--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূস্বৰ্গ কাশ্মীৰলৈ শান্তি উভতি আহিছে৷ উপত্যকাটোলৈ পৰ্যটকৰ সোঁত বৈছে৷ কাশ্মীৰৰ প্ৰসংগত এনেবোৰ দাবীয়েই এতিয়া শুনা গৈছে চৰকাৰী পক্ষৰ মুখত৷ কিন্তু পৰ্যটকৰ সোঁত বোৱাৰ অৰ্থ কাশ্মীৰলৈ শান্তি ঘূৰি অহাটো হয়নে? এক কথাত ক’বলৈ গ’লে চৰকাৰে দাবী কৰি অহা শান্তি কাশ্মীৰলৈ উভতি অহা নাই৷ 

শান্তি উভতি অহা নাই বাবেই যোৱা পাঁচ মাহত সন্ত্ৰাসবাদীৰ আক্ৰমণত কাশ্মীৰত ১৮ জনকৈ লোক নিহত হৈছে৷ এনে আক্ৰমণৰ  বেছিভাগেই 'হাইব্ৰিড' সন্ত্ৰাসবাদীয়ে  সংঘটিত কৰিছে। 'হাইব্ৰিড' সন্ত্ৰাসবাদীসকলে অনলাইনৰ জৰিয়তে অস্ত্ৰচালনাৰ প্ৰশিক্ষণ লাভ কৰে আৰু কূটাঘাত সংঘটিত কৰি যায়৷

 কাশ্মীৰত বিভিন্ন পেছাত জৰিত লোকে এনে 'হাইব্ৰিড' সন্ত্ৰাসবাদী হিচাবে কাম কৰি থকাৰ তথ্য পোৱা গৈছে৷সাধাৰণ মানুহৰ সৈতে মিলি থকাৰ বাবেই 'হাইব্ৰিড' সন্ত্ৰাসবাদীসকল এতিয়া  সুৰক্ষা বাহিনীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ এনে কাৰ্যত জৰিত বহু  'হাইব্ৰিড' সন্ত্ৰাসবাদীৰে কোনো আগতীয়া অপৰাধমূলক ৰেকৰ্ড নাই। 

নৰেন্দ্ৰ মোডী চৰকাৰে 'নয়া কাশ্মীৰ'ত পৰ্যটকৰ সোঁতৰ কথা উল্লেখ কৰি  কাশ্মীৰলৈ 'স্বাভাৱিক পৰিস্থিতি' ঘূৰি আহিছে বুলি কৰা দাবী কৰি আহিছে। ২০১৯ চনৰ  আগষ্ট মাহত কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত মোডীৰ চৰকাৰে কাশ্মীৰলৈ শান্তি উভতি অহা বুলি ধাৰণা কৰিছিল৷ 

সেইবাবেই চৰকাৰী উদ্যোগতে দ্য কাশ্মীৰ ফাইলছৰ প্ৰচাৰ চলাই কাশ্মীৰত কাশ্মীৰি পণ্ডিতসকলো সুৰক্ষিত বুলি প্ৰতিপন্ন কৰিব বিচৰা হৈছিল । 

বৃহৎ সামৰিক বাহিনী মোতায়েন কৰি, প্ৰায়ে ইণ্টাৰনেট সেৱা বন্ধ কৰি  কঠোৰ কাৰফিউ জাৰি কৰি চৰকাৰে কাশ্মীৰৰ  পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আহিছে।কিন্তু ইমানৰ পিছতো বছৰটোত এতিয়ালৈকে  সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪৬ জন অসামৰিক হলোকৰ মৃত্যু ঘটিছে। ২০২০ আৰু ২১ বৰ্ষত লকডাউন আৰু কাৰফিউৰ বাবে  মানুহে ঘৰৰ ভিতৰত থাকিবলৈ বাধ্য কৰিছিল। ইয়াৰ ফলত অসামৰিক লোকৰ মৃত্যু সংখ্যা সামান্যভাবে হ্ৰাস পাইছিল - ২০২০  চনত ৩৭  টা আৰু ২০২১ চনত ৩৫ টা অসামৰিক লোকৰ  হত্যাৰ ঘটনা ঘটিছিল৷

। কিন্তু এতিয়া পুনৰ কাশ্মীৰত অসামৰিক লোকৰ হত্যাৰ ঘটনা বৃদ্ধি পাইছে৷ উপত্যকাটোত উগ্ৰপন্থী গোটৰ দ্বাৰা যুৱকক নিযুক্তিৰ ঘটনাও বৃদ্ধি পাইছে। ২০২১ চনৰ মে’ মাহলৈকে ৬০ জনৰো ৰো অধিক লোকে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল। এই বছৰ, সংখ্যাটো হৈছে ৫২। কেৱল মে’ মাহত ১২ জন যুৱকে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰাৰ তথ্য চৰকাৰী ভাবেই প্ৰকাশ কৰা হৈছে৷

এইসকল সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে  স্থানীয়  কাশ্মীৰী পণ্ডিত আৰু শিখকে ধৰি অসামৰিক লোকসকল ৷
মোডীৰ চৰকাৰে জম্মু আৰু কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ পিছত যোৱা তিনি বছৰত উপত্যকাটোত প্ৰকৃততে কি পৰিৱৰ্তন হৈছে? স্বাভাৱিক অৱস্থাৰ মূল্যাঙ্কন কৰিবলৈ পৰ্যটকৰ আগমনেই একমাত্ৰ মাপকাঠি নেকি? অনলাইনত যুৱক-যুৱতী নিয়োগ কৰি সন্ত্ৰাসবাদীৰ শক্তি বৃদ্ধিৰ বিষয়ে চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে? এনেবোৰ প্ৰশ্ন এতিয়াও উত্তৰহীন হৈ ৰৈছে৷

 চৰকাৰৰ হাতত ইয়াৰ কোনো পোনপটীয়া উত্তৰো নাই। কাশ্মীৰৰ সাধাৰণ  লোকসকলে কৈ আহিছে যে উপত্যকাটোৰ পৰিস্থিতি "নিয়ন্ত্ৰিত" আৰু "স্বাভাৱিক" নহয়৷ এতিয়াও কাশ্মীৰত আতংকৰ পৰিবেশেই বিৰাজ কৰি আছে৷বিশেষকৈ হিন্দু পৰিয়ালসমূহে  কাশ্মীৰত এটা দিনৰ বাবেও শান্তিৰে শুব পৰা নাই৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান