--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নামনি অসমৰ উৰ্বৰ কৃষিভূমি সম্প্ৰতি প্ৰদূষণৰ কবলত পৰিছে। বায়ু প্ৰদূষণ, পানী প্ৰদূষণৰ ভয়াৱহতাৰ পাছত মাটি প্ৰদূষণৰ বৰ্ধিত পৰিমাণে চিন্তিত কৰি তুলিছে নামনি অসমৰ কৃষকসকলক। কৃষি গৱেষকসকলৰ তথ্য মতে নামনি অসমৰ মাটিত ৰাসায়নিক পদার্থ, বিষাক্ত ধাতুৰ উপস্থিতিয়ে বিপদাপন্ন কৰি তুলিছে জনজীৱন। এই পৰিঘটনাই পৰিৱেশ তথা জীৱ-বৈচিত্র্যলৈও ভাবুকি কঢ়িয়াইছে। কিয়নো, ৰাজ্যৰ কৃষিভূমি প্ৰদূষিত হোৱাৰ লগে লগে ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰিছে খাদ্য-শৃংখলত।

বিশেষকৈ নামনি অসমৰ খেতিপথাৰত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা ভূ-গর্ভস্থ পানীৰ ফলতে প্রধানতঃ উৎপাদিত শস্যত আছেনিকৰ মাত্রা বৃদ্ধি পাবলৈ ধৰিছে। গৱেষকসকলৰ মতে কেৱল নামনি অসমতেই নহয়, বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগতো ইয়াৰ মাত্ৰাধিক্য বৃদ্ধি পাবলৈ ধৰিছে। উল্লেখযোগ্য যে নামনি অসমত ব্যাপক হাৰত ধান খেতি আৰু বিভিন্ন শাক-পাচলিৰ খেতি কৰা হয়। এই খেতিসমূহত জলসিঞ্চনৰ বাবে ভূ-গর্ভস্থ পানী ব্যৱহাৰ কৰা হয়। লগতে মাত্রাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়।

ভূ-গর্ভস্থ পানী ব্যাপক ৰূপত ৰাসায়নিক পদার্থ থকাত এই পদার্থ স্বাভাৱিকতে খাদ্য-শৃংখললৈ অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে। শেহতীয়াকৈ খাদ্য-শৃংখলত ৰাসায়নিক পদাৰ্থৰ মাত্রা বৃদ্ধিৰ বৰ উদ্বেগজনক তথ্য প্রকাশ কৰিছে অসমৰ লগতে বিশ্বৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ গৱেষক দলে। তদুপৰি বিজ্ঞান জার্নালতো শেহতীয়াকৈ এই বিষয়ে গৱেষণামূলক তথ্য প্রকাশ পাইছে। 'দ্য লেন্সেট প্লেনেটাৰী হেল্থ' নামৰ জার্নেল এখনৰ শেহতীয়া সংখ্যাত প্রকাশিত তথ্য অনুসৰি ক'ব পাৰি যে খাদ্য শস্যত আছেনিকৰ মাত্রা অধিক হৈছে। ইয়াৰ ফলত ২০৫০ চনৰ ভিতৰত এছিয়াৰ দেশবোৰৰ লোকসকলৰ দেহত কর্কট ৰোগৰ আশংকা বৃদ্ধি পোৱাৰ লগতে স্বাস্থ্যজনিত বিভিন্ন বিপদ অনিবার্য হোৱাৰ সম্ভাৱনা আছে। 

ধান আৰু পাচলিত আছেনিকৰ মাত্রা বৃদ্ধিৰ পৰিণতি স্বৰূপে হাঁওফাঁও, মূত্রাশয় আৰু ছালৰ কৰ্কট ৰোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক। আনকি ৰন্ধা-বঢ়াত ব্যৱহাৰ হোৱা পানীৰ পৰাও চাউলে অতিৰিক্ত আছেনিক শোষণ কৰে। ফলত হৃদৰোগ আৰু মধুমেহ ৰোগত আক্রান্ত লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। অলপতে ৰাজ্যখনৰ খেতিপথাৰত আৰ্ছেনিকৰ গুৰুতৰ প্ৰভাৱৰ কথা স্পষ্ট কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকেও।

দুবছৰ ধৰি চলোৱা এক অধ্যয়নত অসম কৃষি বিশ্ববিদ্যালয়ে ৰাজ্যত উৎপাদিত ধানত আছেনিকৰ উপস্থিতি ধৰা পেলাইছে। বিশ্ববিদ্যালয়খনৰ ভূমি বিজ্ঞান বিভাগৰ অধ্যাপক সমীৰণ দত্তৰ নেতৃত্বত চলা এক অধ্যয়নত প্রকাশ পাইছে এই কথা। তথ্য অনুসৰি ৰাজ্যখনৰ ১৮খন জিলাৰ ভিতৰত নামনি অসমৰ বাক্সা, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, দৰং, ধুবুৰী, নলবাৰী, দক্ষিণ শালমাৰা -মানকাচৰ, চিৰাং আদি জিলাৰ ভূগর্ভস্থ পানীত মাত্রাধিক আছেনিকৰ উপস্থিতি ধৰা পৰিছে। 'জার্নেল অব্ এপলাইড বায়'লজি এণ্ড বায়'টেকন'লজি' নামৰ আলোচনীখনে প্ৰকাশ কৰা গৱেষণামূলক প্রবন্ধ মতে খাদ্য-শৃংখলত মাত্রাধিক আর্জেনিক কেৱল ধানতেই নহয়, ভূগর্ভস্থ পানী সেৱন কৰা গৰু-ম'হৰ গাখীৰ আৰু পশুধনৰ মাংসতো ইয়াৰ উপস্থিতি ধৰা পৰিছে। ফলত ইয়াৰ পৰিণতি স্বৰূপে মানৱ দেহৰ প্ৰতি গভীৰ ভাবুকি কঢ়িয়াই আনিছে। বিভিন্ন অঞ্চলৰ লগতে বিশেষকৈ নামনি অসমত উৎপাদিত ধানত আছেনিকৰ উপস্থিতি ধৰা পৰাটো কৃষি বিজ্ঞানীসকলৰ লগতে কৃষক আৰু ৰাইজৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement