--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ যেন সাংবাধানিক সংকটৰ সৃষ্টি হোৱাৰ উপক্ৰম ঘটিছে পশ্চিমবংগত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধানখৰৰ মাজৰ সংঘাতে ব্যাপক চৰ্চা লাভ কৰি অহাৰ সময়তে এই সংঘাতত যেন নতুন সাৰ-পানী দিব বিচৰা হৈছে। এইবাৰ নতুন বিধেয়ক উত্থাপনেৰে ৰাজ্যপালৰ মৰ্যাদাকে অৱনমিত কৰিব বিচৰাৰ অভিযোগ উঠিছে। পশ্চিম বংগৰ কেবিনেটে গ্ৰহণ কৰা এটা সিদ্ধান্তক কেন্দ্ৰ কৰি এতিয়া ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।

কেবিনেটৰ এই সিদ্ধান্ত অনুসৰি এতিয়া ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ’ব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এখন ৰাজ্যৰ ৰাজ্যপালে সাধাৰণতে এই সন্মানীয় আসনত অধিষ্ঠিত হৈ থাকে যদিও প্ৰকাৰন্তৰে তেওঁক যেন অপসাৰণহে কৰিব বিচৰা হৈছে নিজৰ স্থানৰ পৰা। কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যপাল জগদীপ ধানখৰ নহয়, এতিয়াৰে পৰা পশ্চিমবংগৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ’ব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। পশ্চিম বংগৰ কেবিনেটে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য কৰাৰ বাবে দাখিল কৰা এটা প্ৰস্তাৱত অনুমোদন জনাইছে। চৰকাৰে শীঘ্ৰেই বিধানসভাত এখন বিধেয়ক উত্থাপন কৰি মুখ্যমন্ত্ৰীক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য স্থানত বহুওৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিব বুলি জানিব পৰা গৈছে।

এই বিষয়ে প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ব্ৰাত্য বসুৱে আজি কয়, ‘কেবিনেটত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হৈছে যে পশ্চিমবংগৰ সকলো চৰকাৰী বিশ্ববিদ্যালয়ত ৰাজ্যপালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীক আচাৰ্য হিচাপে স্বীকৃতি দিয়াৰ বাবে চৰকাৰে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিব।' 
উল্লেখ্য যে, পশ্চিমবংগত বিভিন্ন বিষয়ত ৰাজ্যপাল আৰু চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজৰ সংঘাত এটা নিয়মীয়া ঘটনাত পৰিণত হৈছিল। শৈক্ষিক ক্ষেত্ৰতো, এই সংঘাতে বাৰম্বাৰ শীৰ্ষস্থানত উপনীত হৈছিল। আনকি এনে এক অবাঞ্চিত ঘটনা সংঘটিত হোৱা বুলিও পোহৰলৈ আহিছে যে অলপতে ৰাজ্যপালে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব বিচাৰিছিল যদিও উপাচাৰ্যসকল সেই বৈঠকলৈ যোৱা নাছিল। তাৰ পাছত, ৰাজ্যপালে মুকলিকৈ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰাও দেখা যায়। 

তদুপৰি ৰাজ্যখনত উপাচাৰ্য নিযুক্তিক লৈ ৰাজ্যপালৰ সৈতে সংঘাত সৃষ্টি হোৱা বিষয়টোৱেও এক গুৰুত্বপূ্ৰ্ণ চৰ্চা লাভ কৰে। এনে পৰিস্থিতিতে, ৰাজ্যপালক আচাৰ্য পদৰ পৰা অপসাৰণ কৰাক লৈ চৰকাৰে চিন্তা-চৰ্চা আৰম্ভ কৰে। এই প্ৰচেষ্টা বহু আগতেই আৰম্ভ হৈছিল বুলি চৰ্চা চলিছে। এনে সময়তে শিক্ষা মন্ত্ৰী ব্ৰাত্য বসুৱে ইংগিত দিছিল যে চৰকাৰে মুখ্যমন্ত্ৰীকে আচাৰ্য হিচাপে স্বীকৃতি দিবলৈ অগ্ৰসৰ হৈছে। ‘নবান্ন’ৰ সূত্ৰই সদৰি কৰে যে, এখন আয়োগে ২০১০ চনতে মুখ্যমন্ত্ৰীক আচাৰ্য হিচাপে বিচাৰি প্ৰস্তাৱ দাখিল কৰিছিল। কেবিনেটৰ শেহতীয়া সিদ্ধান্ত সেই পৰামৰ্শৰ ওপৰত আধাৰিত বুলি সদৰি কৰা হৈছে। কেবিনেটৰ এই সিদ্ধান্ত সম্পৰ্কত বিৰোধী দলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে