--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত নিজৰ সৌন্দৰ্যৰ ওপৰত সকলোৱে মনোনিবেশ কৰে। মুখমণ্ডলৰ সৌন্দৰ্য বঢ়োৱাত ব্যস্ত হৈ অধিকাংশই শৰীৰৰ বাকী অংশৰ যত্নৰ বিষয়ে পাহৰি যায়। আমি প্ৰতিদিনে পুৱা আৰু গধূলি মুখখন ফেচৱাশ্বৰে ধুও কিন্তু ডিঙি চাফা কৰিবলৈ পাহৰি যাওঁ। 

প্ৰায়ে দেখিবলৈ পোৱা যায় যে, কোনো এগৰাকী পুৰুষ অথবা মহিলাৰ মুখখন জিলিকি আছে কিন্তু ডিঙিটো যথেষ্ট ক'লা। ক'লা ডিঙিয়ে কেৱল আপোনাৰ সৌন্দৰ্যই হ্ৰাস নকৰে, বহু ক্ষেত্ৰত ই আপোনাক লাজতো পেলায়। এতিয়া জানো আহক ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা কিদৰে ক'লা ডিঙি চাফা কৰিব পাৰি।


বেচনৰ পেষ্ট - বেচন, হালধি, নেমুৰ ৰস আৰু দৈ ভালদৰে মিহলি কৰি এটা ডাঠ পেষ্ট প্ৰস্তুত কৰক।ইয়াক ডিঙিত ভালদৰে প্ৰয়োগ কৰি ১৫-২০ মিনিটৰ বাবে শুকাবলৈ এৰি দিয়ক। সপ্তাহত ২-৩ বাৰ এনে কৰিলে পাৰ্থক্য নিজেই দেখিবলৈ পাব। এই পেষ্টটো নি‌য়মিতভাৱে ব্যৱহাৰ কৰিলে আপোনাৰ ক’লা ডিঙিটো নিশ্চিতভাৱে চাফা হ’ব ।

হালধি আৰু গাখীৰ - হালধি আৰু গাখীৰৰ দ্বাৰাও ডিঙি ক'লা আঁৰত কৰিব পাৰি । এই পেষ্টটো প্ৰস্তুত কৰিবলৈ এচামুচ গাখীৰ, এচামুচ হালধি আৰু এক চামুচ বেচন মিহলাই ডিঙিত লগাওক ।এই প্ৰক্ৰিয়াটো এসপ্তাহ ব্যৱহাৰ কৰিলে আপোনাৰ ডিঙি নিশ্চয় পৰিষ্কাৰ হ’ব ।

বাদাম তেল - এটুকুৰা কপাহ লৈ তাত কেইটোপালমান বাদাম তেল লওঁক আৰু ডিঙিত প্ৰয়োগ কৰক।কিছু সময়ৰ বাবে হাতেৰে ডিঙিটো মালিচ কৰক। কেইদিনমানৰ বাবে একেৰাহে এনে কৰিলে আপোনাৰ ডিঙিৰ ক'লা দাগ নাইকীয়া হৈ পৰিব।

এল’ভেৰা জেল -
ডিঙিটো এল’ভেৰা জেলৰ সৈতে ৫ মিনিটৰ বাবে মালিচ কৰক।তাৰ পিছত ইয়াক ৩০ মিনিটৰ বাবে এৰি দিয়ক। ই ডিঙিৰ ক'লা আঁতৰ কৰে।


বিলাহী -
বিলাহী ব্যৱহাৰ কৰিলেও ডিঙিৰ ক’লা দাগ আঁতৰাব পাৰিব ৷ ইয়াক ব্যৱহাৰ কৰিবলৈ চাৰি চামুচ গাখীৰ আৰু এটা গুড়ি বিলাহী ভালদৰে মিহলাই ডিঙিত লগাব ৷ তাৰ পিচত শুকাবলৈ এৰি দিব । শুকাই গ’লে ডিঙিটো পৰিষ্কাৰ পানীৰে ধুই দিব ৷ এই পেকটো সপ্তাহত দুবাৰৰ পৰা তিনিবাৰ ব্যৱহাৰ কৰিলে আপোনাৰ সমস্যাৰ সমাধান হ’ব ।

কেঁচা অমিতা -
কেঁচা অমিতা পিচি লৈ গোলাপ জল আৰু এক চামুচ দৈ মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক। এই পেষ্টটো ডিঙিত প্ৰয়োগ কৰক আৰু ইয়াক কিছু সময়ৰ বাবে শুকাবলৈ দিয়ক।এনেদৰে সপ্তাহত কমেও এবাৰ কৰিবলৈ চেষ্টা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ