--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : খং মানুহৰ সকলোতকৈ ডাঙৰ শত্ৰু। কথাতেই কয়, খং মানেই চণ্ডাল ৷ অৰ্থাৎ খং উঠি থকা এজন ব্যক্তি চণ্ডাললৈ পৰিৱৰ্তিত হয় ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে বহুতৰ লগত বহু সময়ত অঘটন ঘটে ৷ কেতিয়াবা বিশেষ কাৰণত সকলোৰে খং উঠে। এয়া হৈছে আৱেগিক প্ৰতিক্ৰিয়া। কিন্তু আজিকালি প্ৰায় সংখ্যক লোকৰে অতি সোনকালে খং উঠে। খঙত দিক্-বিদিক হেৰুৱাই পেলাই একাংশই। বহু সময়ত আমি খঙত নিজকে বা আনক আঘাত দিওঁ। 

কিন্তু এনে পৰিস্থিতিত শান্ত হৈ থকা আৰু খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। এতিয়া জানো আহক খং কেনেকৈ সহজে নিয়ন্ত্ৰণ কৰিব পাৰি -

সঠিক টোপনি : পৰ্যাপ্ত টোপনিৰ অভাৱৰ ফলত খং বৃদ্ধি হয় ৷ সেয়েহে, দৈনিক কমেও ৭-৮ ঘণ্টা টোপনি যাবলৈ চেষ্টা কৰিব ৷ 

গভীৰ উশাহ : যেতিয়াই আপুনি খং অনুভৱ কৰে, লগে লগে আপোনাৰ উশাহ-নিশাহত গুৰুত্ব দিব ৷ যদি কোনো কথাত প্ৰচণ্ড খং উঠে তেতিয়া তিনিবাৰ দীঘলকৈ উশাহ ল’বলৈ চেষ্টা কৰক। ই আপোনাৰ শৰীৰ আৰু মনক শিথিল কৰাত সহায় কৰিব।

অনুভূতি প্ৰকাশ কৰিব : যদি পৰিস্থিতিটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা যেন লাগে, তেন্তে কিছু সময়ৰ বাবে ইয়াৰ পৰা আঁতৰি যাওক। ফুৰিবলৈ যাওক, পানী খাওক বা কোনো প্ৰিয় গীত এটা শুনক। আনহাতে খং উঠিলে মনে মনে বা অকলে নাথাকিব ৷ আপোনাৰ ওচৰে-পাঁজৰে থকা লোকৰ সৈতে কথা পাতি মনৰ ভাব প্ৰকাশ কৰিব ৷

ষ্ট্ৰেচ বলৰ সহায় : খং শান্ত কৰিবলৈ আপুনি ষ্ট্ৰেচ বলৰ সহায় ল’ব পাৰে।

ইতিবাচক মনোভাব : খঙৰ সময়ত আমাৰ মনটোৱে নেতিবাচক কথাবোৰত অধিক মনোনিৱেশ কৰে। প্ৰতিটো পৰিস্থিতিত নেতিবাচক চিন্তা কৰাৰ সলনি সমস্যাটোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব ৷ ই খং হ্ৰাস কৰিব আৰু মানসিক শান্তি প্ৰদান কৰিব ৷

ব্যায়াম :নিয়মীয়া ব্যায়ামে চাপ হ্ৰাস কৰে আৰু খং নিয়ন্ত্ৰণত ৰাখে ৷ খোজ কঢ়া, দৌৰা, সাঁতোৰ, আৰু চাইকেল চলোৱা আদি কাৰ্যকলাপো খং নিয়ন্ত্ৰণত সহায়ক  হিচাপে গণ্য কৰা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ