--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চৰাই মৰে ৰৈ, মানুহ মৰে কৈ৷ যেন কথাষাৰ প্ৰতিফলিত হল বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাৰ সৈতে৷ ইছলাম ধৰ্মৰ প্ৰফেট সম্পৰ্কে আপত্তিজনক মন্তব্য কৰি দলৰ পৰা নিলম্বিত হোৱাৰ পাছত নূপুৰ শৰ্মাই উৱাদিহ বিচাৰি নোপোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বিত হোৱাৰ পাছত টুইটযোগে নূপুৰ শৰ্মাই লিখিছে- যদি মোৰ কথাবোৰে কাৰোবাৰ অস্বস্তি বা ধৰ্মীয় অনুভূতিক আঘাত কৰিছে, তেন্তে মই ইয়াৰ দ্বাৰা চৰ্তহীনভাৱে মোৰ বক্তব্য প্ৰত্যাহাৰ কৰিছোঁ। কাৰো ধৰ্মীয় অনুভূতিক আঘাত কৰাটো কেতিয়াও মোৰ উদ্দেশ্য নাছিল।

নিজৰ স্থিতি ব্যাখ্যা কৰি নিলম্বিত নেত্ৰীগৰাকীয়ে লগতে কয়, মই যোৱা বহুদিন ধৰি টিভি তৰ্কত অংশগ্ৰহণ কৰি আছোঁ, ত আমাৰ মহাদেৱক নিৰন্তৰ অপমান আৰু অসন্মান কৰা হৈছিল। উপহাস কৰি কোৱা হৈছিল যে জ্ঞানবাপী মছজিদত উদ্ধাৰ হোৱা শিৱলিংগটো শিৱলিংগ নহয়, এটা ঝৰ্ণাহে। শিৱলিংগক দিল্লীৰ পথৰ কাষৰ চিহ্ন আৰু খুটাৰ সৈতে তুলনা কৰিও উপহাস কৰা হৈছিল। মই আমাৰ মহাদেৱৰ প্ৰতি এই নিৰন্তৰ অপমান আৰু অসন্মান সহ্য কৰিব নোৱাৰিলোঁ আৰু ইয়াৰ প্ৰত্যুত্তৰত মই কিছুমান কথা কৈছিলোঁ৷

উল্লেখযোগ্য যে, বিজেপি হাইকমাণ্ডে আজি প্ৰফেট বিতৰ্কৰ বাবে ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাক নিলম্বন কৰিছিল। দলটোৱে দিল্লী বিজেপিৰ মিডিয়া ভাৰপ্ৰাপ্ত নবীন কুমাৰ জিন্দালকো দলৰ প্ৰাথমিক সদস্যপদৰ পৰা বহিষ্কাৰ কৰে।

নিলম্বন পত্ৰখনত দলটোৰ কেন্দ্ৰীয় অনুশাসন সমিতিয়ে লিখিছিল, আপুনি বিভিন্ন বিষয়ত দলৰ স্থিতিৰ বিপৰীতে মতামত প্ৰকাশ কৰিছে৷ পৰৱৰ্তী অনুসন্ধানলৈ আপোনাক দলৰ পৰা আৰু তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আপোনাৰ দায়িত্বৰ পৰা নিলম্বিত কৰা হৈছে।

কি আছিল সেই বিতৰ্ক?

চলিত জ্ঞানবাপী মছজিদ বিতৰ্ক সন্দৰ্ভত শেহতীয়াকৈ হোৱা এক টিভি বিতৰ্কত নূপুৰ শৰ্মাই কৈছিল যে ইছলামী ধৰ্মীয় কিতাপৰ কিছুমান কথা মানুহে উপহাস কৰিব পাৰে। তেওঁ কৈছিল যে মুছলমানসকলে হিন্দু বিশ্বাসক উপহাস কৰিছে আৰু মছজিদ চৌহদৰ ভিতৰত পোৱা বুলি দাবী কৰা শিৱলিংগক এটা ঝৰ্ণা বুলি অভিহিত কৰিছে।

আৰু সেই অনুষ্ঠানৰ পাছতে হায়দৰাবাদ, পুনে আৰু মুম্বাইত ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বাবে নূপুৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল গোচৰ৷

আনহাতে, শুকুৰবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত এটা মুছলমান সংগঠনে নূপুৰ শৰ্মাই কৰা মন্তব্যক লৈ পেৰেড মাৰ্কেটত দোকান বন্ধ ৰখাৰ আহ্বান জনোৱাৰ পাছত সংঘটিত হৈছিল হিংসাত্মক ঘটনা। সেই সংঘৰ্ষত ২০ জন আৰক্ষী জোৱানসহ কমেও ৪০জন লোক আহত হৈছিল বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে সদৰী কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান