--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ সময়ত পেট্ৰ’লৰ দাম সম্পৰ্কে তেওঁৰ পুৰণি মন্তব্যৰ বিষয়ে প্ৰশ্ন কৰাত পতঞ্জলি আয়ুৰ্বেদৰ সহ-প্ৰতিষ্ঠাপক ৰামদেৱে খঙত খৰ্গহস্ত হৈ পৰে৷ এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছিল ৰামদেৱে এজন সাংবাদিকক তীব্ৰ সমালোচনা কৰি কয়, যদি আপুনি এই প্ৰশ্নটো পুনৰ সোধে, ই ভাল নহ’ব৷

ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ লগে লগে ভিডিঅ’টোত প্ৰতিবেদকজনে ৰামদেৱক এটা পুৰণি মন্তব্যৰ বিষয়ে সুধি থকা দেখা গৈছিল৷ হাৰিয়ানাৰ কৰ্ণালত এক অনুষ্ঠানৰ সময়ত এজন সাংবাদিকে ৰামদেৱক সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যৰ বিষয়ে সুধিছিল যে মানুহে এনে এখন চৰকাৰ নিৰ্বাচিত কৰা উচিত যিয়ে প্ৰতি লিটাৰ পেট্ৰ’ল ৪০ টকা আৰু ৰন্ধন গেছ চিলিণ্ডাৰত ৪০০ টকাত নিশ্চিত কৰিব পাৰে৷

ইয়াৰ উত্তৰত ৰামদেৱে কয়, হয়, মই কৈছিলোঁ, আপুনি কি কৰিব পাৰে? এনে প্ৰশ্ন সুধি নাথাকিব। মই আপোনাৰ ঠিকাদাৰ নেকি যিয়ে আপোনাৰ প্ৰশ্নৰ উত্তৰ দি থাকিব লাগিব? যেতিয়া সাংবাদিকজনে পুনৰ প্ৰশ্নটো সুধিলে, সেই দৃশ্যত বিচলিত হৈ পৰা ৰামদেৱে সাংবাদিকজনৰ ফালে আঙুলিয়াই প্ৰত্যুত্তৰ দি কয়, মই মন্তব্যটো কৰিছিলোঁ। আপুনি কি কৰিব? মাত্ৰ চুপ থাকক৷ যদি আপুনি পুনৰ এই প্ৰশ্ন সোধে, তেন্তে ভাল নহ’ব।

ৰামদেৱে মানুহক জটিল সময়ত অধিক পৰিশ্ৰম কৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল, যদি ইন্ধনৰ মূল্য কম হয় তেন্তে চৰকাৰে কৰ নাপাব, তেন্তে তেওঁলোকে কেনেকৈ দেশ চলাব, দৰমহা দিব, কেনেকৈ ৰাস্তা নিৰ্মাণ কৰিব? হয়, মুদ্ৰাস্ফীতি হ্ৰাস হোৱা উচিত, মই সন্মত৷ কিন্তু, মানুহে কঠোৰ পৰিশ্ৰম কৰা উচিত। আনকি মই পুৱা ৪ বজাত সাৰ পাওঁ আৰু ৰাতি ১০ বজালৈকে কাম কৰোঁ৷

ইপিনে, কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ দাম বৃদ্ধিক লৈ বিৰোধীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে। কংগ্ৰেছে কৈছে যে প্ৰাক্তন ইউপিএ চৰকাৰে কেইবাবছৰো ধৰি আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ উচ্চ মূল্য স্বত্বেও ভাৰতত ইন্ধনৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ