--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কমনৱেলথ গে'মছ ২০১০ (চি ডব্লিউ জি)ৰ সন্দৰ্ভত ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত আইন বলৱৎকাৰী সঞ্চালকালয়ৰ তদন্ত দিল্লীৰ এখন আদালতে আনুষ্ঠানিকভাৱে বন্ধ কৰে। কেন্দ্ৰীয় সংস্থাটোৱে দাখিল কৰা তদন্ত বন্ধৰ প্ৰতিবেদন (ক্ল'জাৰ ৰিপ'ৰ্ট) আদালতে গ্রহণ কৰাৰ পাছত কেইবা বছৰজোৰা তদন্তত আঁৰ কাপোৰ পৰিল। 

আয়োজক সমিতিৰ প্রাক্তন অধ্যক্ষ সুৰেশ কালমাদী আৰু তদানীন্তন সচিব প্রধান ললিত ভানোতকে ধৰি অন্যসকলৰ সন্দৰ্ভত ই ডিয়ে দাখিল কৰা তদন্ত বন্ধৰ প্রতিবেদন আদালতে আনুষ্ঠানিকভাবে গ্রহণ কৰে। ই ডিয়ে দাখিল কৰা ক্ল'জাৰ ৰিপ'ৰ্টত কোৱা হৈছে যে তদন্তৰ সময়ত ধনৰ অবৈধ সৰবৰাহৰ অপৰাধ পোৱা নগ'ল। উল্লেখযোগ্য যে ২০১০ চনত ভাৰতত অনুষ্ঠিত কমনৱেলথ গেমছৰ সময়ত ধনৰ অবৈধ সৰবৰাহ হৈছে বুলি উঠা অভিযোগৰো এই তদন্ত বন্ধৰ প্রতিবেদনে অন্ত পেলালে। ই ডিয়ে গ্রহণ কৰা এই তদন্ত বন্ধ হ'বলৈ সময় ল'লে ১৩ বছৰ। 

উল্লেখযোগ্য যে চিবি আইৰ যিটো গোচৰৰ ভিত্তিত ই ডিয়ে ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল চি বি আইৰ উক্ত গোচৰো প্ৰায় এটা দশকৰ আগতে বন্ধ হৈছিল। 'তদন্তৰ সময়ত অপৰাধত লিপ্ত কৰাব পৰা কোনো সাক্ষ্য-প্রমাণ পোৱা নহ'ল' বুলি ২০১৪ চনৰ জানুৱাৰীত চি বি আয়ে ক্ল'জাৰ ৰিপ'ৰ্ট দাখিল কৰিছিল। চি বি আয়ে আৰু কৈছিল যে এফ আই আৰত অনা দুর্নীতিৰ অভিযোগ সাব্যস্ত কৰিব পৰা নহ'ল। উল্লেখযোগ্য যে ২০১০ চনত তেতিয়াৰ ইউ পি এ চৰকাৰৰ সময়ত অনুষ্ঠিত কৰা কমনৱেলথ গেমছত দুর্নীতি হোৱা বুলি উত্থাপিত অভিযোগে দেশত ৰাজনৈতিক কোহালৰ সৃষ্টি কৰিছিল তথা বৰ্তমানৰটোকে ধৰি কেইবাটাও ফৌজদাৰী আৰু ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ