--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় তাৰকা বক্সাৰ মেৰী কমৰ বিবাহ বিচ্ছেদ হ’ব বুলি বহুদিনৰ পৰা চৰ্চাত আছিল। অৱশেষত ৩০ এপ্ৰিলত অলিম্পিকৰ পদক বিজয়ী বক্সাৰ মেৰী কমে স্বামী কাৰুং অনলেৰৰ সৈতে বিবাহ বিচ্ছেদ আনুষ্ঠানিকভাৱে নিশ্চিত কৰে। 

তেওঁ কয় যে ২০২৩ চনৰ ২০ ডিচেম্বৰতে পৰিয়াল আৰু বয়োজ্যেষ্ঠ উভয়ৰে উপস্থিতিত পাৰস্পৰিক সন্মতিৰে আইনী প্ৰথা অনুসৰি দুয়োৰে বিচ্ছেদ হয়।কিন্তু এতিয়াহে সেই কথা মুকলিকৈ প্ৰকাশ কৰিলে মেৰী কমে। ২০০৫ চনত দুয়োৰে বিয়া হৈছিল। 

এই বিষয়ত তেওঁ মুখ খোলাৰ এটাই কাৰণ সেয়া হৈছে বহুতে তেওঁৰ ব্যক্তিগত জীৱনৰ উৰাবাতৰি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল।
দাবী কৰা হৈছিল যে মেৰী কম বক্সিং ফাউণ্ডেশ্যনৰ ব্যৱসায়িক অংশীদাৰ তথা অধ্যক্ষ হিতেশ চৌধুৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে মেৰী কমৰ৷ অন্যহাতে আন এজন বক্সাৰৰ স্বামীৰ সৈতেও প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছিল। 

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মেৰী কমে তেওঁৰ দ্বাৰা জাৰি কৰা আইনী জাননী শ্বেয়াৰ কৰে। বিবৃতি অনুসৰি হিতেশ চৌধুৰী বা আন কাৰোবাৰ লগত ডেটিং কৰাৰ উৰাবাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি উল্লেখ কৰা হৈছে। বিবৃতিটোত সংবাদ মাধ্যমক তেওঁলোকৰ গোপনীয়তাক সন্মান জনোৱাৰ লগতে ভুল তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈও আহ্বান জনোৱা হৈছে।

ইয়াত সকীয়াই দিয়া হৈছে যে যদিহে নিৰ্দেশনা মানি নচলে তেন্তে মানহানি আৰু গোপনীয়তা আইন উলংঘাকে ধৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মেৰী কমে প্ৰকাশ কৰে যে যোৱা দুবছৰ তেওঁৰ বাবে ব্যক্তিগতভাৱে কঠিন হৈ পৰিছে আৰু তেওঁৰ অনুৰাগী, বন্ধু-বান্ধৱী আৰু জনসাধাৰণক তেওঁক প্ৰয়োজনীয় স্থান দিবলৈ আহ্বান জনায়।

উল্লেখ্য যে ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিকত মেৰী কমে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ উপৰিও ৪২ বছৰীয়া বক্সাৰগৰাকীয়ে বিশ্ব চেম্পিয়নশ্বিপত ৬টা স্বৰ্ণসহ ৮টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্ব চেম্পিয়নশ্বিপত ৬টা স্বৰ্ণ পদক লাভ কৰা বিশ্বৰ একমাত্ৰ মহিলা বক্সাৰ। ২০০৬ চনত পদ্মশ্ৰী, ২০১৩ চনত পদ্মভূষণ, ২০২০ চনত পদ্ম বিভূষণ বঁটা লাভ কৰিছে মেৰী কমে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ