--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডালিমত ভিটামিন, পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্ট থাকে। ডালিমৰ কেলৰি আৰু চৰ্বি কম হোৱাৰ বিপৰীতে ই আঁহ, ভিটামিন আৰু আইৰনসমৃদ্ধ এবিধ ফল। ইয়াত থকা এন্টিঅক্সিডেন্ট স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী।

 হজমৰ পৰা আৰম্ভ কৰি ৰক্তহীনতা দূৰ কৰালৈকে বহুতো সমস্যাৰ সমাধান পোৱা যায় এই ডালিমৰ পৰা। গৱেষণাৰ পৰা দেখা গৈছে যে ডালিমৰ গুটিত এন্টিঅক্সিডেন্ট যৌগ থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে। দৈনিক ডালিম সেৱন কৰিলে শৰীৰৰ পৰা হোৱা প্ৰদাহ কমোৱাৰ লগতে স্বাস্থ্যৰ উন্নতিৰ বাবে বিশেষভাৱে উপকাৰী। ডালিমে বহু ৰোগৰ পৰা সুৰক্ষা দি বিশেষভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰ সাধন কৰে।

 ১. হৃদৰোগৰ পৰা সুৰক্ষাঃ-অধ্যয়নত দেখা গৈছে যে পলিফেনলিক যৌগৰে সমৃদ্ধ ফল সেৱন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্য উপকাৰী হয়। ইয়াৰ পৰিমাণ ডালিমত পোৱা যায়। টেষ্ট-টিউবৰ অধ্যয়নত দেখা গৈছে যে ডালিমৰ নিষ্কাশনে ধমনীত অক্সিডেটিভ ষ্ট্ৰেছ আৰু প্ৰদাহ হ্ৰাস কৰাত সহায়ক, যাৰ ফলত ৰক্তচাপ বৃদ্ধি ৰোধ কৰাৰ লগতে হাৰ্টএটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

 ২. মগজুৰ সুস্থ কৰি ৰাখেঃ-ডালিম সেৱন কৰা লোকৰ মগজুৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা কম হয়। ডালিমত এলাজিটানিন নামৰ যৌগ থাকে, যিয়ে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু শৰীৰত হোৱা প্ৰদাহ কমায়। মগজুৰ প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰাত ইয়াৰ ব্যৱহাৰ অতি উপকাৰী। সেয়েহে কিছুমান গৱেষণাৰ পৰা দেখা যায় যে এলাজিটানিনে মগজুৰ কোষৰ স্বাস্থ্য বৃদ্ধি কৰি এলঝেইমাৰ আৰু পাৰ্কিনছন ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

 ৩. পাচনৰ বাবে উপকাৰীঃ-পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ দৈনিক ডালিম সেৱন কৰাটোও স্বাস্থ্যৰ বাবে উপকাৰী। অধ্যয়নত দেখা গৈছে যে ডালিমৰ প্ৰদাহ প্ৰতিৰোধী আৰু কেন্সাৰ প্ৰতিৰোধী ক্ষমতা আছে, যিয়ে আন্ত্ৰিক অংশ সুস্থ কৰি ৰখাত সহায়ক হ’ব পাৰে। ইয়াৰ গুটিতো আঁহৰ পৰিমাণ পোৱা যায়, যিয়ে চোবাই খাই পাচনতন্ত্ৰক সুস্থ কৰি ৰাখে, লগতে কোষ্ঠকাঠিন্য আৰু মলত্যাগৰ সমস্যাৰ পৰাও সকাহ দিয়ে।

 ৪. শৰীৰত তেজ বৃদ্ধি কৰেঃ-শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ ডালিম সেৱন কৰাটো বিশেষভাৱে উপকাৰী বুলি কোৱা হয়। ডালিমত কেলছিয়াম আৰু আইৰন উভয়ৰে সমৃদ্ধ উৎস। হি’গ্লবিন বৃদ্ধিৰ বাবে ই অন্যতম উত্তম খাদ্য। নিয়মিতভাৱে ডালিম সেৱন কৰাসকলৰ ৰক্তহীনতা সমস্যাৰ সম্ভাৱনা কম। ৰক্তহীনতাৰ সমস্যাই বহু গুৰুতৰ ৰোগৰো সম্ভাৱনা বৃদ্ধি কৰে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ