--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ যেন সাংবাধানিক সংকটৰ সৃষ্টি হোৱাৰ উপক্ৰম ঘটিছে পশ্চিমবংগত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধানখৰৰ মাজৰ সংঘাতে ব্যাপক চৰ্চা লাভ কৰি অহাৰ সময়তে এই সংঘাতত যেন নতুন সাৰ-পানী দিব বিচৰা হৈছে। এইবাৰ নতুন বিধেয়ক উত্থাপনেৰে ৰাজ্যপালৰ মৰ্যাদাকে অৱনমিত কৰিব বিচৰাৰ অভিযোগ উঠিছে। পশ্চিম বংগৰ কেবিনেটে গ্ৰহণ কৰা এটা সিদ্ধান্তক কেন্দ্ৰ কৰি এতিয়া ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।

কেবিনেটৰ এই সিদ্ধান্ত অনুসৰি এতিয়া ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ’ব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এখন ৰাজ্যৰ ৰাজ্যপালে সাধাৰণতে এই সন্মানীয় আসনত অধিষ্ঠিত হৈ থাকে যদিও প্ৰকাৰন্তৰে তেওঁক যেন অপসাৰণহে কৰিব বিচৰা হৈছে নিজৰ স্থানৰ পৰা। কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যপাল জগদীপ ধানখৰ নহয়, এতিয়াৰে পৰা পশ্চিমবংগৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ’ব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। পশ্চিম বংগৰ কেবিনেটে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য কৰাৰ বাবে দাখিল কৰা এটা প্ৰস্তাৱত অনুমোদন জনাইছে। চৰকাৰে শীঘ্ৰেই বিধানসভাত এখন বিধেয়ক উত্থাপন কৰি মুখ্যমন্ত্ৰীক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য স্থানত বহুওৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিব বুলি জানিব পৰা গৈছে।

এই বিষয়ে প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ব্ৰাত্য বসুৱে আজি কয়, ‘কেবিনেটত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হৈছে যে পশ্চিমবংগৰ সকলো চৰকাৰী বিশ্ববিদ্যালয়ত ৰাজ্যপালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীক আচাৰ্য হিচাপে স্বীকৃতি দিয়াৰ বাবে চৰকাৰে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিব।' 
উল্লেখ্য যে, পশ্চিমবংগত বিভিন্ন বিষয়ত ৰাজ্যপাল আৰু চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজৰ সংঘাত এটা নিয়মীয়া ঘটনাত পৰিণত হৈছিল। শৈক্ষিক ক্ষেত্ৰতো, এই সংঘাতে বাৰম্বাৰ শীৰ্ষস্থানত উপনীত হৈছিল। আনকি এনে এক অবাঞ্চিত ঘটনা সংঘটিত হোৱা বুলিও পোহৰলৈ আহিছে যে অলপতে ৰাজ্যপালে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব বিচাৰিছিল যদিও উপাচাৰ্যসকল সেই বৈঠকলৈ যোৱা নাছিল। তাৰ পাছত, ৰাজ্যপালে মুকলিকৈ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰাও দেখা যায়। 

তদুপৰি ৰাজ্যখনত উপাচাৰ্য নিযুক্তিক লৈ ৰাজ্যপালৰ সৈতে সংঘাত সৃষ্টি হোৱা বিষয়টোৱেও এক গুৰুত্বপূ্ৰ্ণ চৰ্চা লাভ কৰে। এনে পৰিস্থিতিতে, ৰাজ্যপালক আচাৰ্য পদৰ পৰা অপসাৰণ কৰাক লৈ চৰকাৰে চিন্তা-চৰ্চা আৰম্ভ কৰে। এই প্ৰচেষ্টা বহু আগতেই আৰম্ভ হৈছিল বুলি চৰ্চা চলিছে। এনে সময়তে শিক্ষা মন্ত্ৰী ব্ৰাত্য বসুৱে ইংগিত দিছিল যে চৰকাৰে মুখ্যমন্ত্ৰীকে আচাৰ্য হিচাপে স্বীকৃতি দিবলৈ অগ্ৰসৰ হৈছে। ‘নবান্ন’ৰ সূত্ৰই সদৰি কৰে যে, এখন আয়োগে ২০১০ চনতে মুখ্যমন্ত্ৰীক আচাৰ্য হিচাপে বিচাৰি প্ৰস্তাৱ দাখিল কৰিছিল। কেবিনেটৰ শেহতীয়া সিদ্ধান্ত সেই পৰামৰ্শৰ ওপৰত আধাৰিত বুলি সদৰি কৰা হৈছে। কেবিনেটৰ এই সিদ্ধান্ত সম্পৰ্কত বিৰোধী দলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষ্যণীয় হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ