--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডালিমত ভিটামিন, পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্ট থাকে। ডালিমৰ কেলৰি আৰু চৰ্বি কম হোৱাৰ বিপৰীতে ই আঁহ, ভিটামিন আৰু আইৰনসমৃদ্ধ এবিধ ফল। ইয়াত থকা এন্টিঅক্সিডেন্ট স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী।

 হজমৰ পৰা আৰম্ভ কৰি ৰক্তহীনতা দূৰ কৰালৈকে বহুতো সমস্যাৰ সমাধান পোৱা যায় এই ডালিমৰ পৰা। গৱেষণাৰ পৰা দেখা গৈছে যে ডালিমৰ গুটিত এন্টিঅক্সিডেন্ট যৌগ থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে। দৈনিক ডালিম সেৱন কৰিলে শৰীৰৰ পৰা হোৱা প্ৰদাহ কমোৱাৰ লগতে স্বাস্থ্যৰ উন্নতিৰ বাবে বিশেষভাৱে উপকাৰী। ডালিমে বহু ৰোগৰ পৰা সুৰক্ষা দি বিশেষভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰ সাধন কৰে।

 ১. হৃদৰোগৰ পৰা সুৰক্ষাঃ-অধ্যয়নত দেখা গৈছে যে পলিফেনলিক যৌগৰে সমৃদ্ধ ফল সেৱন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্য উপকাৰী হয়। ইয়াৰ পৰিমাণ ডালিমত পোৱা যায়। টেষ্ট-টিউবৰ অধ্যয়নত দেখা গৈছে যে ডালিমৰ নিষ্কাশনে ধমনীত অক্সিডেটিভ ষ্ট্ৰেছ আৰু প্ৰদাহ হ্ৰাস কৰাত সহায়ক, যাৰ ফলত ৰক্তচাপ বৃদ্ধি ৰোধ কৰাৰ লগতে হাৰ্টএটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

 ২. মগজুৰ সুস্থ কৰি ৰাখেঃ-ডালিম সেৱন কৰা লোকৰ মগজুৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা কম হয়। ডালিমত এলাজিটানিন নামৰ যৌগ থাকে, যিয়ে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু শৰীৰত হোৱা প্ৰদাহ কমায়। মগজুৰ প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰাত ইয়াৰ ব্যৱহাৰ অতি উপকাৰী। সেয়েহে কিছুমান গৱেষণাৰ পৰা দেখা যায় যে এলাজিটানিনে মগজুৰ কোষৰ স্বাস্থ্য বৃদ্ধি কৰি এলঝেইমাৰ আৰু পাৰ্কিনছন ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

 ৩. পাচনৰ বাবে উপকাৰীঃ-পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ দৈনিক ডালিম সেৱন কৰাটোও স্বাস্থ্যৰ বাবে উপকাৰী। অধ্যয়নত দেখা গৈছে যে ডালিমৰ প্ৰদাহ প্ৰতিৰোধী আৰু কেন্সাৰ প্ৰতিৰোধী ক্ষমতা আছে, যিয়ে আন্ত্ৰিক অংশ সুস্থ কৰি ৰখাত সহায়ক হব পাৰে। ইয়াৰ গুটিতো আঁহৰ পৰিমাণ পোৱা যায়, যিয়ে চোবাই খাই পাচনতন্ত্ৰক সুস্থ কৰি ৰাখে, লগতে কোষ্ঠকাঠিন্য আৰু মলত্যাগৰ সমস্যাৰ পৰাও সকাহ দিয়ে।

 ৪. শৰীৰত তেজ বৃদ্ধি কৰেঃ-শৰীৰত হিমগ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ ডালিম সেৱন কৰাটো বিশেষভাৱে উপকাৰী বুলি কোৱা হয়। ডালিমত কেলছিয়াম আৰু আইৰন উভয়ৰে সমৃদ্ধ উৎস। হিগ্লবিন বৃদ্ধিৰ বাবে ই অন্যতম উত্তম খাদ্য। নিয়মিতভাৱে ডালিম সেৱন কৰাসকলৰ ৰক্তহীনতা সমস্যাৰ সম্ভাৱনা কম। ৰক্তহীনতাৰ সমস্যাই বহু গুৰুতৰ ৰোগৰো সম্ভাৱনা বৃদ্ধি কৰে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ