--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিল-আৰ্জেণ্টিনাৰ মেচ বুলি ক’লেই যেন এক ৰোমাঞ্চ, অন্তহীন কৌতুহল। দুই পাৱাৰ হাউছৰ দুভৰিৰ যাদু চাবলৈ ৰৈ থাকে অগণন ক্ৰীড়াপ্ৰেমী। কাটাৰ বিশ্বকাপৰ দিন চমু চাপি অহাৰ লগে লগে মেছী-নেইমাৰক লৈ সঘনাই আলোচনা হোৱা দেখা গৈছে।কোনজন তাৰকাই কিদৰে উজলি উঠিব বিশ্বকাপত? কাৰ দুভৰিৰে আহিব সৰ্বাধিক গল? মুঠতে নানা প্ৰশ্নই এতিয়া দোলা গৈছে অনুৰাগীৰ মনত। তাৰে মাজতে সামাজিক মাধ্যমত নানা অযুক্তিকৰ কথা ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে।  

বিশেষকৈ, আৰ্জেণ্টিনাই বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলত ব্ৰাজিলৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ কথা আছিল। কিন্তু আৰ্জেণ্টিনাৰ ফুটবলাৰসকলে  কৰ’না বিধি অনুসৰণ নকৰা বাবে খেলখন আৰম্ভ হোৱাৰ অলপ পিছতে ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰভাৱত বাতিল কৰে খেলখন। 

খেলখন এ‌ইবৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিব পৰাকৈ আন্তৰ্জাতিক ফুটবল নিয়ন্ত্ৰক সংস্থা ফিফাৰ দ্বাৰা সূচী নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে, খেলখন ক’ত অনুষ্ঠিত হ’ব সেয়া এতিয়াও চূড়ান্ত কৰা হোৱা নাই।

কিন্তু আৰ্জেণ্টিনাই ব্ৰাজিলৰ সৈতে খেলখন খেলিব বিচৰা নাই বুলি এতিয়া খবৰ ওলাইছে। আৰ্জেণ্টিনাৰ ফুটবল ৱেবছাইটত প্ৰকাশ পাইছে এই খবৰ। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ পৰ্ব ইতিমধ্যে সমাপ্ত হৈছে। ব্ৰাজিল-আৰ্জেণ্টিনা দুয়োটা দলেই কাটাৰ বিশ্বকাপৰ বাবে তেওঁলোকৰ টিকট নিশ্চিত কৰিছে। সেয়েহে এই খেলখন গুৰুত্বহীন হৈ পৰিছে বুলি আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনে  যুক্তি প্ৰদান কৰিছে।

ইয়াৰোপৰি আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনৰ দ্বিতীয়টো যুক্তি হৈছে, ব্ৰাজিল-আৰ্জেণ্টিনাৰ মাজত এখন প্ৰীতি মেচ অনুষ্ঠিত হোৱাৰ কথা আছে জুন মাহত। খেলখনৰ টিকটো বিক্ৰী হৈ গৈছে। বিজ্ঞাপন সম্প্ৰচাৰ কোম্পানীকে ধৰি কোটি কোটি টকাৰ বিনিয়োগ নিহিত হৈ আছে এই মেচখনত। সেয়েহে মেচখন বাতিল কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে আয়োজক মণ্ডলীয়ে।

তেন্তে, ফিফাৰ নিৰ্দেশ অনুসৰি দুই মাহ পাছতেই আকৌ এবাৰ নেইমাৰৰ মুখামুখি হ’ব লাগিব মেছী বাহিনীয়ে। ইফালে আকৌ ইয়াৰ দুমাহ পাছতেই বিশ্বকাপ। সেইবাবে বিশ্বকাপৰ পূৰ্বে নেইমাৰ বাহিনীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলৈ বিচৰা নাই মেছীৰ আৰ্জেণ্টিনাই।

অৱশ্যে, ১জুনত ইংলেণ্ডৰ ৱেম্বলিত ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৬জুনত ইজৰাইলৰ বিৰুদ্ধে এখন প্ৰীতি মেচ খেলিব আৰ্জেণ্টিনাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত