--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউদডৰ জনপ্ৰিয় গায়ক কৃষ্ণকুমাৰ কুন্নাথ, অনুৰাগীৰ হেঁপাহৰ কেকেৰ আজি মুম্বাইৰ ভাৰ্ছোভা শ্মশানত শেষকৃত্য সম্পন্ন হয়। যোৱা মঙ্গলবাৰে কলকাতাৰ নজৰুল মঞ্চত সংগীতানুষ্ঠান পৰিৱেশনৰ পাছতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছিল জনপ্ৰিয় গায়কগৰাকীয়ে। কেকেৰ মৃত্যুৰ পাছতে কলকাতাৰ স্থানীয় চিকিৎসালয়ত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি কেকেৰ হৃদযন্ত্ৰত কিছু অৱৰোধ আছিল। 

এই প্ৰতিবেদনৰ পাছতে চিকিৎসকসকলে মন্তব্য কৰিছিল যে যদি কেকেক সঠিক সময়ত চিপিআৰ দিব পৰা গ’লহেঁতেন, তেতিয়া তেওঁক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন। কেকেৰ শৰীৰৰ মৰণোত্তৰ পৰীক্ষা কৰা এজন চিকিৎসকে এই তথ্য প্ৰদান কৰিছিল। হঠাতে উশাহ চুটি হোৱা বা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ দৰে পৰিস্থিতিত এই চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিলে ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে বুলি চিকিৎসক গৰাকীয়ে মন্তব্য কৰে।

কেকে-ৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকজনে কয় যে কেকে দীৰ্ঘসময় ধৰি হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে তেওঁৰ তাৎক্ষণিক চিকিৎসা সম্ভৱ নহ’ল। চিকিৎসক গৰাকীয়ে লগতে কয় যে তেওঁৰ বাওঁফালৰ মুখ্য কৰোনেৰী ধমনীত কিছু ডাঙৰ আকাৰৰ অৱৰোধ আছিল আৰু অন্যান্য ধমনী আৰু উপ-ধমনীত সৰু সৰু অৱৰোধ আছিল। অনুষ্ঠানটোৰ সময়ত অত্যাধিক উত্তেজিত হোৱাৰ বাবে তেওঁৰ তেজৰ প্ৰবাহ বন্ধ হৈ যায়, যাৰ ফলত তেওঁৰ হৃদস্পন্দন বন্ধ হৈ মৃত্যুমুখত পৰে। 

চিকিৎসক গৰাকীৰ মন্তব্য অনুসৰি যদি কেকে-ক লগে লগে চিপিআৰ দিয়া হ'লহেঁতেন, তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন। 

এই চিপিআৰৰ সম্পূৰ্ণ অৰ্থ হৈছে কাৰ্ডিওপাল্মোনাৰী ৰিচাচিটেচন। ই এক জৰুৰীকালীন চিকিৎসা পদ্ধতি, যাৰ জৰিয়তে এজন ব্যক্তিৰ উশাহ বা হৃদযন্ত্ৰ বন্ধ হ'লে তেওঁৰ জীৱন ৰক্ষা কৰিব পাৰি। যেতিয়া এজন ব্যক্তিৰ হৃদযন্ত্ৰৰ স্পন্দন বন্ধ হয়, তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হয়। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ সময়ত হৃদযন্ত্ৰই মস্তিষ্ক আৰু হাঁওফাঁওকে ধৰি শৰীৰৰ বাকী অংশলৈ তেজ পাম্প কৰিব নোৱাৰে। চিকিৎসা অবিহনে এনে অৱস্থাত মিনিটৰ ভিতৰতে ৰোগীৰ মৃত্যু হ'ব পাৰে। চিপিআৰ চিকিৎসা পদ্ধতিৰ জৰিয়তে ৰোগীৰ বুকুত চাপ সৃষ্টি কৰা হয়, যি তেজৰ প্ৰবাহ উন্নত কৰাত সহায় কৰিব পাৰে।

চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেচনৰ মতে, বৰ্তমান সময়ত চিকিৎসালয়ৰ বাহিৰত হৃদৰোগত আক্ৰান্ত ১০ জনৰ ভিতৰত প্ৰায় ৯ জন লোকৰ মৃত্যু হয়। এই সমস্যা চিপিআৰৰ জৰিয়তে হ্ৰাস কৰিব পাৰি। যদি হৃদৰোগত আক্ৰান্ত হোৱাৰ প্ৰথম কেইমিনিটমানৰ ভিতৰত ৰোগীক চিপিআৰ দিয়া হয়, ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা দুগুণ বা তিনিগুণ বৃদ্ধি হ'ব পাৰে।

হৃদৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত তৎকালীনভাৱে ঘৰতেই এই চিকিৎসা সাধাৰণভাৱে প্ৰয়োগ কৰিব পাৰি। উন্নত চিকিৎসা লগে লগে উপলব্ধ নহ’লে ৰোগীৰ বুকুৰ মাজত হাতেৰে প্ৰতি মিনিটত ১০০ ৰ পৰা ১২০ বাৰ হেঁচা দি ৰোগীক সাধাৰণ চিকিৎসা প্ৰদান কৰিব পাৰি। প্ৰতিবাৰ হেঁচাৰ পিছত ৰোগীৰ বুকুখন স্বাভাৱিক স্থিতিলৈ ঘূৰি অহাৰ পিছত এইদৰে হেঁচা প্ৰয়োগ কৰি জৰুৰীকালীন ঘৰুৱা চিকিৎসা কৰিব পাৰি।

অৱশ্যে ঘৰুৱা এই চিকিৎসা পদ্ধতি কোনো ধৰণে উন্নত চিকিৎসাৰ বিকল্প হ'ব নোৱাৰে। যদি সম্ভৱ হয় ৰোগী এগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ লগে লগেই চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ