--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কমনৱেলথ গে'মছ ২০১০ (চি ডব্লিউ জি)ৰ সন্দৰ্ভত ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত আইন বলৱৎকাৰী সঞ্চালকালয়ৰ তদন্ত দিল্লীৰ এখন আদালতে আনুষ্ঠানিকভাৱে বন্ধ কৰে। কেন্দ্ৰীয় সংস্থাটোৱে দাখিল কৰা তদন্ত বন্ধৰ প্ৰতিবেদন (ক্ল'জাৰ ৰিপ'ৰ্ট) আদালতে গ্রহণ কৰাৰ পাছত কেইবা বছৰজোৰা তদন্তত আঁৰ কাপোৰ পৰিল। 

আয়োজক সমিতিৰ প্রাক্তন অধ্যক্ষ সুৰেশ কালমাদী আৰু তদানীন্তন সচিব প্রধান ললিত ভানোতকে ধৰি অন্যসকলৰ সন্দৰ্ভত ই ডিয়ে দাখিল কৰা তদন্ত বন্ধৰ প্রতিবেদন আদালতে আনুষ্ঠানিকভাবে গ্রহণ কৰে। ই ডিয়ে দাখিল কৰা ক্ল'জাৰ ৰিপ'ৰ্টত কোৱা হৈছে যে তদন্তৰ সময়ত ধনৰ অবৈধ সৰবৰাহৰ অপৰাধ পোৱা নগ'ল। উল্লেখযোগ্য যে ২০১০ চনত ভাৰতত অনুষ্ঠিত কমনৱেলথ গেমছৰ সময়ত ধনৰ অবৈধ সৰবৰাহ হৈছে বুলি উঠা অভিযোগৰো এই তদন্ত বন্ধৰ প্রতিবেদনে অন্ত পেলালে। ই ডিয়ে গ্রহণ কৰা এই তদন্ত বন্ধ হ'বলৈ সময় ল'লে ১৩ বছৰ। 

উল্লেখযোগ্য যে চিবি আইৰ যিটো গোচৰৰ ভিত্তিত ই ডিয়ে ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল চি বি আইৰ উক্ত গোচৰো প্ৰায় এটা দশকৰ আগতে বন্ধ হৈছিল। 'তদন্তৰ সময়ত অপৰাধত লিপ্ত কৰাব পৰা কোনো সাক্ষ্য-প্রমাণ পোৱা নহ'ল' বুলি ২০১৪ চনৰ জানুৱাৰীত চি বি আয়ে ক্ল'জাৰ ৰিপ'ৰ্ট দাখিল কৰিছিল। চি বি আয়ে আৰু কৈছিল যে এফ আই আৰত অনা দুর্নীতিৰ অভিযোগ সাব্যস্ত কৰিব পৰা নহ'ল। উল্লেখযোগ্য যে ২০১০ চনত তেতিয়াৰ ইউ পি এ চৰকাৰৰ সময়ত অনুষ্ঠিত কৰা কমনৱেলথ গেমছত দুর্নীতি হোৱা বুলি উত্থাপিত অভিযোগে দেশত ৰাজনৈতিক কোহালৰ সৃষ্টি কৰিছিল তথা বৰ্তমানৰটোকে ধৰি কেইবাটাও ফৌজদাৰী আৰু ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছিল।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ