--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হনুমান চালিছাৰ প্ৰসংগই যেন লগ এৰা নাই সাংসদ নৱনীত ৰাণাৰ।হনুমান চালিছা বিতৰ্কৰ বাবেই কাৰাগাৰলৈ নৱনীত ৰাণালৈ যোৱা মহিলা সাংসদগৰাকী কিছুদিন পূৰ্বেহে জামিনত কাৰাগাৰৰ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল।এনে সময়তে দেশৰ বিভিন্ন প্ৰান্তত হনুমান চালিছাকলৈ বিতৰ্ক তথা উত্তেজনা চলি থকাৰ সময়তে লোকসভাৰ মহিলা সাংসদ নৱনীত ৰাণালৈ আহিল মৃত্যুৰ ভাবুকি।অচিনাকি ব্যক্তিৰ পৰা অহা হত্যাৰ ভাবুকিৰ পিছতে মহিলা সাংসদগৰাকীয়ে কাষ চাপিছে আৰক্ষীৰ। 

যথাৰীতি আৰক্ষীয়েও ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখ্য  মহাৰাষ্ট্ৰৰ হনুমান চালিছা বিতৰ্কই সংবাদ মাধ্যমৰ শিৰোনামলৈ অনা মহিলা সাংসদ নৱনীত ৰাণাই  তেওঁলৈ অহা হত্যাৰ ভাবুকিৰ কথা  দিল্লী আৰক্ষীক বৃহস্পতিবাৰে অৱগত কৰাৰ পিছতে নৰ্থ এভিনিউ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৫০৬  আৰু ৫০৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসভৱনৰ সন্মুখত হনুমান চালিছা আওৰাব বুলি কোৱাৰ পিছতে ৰাণাক গ্ৰেপ্তাৰ কৰা হৈছিল।

এনে ঘটনাক্ৰমৰ মাজতে সাংসদগৰাকীৰ ব্যক্তিগত মোবাইল নম্বৰলৈ সন্ধিয়া ৫.২৭ বজাৰ পৰা ৫.৪৭ বজালৈ ১১ টা কল আহিছে। অচিনাকি ব্যক্তিয়ে ফোনত কয়- ’আপুনি হনুমান চালিছা পুনৰ আওৰাব বিচাৰিলে আপোনাক হত্যা কৰা হ'ব,’।সাংসদ গৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁক হত্যাৰ ভাবুকি দিয়া লোক জনক তেওঁ চিনি নাপায়।  এপ্ৰিলৰ শেষৰ ফালে অমৰাৱতীৰ সাংসদ নৱনীত কৌৰ ৰাণা আৰু তেওঁৰ বিধায়ক স্বামী ৰবি ৰাণাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসগৃহ 'মাতোশ্ৰী'ৰ বাহিৰত হনুমান চালিছা পাঠ কৰিব বুলি ঘোষণা কৰাৰ পিছতে  ২৩ এপ্ৰিলত মুম্বাই আৰক্ষীয়ে 'দেশদ্ৰোহ' আৰু 'বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি' কৰাৰ অভিযোগত দম্পতীহালক গ্ৰেপ্তাৰ কৰিছিল। 

পিছত তেওঁলোকক ৫ মে'ত জামিনত মুক্তি দিয়া হৈছিল। জামিনত মুক্তি পোৱাৰ পিছতে ১৪ মে'ত নৱনীত ৰাণাই দিল্লীৰ চিপি হনুমান মন্দিৰত হনুমান চালিছা পাঠ কৰিছিল। তেওঁৰ লগত তাইৰ স্বামী তথা মহাৰাষ্ট্ৰৰ বিধায়ক ৰবি ৰাণাও আছিল।হনুমান চালিছা পাঠ কৰাৰ কেইদিনমানৰ পিছতে ৰাণালৈ হত্যাৰ ভাবুকি আহিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ