--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতৰ ঠাণ্ডা হওক বা গৰম হওক কিছুমান মানুহৰ ভৰিত অনবৰত ঘাম ওলাই থকাৰ সমস্যা হয়। কিছুমানে ইয়াৰ আঁৰৰ কাৰণটো বিচাৰি উলিয়াই চিকিৎসা কৰে, আনহাতে কিছুমানে ইয়াক আওকাণ কৰি থাকে। এনে অৱস্থাক একেবাৰে সহজভাৱে লোৱা উচিত নহয়। ইয়াৰ আঁৰত বহু কাৰণ আছে। সঠিক সময়ত চিকিৎসা নকৰিলে বহুতো গুৰুতৰ ৰোগেও আপোনাক আগুৰি ধৰিব পাৰে। গতিকে ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক। 

আমাৰ শৰীৰত ভেগাল নামৰ এডাল শিৰা আছে, যাৰ কাম হৈছে ক্ৰিয়া-কলাপৰ লগতে শৰীৰত ঘাম সৃষ্টি কৰা আৰু এই শিৰাডালে দেহ-মগজুক ভৰিৰ লগত সংযোগ কৰে। ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। বিশেষজ্ঞসকলে জনোৱা মতে ভৰি অত্যধিক ঘামি থকাৰ কাৰণ হ’ল মানসিক চাপ, মদ্যপান আৰু শৰীৰত ভিটামিনৰ অভাৱ। 

এনে অৱস্থাত আপুনি আপোনাৰ জীৱনশৈলীৰ উন্নতি কৰিব লাগিব, নহ’লে ভৰিত ঘাম ওলাই থকাৰ সমস্যাৰ বাবে পিছলৈ অসুবিধা হ’ব পাৰে। ইয়াৰ ফলত ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগ হোৱাৰো আশংকা থাকে। ভৰিৰ ঘাম কমোৱাৰ বাবে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লব লাগে। ইয়াৰ ফলত আপুনি ডাঙৰ বিপদৰ পৰা বাচিব পাৰে। বহু সময়ত ভৰিৰ বেক্টেৰিয়াৰ বাবেও এই ধৰণৰ সমস্যাৰ সৃষ্টি হয়, গতিকে সাৱধান হওক আৰু সুস্থ থাকক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ