--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় তাৰকা বক্সাৰ মেৰী কমৰ বিবাহ বিচ্ছেদ হ’ব বুলি বহুদিনৰ পৰা চৰ্চাত আছিল। অৱশেষত ৩০ এপ্ৰিলত অলিম্পিকৰ পদক বিজয়ী বক্সাৰ মেৰী কমে স্বামী কাৰুং অনলেৰৰ সৈতে বিবাহ বিচ্ছেদ আনুষ্ঠানিকভাৱে নিশ্চিত কৰে। 

তেওঁ কয় যে ২০২৩ চনৰ ২০ ডিচেম্বৰতে পৰিয়াল আৰু বয়োজ্যেষ্ঠ উভয়ৰে উপস্থিতিত পাৰস্পৰিক সন্মতিৰে আইনী প্ৰথা অনুসৰি দুয়োৰে বিচ্ছেদ হয়।কিন্তু এতিয়াহে সেই কথা মুকলিকৈ প্ৰকাশ কৰিলে মেৰী কমে। ২০০৫ চনত দুয়োৰে বিয়া হৈছিল। 

এই বিষয়ত তেওঁ মুখ খোলাৰ এটাই কাৰণ সেয়া হৈছে বহুতে তেওঁৰ ব্যক্তিগত জীৱনৰ উৰাবাতৰি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল।
দাবী কৰা হৈছিল যে মেৰী কম বক্সিং ফাউণ্ডেশ্যনৰ ব্যৱসায়িক অংশীদাৰ তথা অধ্যক্ষ হিতেশ চৌধুৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে মেৰী কমৰ৷ অন্যহাতে আন এজন বক্সাৰৰ স্বামীৰ সৈতেও প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছিল। 

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মেৰী কমে তেওঁৰ দ্বাৰা জাৰি কৰা আইনী জাননী শ্বেয়াৰ কৰে। বিবৃতি অনুসৰি হিতেশ চৌধুৰী বা আন কাৰোবাৰ লগত ডেটিং কৰাৰ উৰাবাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি উল্লেখ কৰা হৈছে। বিবৃতিটোত সংবাদ মাধ্যমক তেওঁলোকৰ গোপনীয়তাক সন্মান জনোৱাৰ লগতে ভুল তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈও আহ্বান জনোৱা হৈছে।

ইয়াত সকীয়াই দিয়া হৈছে যে যদিহে নিৰ্দেশনা মানি নচলে তেন্তে মানহানি আৰু গোপনীয়তা আইন উলংঘাকে ধৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মেৰী কমে প্ৰকাশ কৰে যে যোৱা দুবছৰ তেওঁৰ বাবে ব্যক্তিগতভাৱে কঠিন হৈ পৰিছে আৰু তেওঁৰ অনুৰাগী, বন্ধু-বান্ধৱী আৰু জনসাধাৰণক তেওঁক প্ৰয়োজনীয় স্থান দিবলৈ আহ্বান জনায়।

উল্লেখ্য যে ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিকত মেৰী কমে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ উপৰিও ৪২ বছৰীয়া বক্সাৰগৰাকীয়ে বিশ্ব চেম্পিয়নশ্বিপত ৬টা স্বৰ্ণসহ ৮টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্ব চেম্পিয়নশ্বিপত ৬টা স্বৰ্ণ পদক লাভ কৰা বিশ্বৰ একমাত্ৰ মহিলা বক্সাৰ। ২০০৬ চনত পদ্মশ্ৰী, ২০১৩ চনত পদ্মভূষণ, ২০২০ চনত পদ্ম বিভূষণ বঁটা লাভ কৰিছে মেৰী কমে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
যমুনামুখত মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা; ৰে'ল বিভাগৰ উৰণসেতু মুকলি
আফ্ৰিকান ছ’ৱাইন ফিভাৰৰ সংক্ৰমণ ; গাহৰি পালকক সজাগ হ'বলৈ আহ্বান বিশ্বনাথৰ পশু চিকিৎসা বিভাগৰ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ