--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউদডৰ জনপ্ৰিয় গায়ক কৃষ্ণকুমাৰ কুন্নাথ, অনুৰাগীৰ হেঁপাহৰ কেকেৰ আজি মুম্বাইৰ ভাৰ্ছোভা শ্মশানত শেষকৃত্য সম্পন্ন হয়। যোৱা মঙ্গলবাৰে কলকাতাৰ নজৰুল মঞ্চত সংগীতানুষ্ঠান পৰিৱেশনৰ পাছতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছিল জনপ্ৰিয় গায়কগৰাকীয়ে। কেকেৰ মৃত্যুৰ পাছতে কলকাতাৰ স্থানীয় চিকিৎসালয়ত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি কেকেৰ হৃদযন্ত্ৰত কিছু অৱৰোধ আছিল। 

এই প্ৰতিবেদনৰ পাছতে চিকিৎসকসকলে মন্তব্য কৰিছিল যে যদি কেকেক সঠিক সময়ত চিপিআৰ দিব পৰা গ’লহেঁতেন, তেতিয়া তেওঁক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন। কেকেৰ শৰীৰৰ মৰণোত্তৰ পৰীক্ষা কৰা এজন চিকিৎসকে এই তথ্য প্ৰদান কৰিছিল। হঠাতে উশাহ চুটি হোৱা বা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ দৰে পৰিস্থিতিত এই চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিলে ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে বুলি চিকিৎসক গৰাকীয়ে মন্তব্য কৰে।

কেকে-ৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকজনে কয় যে কেকে দীৰ্ঘসময় ধৰি হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে তেওঁৰ তাৎক্ষণিক চিকিৎসা সম্ভৱ নহ’ল। চিকিৎসক গৰাকীয়ে লগতে কয় যে তেওঁৰ বাওঁফালৰ মুখ্য কৰোনেৰী ধমনীত কিছু ডাঙৰ আকাৰৰ অৱৰোধ আছিল আৰু অন্যান্য ধমনী আৰু উপ-ধমনীত সৰু সৰু অৱৰোধ আছিল। অনুষ্ঠানটোৰ সময়ত অত্যাধিক উত্তেজিত হোৱাৰ বাবে তেওঁৰ তেজৰ প্ৰবাহ বন্ধ হৈ যায়, যাৰ ফলত তেওঁৰ হৃদস্পন্দন বন্ধ হৈ মৃত্যুমুখত পৰে। 

চিকিৎসক গৰাকীৰ মন্তব্য অনুসৰি যদি কেকে-ক লগে লগে চিপিআৰ দিয়া হ'লহেঁতেন, তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন। 

এই চিপিআৰৰ সম্পূৰ্ণ অৰ্থ হৈছে কাৰ্ডিওপাল্মোনাৰী ৰিচাচিটেচন। ই এক জৰুৰীকালীন চিকিৎসা পদ্ধতি, যাৰ জৰিয়তে এজন ব্যক্তিৰ উশাহ বা হৃদযন্ত্ৰ বন্ধ হ'লে তেওঁৰ জীৱন ৰক্ষা কৰিব পাৰি। যেতিয়া এজন ব্যক্তিৰ হৃদযন্ত্ৰৰ স্পন্দন বন্ধ হয়, তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হয়। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ সময়ত হৃদযন্ত্ৰই মস্তিষ্ক আৰু হাঁওফাঁওকে ধৰি শৰীৰৰ বাকী অংশলৈ তেজ পাম্প কৰিব নোৱাৰে। চিকিৎসা অবিহনে এনে অৱস্থাত মিনিটৰ ভিতৰতে ৰোগীৰ মৃত্যু হ'ব পাৰে। চিপিআৰ চিকিৎসা পদ্ধতিৰ জৰিয়তে ৰোগীৰ বুকুত চাপ সৃষ্টি কৰা হয়, যি তেজৰ প্ৰবাহ উন্নত কৰাত সহায় কৰিব পাৰে।

চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেচনৰ মতে, বৰ্তমান সময়ত চিকিৎসালয়ৰ বাহিৰত হৃদৰোগত আক্ৰান্ত ১০ জনৰ ভিতৰত প্ৰায় ৯ জন লোকৰ মৃত্যু হয়। এই সমস্যা চিপিআৰৰ জৰিয়তে হ্ৰাস কৰিব পাৰি। যদি হৃদৰোগত আক্ৰান্ত হোৱাৰ প্ৰথম কেইমিনিটমানৰ ভিতৰত ৰোগীক চিপিআৰ দিয়া হয়, ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা দুগুণ বা তিনিগুণ বৃদ্ধি হ'ব পাৰে।

হৃদৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত তৎকালীনভাৱে ঘৰতেই এই চিকিৎসা সাধাৰণভাৱে প্ৰয়োগ কৰিব পাৰি। উন্নত চিকিৎসা লগে লগে উপলব্ধ নহ’লে ৰোগীৰ বুকুৰ মাজত হাতেৰে প্ৰতি মিনিটত ১০০ ৰ পৰা ১২০ বাৰ হেঁচা দি ৰোগীক সাধাৰণ চিকিৎসা প্ৰদান কৰিব পাৰি। প্ৰতিবাৰ হেঁচাৰ পিছত ৰোগীৰ বুকুখন স্বাভাৱিক স্থিতিলৈ ঘূৰি অহাৰ পিছত এইদৰে হেঁচা প্ৰয়োগ কৰি জৰুৰীকালীন ঘৰুৱা চিকিৎসা কৰিব পাৰি।

অৱশ্যে ঘৰুৱা এই চিকিৎসা পদ্ধতি কোনো ধৰণে উন্নত চিকিৎসাৰ বিকল্প হ'ব নোৱাৰে। যদি সম্ভৱ হয় ৰোগী এগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ লগে লগেই চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক