--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চৰাই মৰে ৰৈ, মানুহ মৰে কৈ৷ যেন কথাষাৰ প্ৰতিফলিত হল বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাৰ সৈতে৷ ইছলাম ধৰ্মৰ প্ৰফেট সম্পৰ্কে আপত্তিজনক মন্তব্য কৰি দলৰ পৰা নিলম্বিত হোৱাৰ পাছত নূপুৰ শৰ্মাই উৱাদিহ বিচাৰি নোপোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বিত হোৱাৰ পাছত টুইটযোগে নূপুৰ শৰ্মাই লিখিছে- যদি মোৰ কথাবোৰে কাৰোবাৰ অস্বস্তি বা ধৰ্মীয় অনুভূতিক আঘাত কৰিছে, তেন্তে মই ইয়াৰ দ্বাৰা চৰ্তহীনভাৱে মোৰ বক্তব্য প্ৰত্যাহাৰ কৰিছোঁ। কাৰো ধৰ্মীয় অনুভূতিক আঘাত কৰাটো কেতিয়াও মোৰ উদ্দেশ্য নাছিল।

নিজৰ স্থিতি ব্যাখ্যা কৰি নিলম্বিত নেত্ৰীগৰাকীয়ে লগতে কয়, মই যোৱা বহুদিন ধৰি টিভি তৰ্কত অংশগ্ৰহণ কৰি আছোঁ, ত আমাৰ মহাদেৱক নিৰন্তৰ অপমান আৰু অসন্মান কৰা হৈছিল। উপহাস কৰি কোৱা হৈছিল যে জ্ঞানবাপী মছজিদত উদ্ধাৰ হোৱা শিৱলিংগটো শিৱলিংগ নহয়, এটা ঝৰ্ণাহে। শিৱলিংগক দিল্লীৰ পথৰ কাষৰ চিহ্ন আৰু খুটাৰ সৈতে তুলনা কৰিও উপহাস কৰা হৈছিল। মই আমাৰ মহাদেৱৰ প্ৰতি এই নিৰন্তৰ অপমান আৰু অসন্মান সহ্য কৰিব নোৱাৰিলোঁ আৰু ইয়াৰ প্ৰত্যুত্তৰত মই কিছুমান কথা কৈছিলোঁ৷

উল্লেখযোগ্য যে, বিজেপি হাইকমাণ্ডে আজি প্ৰফেট বিতৰ্কৰ বাবে ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাক নিলম্বন কৰিছিল। দলটোৱে দিল্লী বিজেপিৰ মিডিয়া ভাৰপ্ৰাপ্ত নবীন কুমাৰ জিন্দালকো দলৰ প্ৰাথমিক সদস্যপদৰ পৰা বহিষ্কাৰ কৰে।

নিলম্বন পত্ৰখনত দলটোৰ কেন্দ্ৰীয় অনুশাসন সমিতিয়ে লিখিছিল, আপুনি বিভিন্ন বিষয়ত দলৰ স্থিতিৰ বিপৰীতে মতামত প্ৰকাশ কৰিছে৷ পৰৱৰ্তী অনুসন্ধানলৈ আপোনাক দলৰ পৰা আৰু তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আপোনাৰ দায়িত্বৰ পৰা নিলম্বিত কৰা হৈছে।

কি আছিল সেই বিতৰ্ক?

চলিত জ্ঞানবাপী মছজিদ বিতৰ্ক সন্দৰ্ভত শেহতীয়াকৈ হোৱা এক টিভি বিতৰ্কত নূপুৰ শৰ্মাই কৈছিল যে ইছলামী ধৰ্মীয় কিতাপৰ কিছুমান কথা মানুহে উপহাস কৰিব পাৰে। তেওঁ কৈছিল যে মুছলমানসকলে হিন্দু বিশ্বাসক উপহাস কৰিছে আৰু মছজিদ চৌহদৰ ভিতৰত পোৱা বুলি দাবী কৰা শিৱলিংগক এটা ঝৰ্ণা বুলি অভিহিত কৰিছে।

আৰু সেই অনুষ্ঠানৰ পাছতে হায়দৰাবাদ, পুনে আৰু মুম্বাইত ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বাবে নূপুৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল গোচৰ৷

আনহাতে, শুকুৰবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত এটা মুছলমান সংগঠনে নূপুৰ শৰ্মাই কৰা মন্তব্যক লৈ পেৰেড মাৰ্কেটত দোকান বন্ধ ৰখাৰ আহ্বান জনোৱাৰ পাছত সংঘটিত হৈছিল হিংসাত্মক ঘটনা। সেই সংঘৰ্ষত ২০ জন আৰক্ষী জোৱানসহ কমেও ৪০জন লোক আহত হৈছিল বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে সদৰী কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ