--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিল-আৰ্জেণ্টিনাৰ মেচ বুলি ক’লেই যেন এক ৰোমাঞ্চ, অন্তহীন কৌতুহল। দুই পাৱাৰ হাউছৰ দুভৰিৰ যাদু চাবলৈ ৰৈ থাকে অগণন ক্ৰীড়াপ্ৰেমী। কাটাৰ বিশ্বকাপৰ দিন চমু চাপি অহাৰ লগে লগে মেছী-নেইমাৰক লৈ সঘনাই আলোচনা হোৱা দেখা গৈছে।কোনজন তাৰকাই কিদৰে উজলি উঠিব বিশ্বকাপত? কাৰ দুভৰিৰে আহিব সৰ্বাধিক গল? মুঠতে নানা প্ৰশ্নই এতিয়া দোলা গৈছে অনুৰাগীৰ মনত। তাৰে মাজতে সামাজিক মাধ্যমত নানা অযুক্তিকৰ কথা ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে।  

বিশেষকৈ, আৰ্জেণ্টিনাই বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলত ব্ৰাজিলৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ কথা আছিল। কিন্তু আৰ্জেণ্টিনাৰ ফুটবলাৰসকলে  কৰ’না বিধি অনুসৰণ নকৰা বাবে খেলখন আৰম্ভ হোৱাৰ অলপ পিছতে ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰভাৱত বাতিল কৰে খেলখন। 

খেলখন এ‌ইবৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিব পৰাকৈ আন্তৰ্জাতিক ফুটবল নিয়ন্ত্ৰক সংস্থা ফিফাৰ দ্বাৰা সূচী নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে, খেলখন ক’ত অনুষ্ঠিত হ’ব সেয়া এতিয়াও চূড়ান্ত কৰা হোৱা নাই।

কিন্তু আৰ্জেণ্টিনাই ব্ৰাজিলৰ সৈতে খেলখন খেলিব বিচৰা নাই বুলি এতিয়া খবৰ ওলাইছে। আৰ্জেণ্টিনাৰ ফুটবল ৱেবছাইটত প্ৰকাশ পাইছে এই খবৰ। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ পৰ্ব ইতিমধ্যে সমাপ্ত হৈছে। ব্ৰাজিল-আৰ্জেণ্টিনা দুয়োটা দলেই কাটাৰ বিশ্বকাপৰ বাবে তেওঁলোকৰ টিকট নিশ্চিত কৰিছে। সেয়েহে এই খেলখন গুৰুত্বহীন হৈ পৰিছে বুলি আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনে  যুক্তি প্ৰদান কৰিছে।

ইয়াৰোপৰি আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনৰ দ্বিতীয়টো যুক্তি হৈছে, ব্ৰাজিল-আৰ্জেণ্টিনাৰ মাজত এখন প্ৰীতি মেচ অনুষ্ঠিত হোৱাৰ কথা আছে জুন মাহত। খেলখনৰ টিকটো বিক্ৰী হৈ গৈছে। বিজ্ঞাপন সম্প্ৰচাৰ কোম্পানীকে ধৰি কোটি কোটি টকাৰ বিনিয়োগ নিহিত হৈ আছে এই মেচখনত। সেয়েহে মেচখন বাতিল কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে আয়োজক মণ্ডলীয়ে।

তেন্তে, ফিফাৰ নিৰ্দেশ অনুসৰি দুই মাহ পাছতেই আকৌ এবাৰ নেইমাৰৰ মুখামুখি হ’ব লাগিব মেছী বাহিনীয়ে। ইফালে আকৌ ইয়াৰ দুমাহ পাছতেই বিশ্বকাপ। সেইবাবে বিশ্বকাপৰ পূৰ্বে নেইমাৰ বাহিনীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলৈ বিচৰা নাই মেছীৰ আৰ্জেণ্টিনাই।

অৱশ্যে, ১জুনত ইংলেণ্ডৰ ৱেম্বলিত ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৬জুনত ইজৰাইলৰ বিৰুদ্ধে এখন প্ৰীতি মেচ খেলিব আৰ্জেণ্টিনাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ