--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধানক অপসাৰণৰ বাবে বিজেপি চৰকাৰক লক্ষ্য কৰি লৈছে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে৷ সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে এটা টুইটত কয়, উত্তৰ প্ৰদেশৰ ডিজিপিগৰাকীক আঁতৰাই দিয়াৰ ফলত ৰাজ্যখনৰ আৰক্ষীবাহিনীৰ মনোবল হ্ৰাস পাইছে৷ সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে আজি যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনক উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান মুকুল গোৱেলক অপসাৰণ কৰা বিষয়টোক কেন্দ্ৰ কৰি সমালোচনাৰ লক্ষ্য কৰি লয়৷  

উত্তৰ প্ৰদেশ চৰকাৰক আক্ৰমণ কৰি তেওঁ কয়, এই কাৰ্যই ৰাজ্যখনৰ আৰক্ষীৰ মনোবল হ্ৰাস কৰিব। টুইটটোত তেওঁ লগতে লিখিছে, চৰকাৰী কামত অৱজ্ঞা, বিভাগীয় কামত অনাগ্ৰহী আৰু অদক্ষ আছিল বুলি কৰা অভিযোগত উত্তৰ প্ৰদেশৰ ডিজিপিক আঁতৰোৱাটো এটা অতি শিশুসুলভ অজুহাত। এই কাৰ্যই ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ মনোবল হ্ৰাস কৰিছে।

তেওঁ লগতে ডিজিপিগৰাকীৰ নিযুক্তিৰ সময়ত গোৱেলৰ যোগ্যতা পৰীক্ষা কৰা হৈছিল নে নাই বুলিও প্ৰশ্ন কৰে৷ তেনেক্ষেত্ৰত যিসকলে তেওঁক বাছনি কৰিছিল তেওঁলোকো দোষী বুলি তেওঁ টুইটযোগে উল্লেখ কৰে।

উল্লেখযোগ্য যে, গোৱেলক ১১ মে’ত অদক্ষতা আৰু তেওঁৰ কামত অৱহেলা কৰাৰ অভিযোগত ডিজিপি পদৰ পৰা আঁতৰাই দিয়া হৈছিল। তেওঁক অসামৰিক প্ৰতিৰক্ষা সঞ্চালক প্ৰধান (ডিজি) হিচাপে নিযুক্ত কৰা হৈছিল। পিছত, ডি.এছ. চৌহানক ৰাজ্যখনৰ কাৰ্যকৰী ডিজিপি হিচাপে নিযুক্ত কৰা হয়।

১৯৮৭ বৰ্ষৰ এজন আইপিএছ বিষয়া মুকুল গোৱেলক বিগত বৰ্ষৰ জুনত উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ আগতে তেওঁ সীমান্ত সুৰক্ষা বাহিনীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মুজাফ্ফৰনগৰত জন্মগ্ৰহণ কৰা গোৱেলে দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ টেকন’লজীৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিক বিষয়ত বিটেক ডিগ্ৰী লাভ কৰিছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?