপহাস আৰু তীক্ষ্ণ প্ৰশ্নবাণৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ক্ৰিকেটাৰগৰাকীক কেন্দ্ৰ কৰি নানা ধৰণৰ বিৰূপ মন্তব্য কৰা দেখা গৈছে। কিছুমানে যদি বিৰাট কোহলীক ঘৰুৱা ক্ৰিকেট খেলাৰ পৰামৰ্শ আগবঢ়াইছে কিছুমানে আকৌ দিছে বিশ্ৰাম লোৱাৰ পৰামৰ্শ।  পিছে এই দুঃসময়ৰ মাজত তেওঁৰ কাষত থিয় দিছে প্ৰাক্তন সতীৰ্থ আৰু বিশেষজ্ঞসকলে। এটা ভাল ইনিংছে বিৰাট কোহলীক পুৰণি ছন্দলৈ ঘূৰাই আনিব পাৰে বুলি আশাবাদী তেওঁৰে প্ৰাক্তন সতীৰ্থ। 

ডেনিয়েল ভেট্টোৰীৰ পৰা কেভিন পিটাৰছনলৈকে, সুনীল গাভাস্কাৰৰ পৰা ৰবি শাস্ত্ৰীলৈকে সকলোৱে ৰান মেছিনৰ পক্ষত থিয় দিয়া দেখা গৈছে। আশাবাদী ভেট্টোৰীয়ে কৈছে, ‘আজি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে শূন্যৰ আতংকৰ পৰা ওলাই আহিব পাৰে বিৰাট।’

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ প্ৰাক্তন সতীৰ্থ ভেট্টোৰীয়ে কয়, ‘বহুলোকে কৈছে যে বিৰাটৰ মগজুৱে আগৰ দৰে কাম কৰা নাই। কিন্তু মই নাভাবো যে তেওঁৰ এনেকুৱা কিবা সমস্যা হৈছে। বেয়া সময়ৰ মাজেৰে গৈ আছে বিৰাটে। ছন্দলৈ উভতি অহাৰ উপায়ো তেওঁ নিজে বিচাৰি উলিয়াব। ’ 

স্মৰ্তব্য যে, চলিত আইপিএলৰ ৮খন খেলত মাত্ৰ ১১৯ ৰান সংগ্ৰহ কৰিছে বিৰাটে। আইপিএলৰ আৰম্ভণিৰ প্ৰথম বছৰৰ পাছত তেওঁৰ বেটৰ পৰা ইমান কম ৰান কেতিয়াও অহা নাছিল। বিৰাটক উদ্দেশ্যি সতীৰ্থ ভেট্টোৰীৰ পৰামৰ্শ, ‘এনে পৰিস্থিতিত, বিৰাটে তেওঁৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে কথা পাতক। যাৰ পৰা ক্ৰিকেট শিকিছে, তেওঁলোকৰ সৈতে কথা পাতক। এইটো কোনো ডাঙৰ সমস্যা নহয়। বিৰাটক অলপ সময়ৰ প্ৰয়োজন। নিজৰ বিষয়ে ভাবিবলৈ সময় দিয়া হওক। তেতিয়া এই সমস্যা বোৰ আঁতৰিব।’

ইফালে মনৰ উগ্বিগ্নতাৰ বাবে বিৰাটে এনে পৰিস্থিতিৰ সন্মুখীন  হোৱা বুলি মন্তব্য সুনীল গাভাস্কাৰৰ। গাভাস্কাৰে কয়, ‘কোনো বেটছমেনে ১০-১২ টা বল খেলাৰ পাছত তেওঁৰ ভৰি লৰচৰ কৰিছে নে নাই বুজিব পাৰি। কিন্তু একেৰাহে দুখন খেলত প্ৰথম বলত আউট হোৱাৰ অৰ্থ হৈছে তেওঁ চিন্তিত, উদ্বিগ্ন হ'বলৈ আৰম্ভ কৰিছে।’

কোহলীৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল তেওঁৰ বৰ্তমানৰ পৰিসংখ্যা।ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ নেতৃত্ব ত্যাগৰ পাছৰে পৰা কোহলীৰ বেটত নাই আকাংক্ষিত ৰান। পাছে এয়া এক সাধাৰণ সমস্যা বুলি মন্তব্য কেভিন পিটাৰছনৰ। তেওঁ কয়, ‘বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলে এনে ধৰণৰ পৰিস্থিতিৰ মাজেৰে যোৱা আমি দেখিছো। বিৰাটো ব্যতিক্ৰম নহয়। কিংবদন্তি ক্ৰিকেটাৰসকলেও হেৰুৱাইছিল ছন্দ, পুনৰ উভতি আহিছিল।বিৰাটো ছন্দলৈ ঘূৰি আহিব। ’

পিছে বিৰাটে ছন্দলৈ উভতিবলৈ আৰু কিমান দিন লাগিব? ইয়াৰ উত্তৰ কোনেও দিব নোৱাৰে। কিন্তু বিৰাটৰ বেটত ৰান নহাৰ ফল ভুগিবলগীয়া হৈছে আৰচিবিয়ে। আগৰ খেলখনতো মাত্ৰ ৬৮ৰানতে আটাইকেইটা উইকেট হেৰুৱাইছিল দলটোৱে। আজি ৰাজস্থানৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজ দিয়াতো জৰুৰী হৈ পৰিছে দলটোৰ বাবে। পূৰ্বৰ দৰে আজিও বিৰাট অনুৰাগীয়ে প্ৰিয় তাৰকাগৰাকীৰ বেটৰ ঝংকাৰ দেখিবলৈ পাব বুলি অধীৰ আগ্ৰহেৰে ৰৈ আছে। পিছে বিৰাটে অনুৰাগীৰ এই প্ৰত্যাশা পূৰণত কিমানদূৰ সফল হয় সেয়াহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন