--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধানক অপসাৰণৰ বাবে বিজেপি চৰকাৰক লক্ষ্য কৰি লৈছে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে৷ সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে এটা টুইটত কয়, উত্তৰ প্ৰদেশৰ ডিজিপিগৰাকীক আঁতৰাই দিয়াৰ ফলত ৰাজ্যখনৰ আৰক্ষীবাহিনীৰ মনোবল হ্ৰাস পাইছে৷ সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে আজি যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনক উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান মুকুল গোৱেলক অপসাৰণ কৰা বিষয়টোক কেন্দ্ৰ কৰি সমালোচনাৰ লক্ষ্য কৰি লয়৷  

উত্তৰ প্ৰদেশ চৰকাৰক আক্ৰমণ কৰি তেওঁ কয়, এই কাৰ্যই ৰাজ্যখনৰ আৰক্ষীৰ মনোবল হ্ৰাস কৰিব। টুইটটোত তেওঁ লগতে লিখিছে, চৰকাৰী কামত অৱজ্ঞা, বিভাগীয় কামত অনাগ্ৰহী আৰু অদক্ষ আছিল বুলি কৰা অভিযোগত উত্তৰ প্ৰদেশৰ ডিজিপিক আঁতৰোৱাটো এটা অতি শিশুসুলভ অজুহাত। এই কাৰ্যই ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ মনোবল হ্ৰাস কৰিছে।

তেওঁ লগতে ডিজিপিগৰাকীৰ নিযুক্তিৰ সময়ত গোৱেলৰ যোগ্যতা পৰীক্ষা কৰা হৈছিল নে নাই বুলিও প্ৰশ্ন কৰে৷ তেনেক্ষেত্ৰত যিসকলে তেওঁক বাছনি কৰিছিল তেওঁলোকো দোষী বুলি তেওঁ টুইটযোগে উল্লেখ কৰে।

উল্লেখযোগ্য যে, গোৱেলক ১১ মে’ত অদক্ষতা আৰু তেওঁৰ কামত অৱহেলা কৰাৰ অভিযোগত ডিজিপি পদৰ পৰা আঁতৰাই দিয়া হৈছিল। তেওঁক অসামৰিক প্ৰতিৰক্ষা সঞ্চালক প্ৰধান (ডিজি) হিচাপে নিযুক্ত কৰা হৈছিল। পিছত, ডি.এছ. চৌহানক ৰাজ্যখনৰ কাৰ্যকৰী ডিজিপি হিচাপে নিযুক্ত কৰা হয়।

১৯৮৭ বৰ্ষৰ এজন আইপিএছ বিষয়া মুকুল গোৱেলক বিগত বৰ্ষৰ জুনত উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ আগতে তেওঁ সীমান্ত সুৰক্ষা বাহিনীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মুজাফ্ফৰনগৰত জন্মগ্ৰহণ কৰা গোৱেলে দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ টেকন’লজীৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিক বিষয়ত বিটেক ডিগ্ৰী লাভ কৰিছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান