--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হনুমান চালিছাৰ প্ৰসংগই যেন লগ এৰা নাই সাংসদ নৱনীত ৰাণাৰ।হনুমান চালিছা বিতৰ্কৰ বাবেই কাৰাগাৰলৈ নৱনীত ৰাণালৈ যোৱা মহিলা সাংসদগৰাকী কিছুদিন পূৰ্বেহে জামিনত কাৰাগাৰৰ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল।এনে সময়তে দেশৰ বিভিন্ন প্ৰান্তত হনুমান চালিছাকলৈ বিতৰ্ক তথা উত্তেজনা চলি থকাৰ সময়তে লোকসভাৰ মহিলা সাংসদ নৱনীত ৰাণালৈ আহিল মৃত্যুৰ ভাবুকি।অচিনাকি ব্যক্তিৰ পৰা অহা হত্যাৰ ভাবুকিৰ পিছতে মহিলা সাংসদগৰাকীয়ে কাষ চাপিছে আৰক্ষীৰ। 

যথাৰীতি আৰক্ষীয়েও ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখ্য  মহাৰাষ্ট্ৰৰ হনুমান চালিছা বিতৰ্কই সংবাদ মাধ্যমৰ শিৰোনামলৈ অনা মহিলা সাংসদ নৱনীত ৰাণাই  তেওঁলৈ অহা হত্যাৰ ভাবুকিৰ কথা  দিল্লী আৰক্ষীক বৃহস্পতিবাৰে অৱগত কৰাৰ পিছতে নৰ্থ এভিনিউ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৫০৬  আৰু ৫০৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসভৱনৰ সন্মুখত হনুমান চালিছা আওৰাব বুলি কোৱাৰ পিছতে ৰাণাক গ্ৰেপ্তাৰ কৰা হৈছিল।

এনে ঘটনাক্ৰমৰ মাজতে সাংসদগৰাকীৰ ব্যক্তিগত মোবাইল নম্বৰলৈ সন্ধিয়া ৫.২৭ বজাৰ পৰা ৫.৪৭ বজালৈ ১১ টা কল আহিছে। অচিনাকি ব্যক্তিয়ে ফোনত কয়- ’আপুনি হনুমান চালিছা পুনৰ আওৰাব বিচাৰিলে আপোনাক হত্যা কৰা হ'ব,’।সাংসদ গৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁক হত্যাৰ ভাবুকি দিয়া লোক জনক তেওঁ চিনি নাপায়।  এপ্ৰিলৰ শেষৰ ফালে অমৰাৱতীৰ সাংসদ নৱনীত কৌৰ ৰাণা আৰু তেওঁৰ বিধায়ক স্বামী ৰবি ৰাণাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসগৃহ 'মাতোশ্ৰী'ৰ বাহিৰত হনুমান চালিছা পাঠ কৰিব বুলি ঘোষণা কৰাৰ পিছতে  ২৩ এপ্ৰিলত মুম্বাই আৰক্ষীয়ে 'দেশদ্ৰোহ' আৰু 'বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি' কৰাৰ অভিযোগত দম্পতীহালক গ্ৰেপ্তাৰ কৰিছিল। 

পিছত তেওঁলোকক ৫ মে'ত জামিনত মুক্তি দিয়া হৈছিল। জামিনত মুক্তি পোৱাৰ পিছতে ১৪ মে'ত নৱনীত ৰাণাই দিল্লীৰ চিপি হনুমান মন্দিৰত হনুমান চালিছা পাঠ কৰিছিল। তেওঁৰ লগত তাইৰ স্বামী তথা মহাৰাষ্ট্ৰৰ বিধায়ক ৰবি ৰাণাও আছিল।হনুমান চালিছা পাঠ কৰাৰ কেইদিনমানৰ পিছতে ৰাণালৈ হত্যাৰ ভাবুকি আহিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ