--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : খং মানুহৰ সকলোতকৈ ডাঙৰ শত্ৰু। কথাতেই কয়, খং মানেই চণ্ডাল ৷ অৰ্থাৎ খং উঠি থকা এজন ব্যক্তি চণ্ডাললৈ পৰিৱৰ্তিত হয় ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে বহুতৰ লগত বহু সময়ত অঘটন ঘটে ৷ কেতিয়াবা বিশেষ কাৰণত সকলোৰে খং উঠে। এয়া হৈছে আৱেগিক প্ৰতিক্ৰিয়া। কিন্তু আজিকালি প্ৰায় সংখ্যক লোকৰে অতি সোনকালে খং উঠে। খঙত দিক্-বিদিক হেৰুৱাই পেলাই একাংশই। বহু সময়ত আমি খঙত নিজকে বা আনক আঘাত দিওঁ। 

কিন্তু এনে পৰিস্থিতিত শান্ত হৈ থকা আৰু খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। এতিয়া জানো আহক খং কেনেকৈ সহজে নিয়ন্ত্ৰণ কৰিব পাৰি -

সঠিক টোপনি : পৰ্যাপ্ত টোপনিৰ অভাৱৰ ফলত খং বৃদ্ধি হয় ৷ সেয়েহে, দৈনিক কমেও ৭-৮ ঘণ্টা টোপনি যাবলৈ চেষ্টা কৰিব ৷ 

গভীৰ উশাহ : যেতিয়াই আপুনি খং অনুভৱ কৰে, লগে লগে আপোনাৰ উশাহ-নিশাহত গুৰুত্ব দিব ৷ যদি কোনো কথাত প্ৰচণ্ড খং উঠে তেতিয়া তিনিবাৰ দীঘলকৈ উশাহ ল’বলৈ চেষ্টা কৰক। ই আপোনাৰ শৰীৰ আৰু মনক শিথিল কৰাত সহায় কৰিব।

অনুভূতি প্ৰকাশ কৰিব : যদি পৰিস্থিতিটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা যেন লাগে, তেন্তে কিছু সময়ৰ বাবে ইয়াৰ পৰা আঁতৰি যাওক। ফুৰিবলৈ যাওক, পানী খাওক বা কোনো প্ৰিয় গীত এটা শুনক। আনহাতে খং উঠিলে মনে মনে বা অকলে নাথাকিব ৷ আপোনাৰ ওচৰে-পাঁজৰে থকা লোকৰ সৈতে কথা পাতি মনৰ ভাব প্ৰকাশ কৰিব ৷

ষ্ট্ৰেচ বলৰ সহায় : খং শান্ত কৰিবলৈ আপুনি ষ্ট্ৰেচ বলৰ সহায় ল’ব পাৰে।

ইতিবাচক মনোভাব : খঙৰ সময়ত আমাৰ মনটোৱে নেতিবাচক কথাবোৰত অধিক মনোনিৱেশ কৰে। প্ৰতিটো পৰিস্থিতিত নেতিবাচক চিন্তা কৰাৰ সলনি সমস্যাটোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব ৷ ই খং হ্ৰাস কৰিব আৰু মানসিক শান্তি প্ৰদান কৰিব ৷

ব্যায়াম :নিয়মীয়া ব্যায়ামে চাপ হ্ৰাস কৰে আৰু খং নিয়ন্ত্ৰণত ৰাখে ৷ খোজ কঢ়া, দৌৰা, সাঁতোৰ, আৰু চাইকেল চলোৱা আদি কাৰ্যকলাপো খং নিয়ন্ত্ৰণত সহায়ক  হিচাপে গণ্য কৰা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান