--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ সময়ত পেট্ৰ’লৰ দাম সম্পৰ্কে তেওঁৰ পুৰণি মন্তব্যৰ বিষয়ে প্ৰশ্ন কৰাত পতঞ্জলি আয়ুৰ্বেদৰ সহ-প্ৰতিষ্ঠাপক ৰামদেৱে খঙত খৰ্গহস্ত হৈ পৰে৷ এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছিল ৰামদেৱে এজন সাংবাদিকক তীব্ৰ সমালোচনা কৰি কয়, যদি আপুনি এই প্ৰশ্নটো পুনৰ সোধে, ই ভাল নহ’ব৷

ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ লগে লগে ভিডিঅ’টোত প্ৰতিবেদকজনে ৰামদেৱক এটা পুৰণি মন্তব্যৰ বিষয়ে সুধি থকা দেখা গৈছিল৷ হাৰিয়ানাৰ কৰ্ণালত এক অনুষ্ঠানৰ সময়ত এজন সাংবাদিকে ৰামদেৱক সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যৰ বিষয়ে সুধিছিল যে মানুহে এনে এখন চৰকাৰ নিৰ্বাচিত কৰা উচিত যিয়ে প্ৰতি লিটাৰ পেট্ৰ’ল ৪০ টকা আৰু ৰন্ধন গেছ চিলিণ্ডাৰত ৪০০ টকাত নিশ্চিত কৰিব পাৰে৷

ইয়াৰ উত্তৰত ৰামদেৱে কয়, হয়, মই কৈছিলোঁ, আপুনি কি কৰিব পাৰে? এনে প্ৰশ্ন সুধি নাথাকিব। মই আপোনাৰ ঠিকাদাৰ নেকি যিয়ে আপোনাৰ প্ৰশ্নৰ উত্তৰ দি থাকিব লাগিব? যেতিয়া সাংবাদিকজনে পুনৰ প্ৰশ্নটো সুধিলে, সেই দৃশ্যত বিচলিত হৈ পৰা ৰামদেৱে সাংবাদিকজনৰ ফালে আঙুলিয়াই প্ৰত্যুত্তৰ দি কয়, মই মন্তব্যটো কৰিছিলোঁ। আপুনি কি কৰিব? মাত্ৰ চুপ থাকক৷ যদি আপুনি পুনৰ এই প্ৰশ্ন সোধে, তেন্তে ভাল নহ’ব।

ৰামদেৱে মানুহক জটিল সময়ত অধিক পৰিশ্ৰম কৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল, যদি ইন্ধনৰ মূল্য কম হয় তেন্তে চৰকাৰে কৰ নাপাব, তেন্তে তেওঁলোকে কেনেকৈ দেশ চলাব, দৰমহা দিব, কেনেকৈ ৰাস্তা নিৰ্মাণ কৰিব? হয়, মুদ্ৰাস্ফীতি হ্ৰাস হোৱা উচিত, মই সন্মত৷ কিন্তু, মানুহে কঠোৰ পৰিশ্ৰম কৰা উচিত। আনকি মই পুৱা ৪ বজাত সাৰ পাওঁ আৰু ৰাতি ১০ বজালৈকে কাম কৰোঁ৷

ইপিনে, কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ দাম বৃদ্ধিক লৈ বিৰোধীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে। কংগ্ৰেছে কৈছে যে প্ৰাক্তন ইউপিএ চৰকাৰে কেইবাবছৰো ধৰি আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ উচ্চ মূল্য স্বত্বেও ভাৰতত ইন্ধনৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত