--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলছে সোমবাৰে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰণৰ সহায়ত আই পি এলত এক স্মৰণীয় জয় অর্জন কৰে। ৰাজস্থানে ১৫.৫ অ'ভাৰত বৈভৱৰ বিস্ফোৰক চেঞ্চুৰীৰ সহায়ত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। 

গুজৰাট টাইটানছে বান্ধি দিয়া ২১০ ৰানৰ জয়ৰ লক্ষ্য থকা ৰাজস্থানৰ হৈ ইয়াৰ ছৱাই মান সিং ষ্টেডিয়ামত ইনিংছ মুকলি কৰিবলৈ আহে যশস্বী জয়ছোবাল আৰু বৈভৱ। 

বৈভবে বেটিং আৰম্ভ কৰিয়েই খেল পথাৰত ধুমুহাৰ সৃষ্টি কৰে। তেওঁ মাত্র ৩৫টা বলত চেঞ্চুৰী কৰি কেইবাটাও অভিলেখ গঢ়ে। আই পি এলত চেঞ্চুৰী কৰা তেওঁ সৰ্ব কনিষ্ঠ খেলুৱৈ। কেৱল সিমানেই নহয়, টি-২০ ক্রিকেটতো চেঞ্চুৰী কৰা বৈভৱ সর্বকনিষ্ঠ খেলুৱৈৰূপে পৰিগণিত হৈছে। আনহাতে আই পি এলত আটাইতকৈ কম বলত চেঞ্চুৰী কৰা তেওঁ প্রথম ভাৰতীয়। সোমবাৰে তেওঁ ইউছুফ পাঠানৰ ৩৭টা চেঞ্চুৰীৰ অভিলেখ ভংগ কৰে। অৱশ্যে আই পি এলত আটাইতকৈ কম বলত চেঞ্চুৰী কৰাৰ অভিলেখ ক্ৰিছ গেইলৰ। গেইলে ২০১৩ত মাত্র ৩০টা বলত চেঞ্চুৰী কৰিছিল। বৈভবে কালি মহম্মদ ছিৰাজৰ পৰা আৰম্ভ কৰি ঈশান্ত শৰ্মালৈকে গুজৰাট টাইটানছৰ প্ৰায় সকলো বলাৰকে ধোঁৱা-কোঁৱা দেখুৱায়। ঈশান্তৰ এটা অ'ভাৰত বৈভবে ৩টা ছয় আৰু ২টা চাৰিৰে মুঠ ২৬ ৰান সংগ্ৰহ কৰে। 

কেৱল সিমানেই নহয় নৱাগত কৰিম জন্নতৰ এটা অ'ভাৰত তেওঁ ৩০ ৰান সংগ্ৰহ কৰে। কৰিমৰ এইখন আছিল অভিষেক মেচ। বৈভৱৰ ইনিংছটোক লৈ হুইল চেয়াৰত বহি থৰা ৰাজস্থানৰ প্ৰশিক্ষক ৰাহুল দ্রাবিড় ইমানেই 'ৰোমঞ্চিত' হৈ পৰে যে তেওঁ থিয় হৈ দুয়োখন হাত ওপৰলৈ তুলি তেওঁক উৎসাহিত কৰে। বৈভৱে মাত্র ১৪ বছৰ ৩২ দিনত আজি চেঞ্চুৰী কৰি বিশ্ব অভিলেখ গঢ়ে। তেওঁ ৩৮টা বলত ৭টা চাৰি আৰু ১১টা ছয়েৰে ১০১ ৰান কৰি প্ৰসিদ্ধ কৃষ্ণৰ বলত বিদায় লয়। ৰাজস্থানৰ জয়ত জয়ছোৱাল আৰু অধিনায়ক ৰিয়ান পৰাগৰো অৰিহণা আছিল। যশস্বীয়ে ৪০টা বলত ৯টা চাৰি আৰু ২টা ছয়েৰে ৭০ ৰানত আৰু ৰিয়ান ১৫টা বলত ২টা চাৰি আৰু ২টা ছয়েৰে ৩২ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ আগতে গুজৰাটে অধিনায়ক শুভমন গীলৰ ৮৪ আৰু যোছ বাটলাৰৰ ৫০ ৰানৰ সহায়ত চাৰি উইকেট হেৰুৱাই ১০৯ ৰান কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ