--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া আমৰ বতৰ। ইফালে আমক ফলৰ ৰজা বুলিও কোৱা হয়। আপুনি জানেনে যে আম যিমানে সুস্বাদু হয়, স্বাস্থ্যৰ বাবে সিমানেই উপকাৰী। ঠিক একেদৰে আমৰ লগতে গুটিৰো আছে উপকাৰী গুণ। সেয়েহে যদি আপুনি আম খাই গুটিবোৰ পেলাই দিয়ে, তেন্তে এনে ভুল পুনৰ নকৰিব, কাৰণ আমৰ গুটিৰ আছে চমৎকাৰী লাভালাভ।

 উল্লেখ্য যে, আমত বৃহৎ পৰিমাণৰ খনিজ পদাৰ্থ পোৱা যায়, ইয়াৰ উপৰি ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট থকাৰ বাবে আমে আমাৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। একে সময়তে আম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল। ইয়াৰ উপৰি পাকিস্তান, ফিলিপাইনছ, বাংলাদেশৰো ৰাষ্ট্ৰীয় ফল। বিহাৰৰ দৰভাংগাত মোগল সম্ৰাট আকবৰৰ দিনতে এখন বাগিচা ৰোপণ কৰা হৈছিল য'ত তেওঁ এক লাখ আম গছ ৰোপণ কৰিছিল। ইফালে পশ্চিমবংগৰ মালদা জিলাৰ আম কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে বিখ্যাত, যাৰ বাবে ইয়াক বৃহৎসংখ্যক ৰপ্তানিও কৰা হয়। এই আম সোৱাদৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। কিন্তু কেৱল আমেই নহয়, আমৰ গুটিবোৰৰো আছে যথেষ্ট উপকাৰী গুণ।

 জানো আহক আমৰ গুটি খোৱাৰ লাভালাভ

 ১. ডায়েৰিয়াৰ পৰা সকাহঃ-যদি আপুনি ডায়েৰিয়াত ভুগি আছে, তেন্তে আপুনি আমৰ গুটিৰ পৰা বনোৱা পাউডাৰ গ্ৰহণ কৰি উপকৃত পাব পাৰে। আমৰ গুটিৰ গুৰি এগিলাচ পানী আৰু মৌৰ সৈতে মিহলি কৰক আৰু ইয়াক সেৱন কৰক। অলপ সময়ৰ ভিতৰতে ইয়াৰ প্ৰভাৱ আপুনি দেখিবলৈ পাব।

 ২. হৃদৰোগ প্ৰতিৰোধঃ-স্বাস্থ্য বিশেষজ্ঞসকলে বিশ্বাস কৰে যে আমৰ গুটিৰ পাউডাৰ সেৱন কৰিলে হৃদযন্ত্ৰলৈ ৰক্ত সঞ্চালন ভাল হয়। একে সময়তে ইয়াক সেৱন কৰি কলেষ্টেৰলৰ স্তৰো নিয়ন্ত্ৰণত থকাৰ লগতে ৰক্তশৰ্কৰাৰ স্তৰো স্বাভাৱিক কৰি ৰাখে। ইয়াৰ উপৰি আমগুটিৰ পাউডাৰ খালে তেজৰ অভাৱ এৰাই চলিব পাৰি।

 ৩. পাচনতন্ত্ৰ শক্তিশালী কৰেঃ-আমৰ গুটিত চাইট্ৰিক এচিড পোৱা যায়, যাৰ ফলত ই পাচনতন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে। আমৰ গুটিৰ গুৰি প্ৰতিদিনে সেৱন কৰিলে কোষ্ঠকাঠিন্য আৰু পাইলছৰ দৰে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

 ৪. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ-খাদ্য বিজ্ঞান আৰু খাদ্য সুৰক্ষা অধ্যয়ন আৰু গৱেষণাৰ এক বিস্তৃত সমীক্ষাই প্ৰকাশ কৰিছে যে আমৰ গুটিত থকা আঁহে ৰোগৰ সৈতে যুঁজ দিয়াৰ লগতে ৰোগ প্ৰতিৰোধ প্ৰণালীও বিকশিত কৰে, যি আমাৰ শৰীৰক স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ই কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা সুৰক্ষা দিয়ে।

 ৫. এচিডিটিৰ পৰা পৰিত্ৰাণ দিয়েঃ-আজিকালি জীৱনত এচিডিটিৰ সচৰাচৰ সকলো লোকৰে হোৱা দেখা যায় আৰু ইয়াৰ বাবেও আমৰ গুটিৰ গুৰি কাৰ্যকৰী প্ৰমাণিত হয়। ইয়াত চাইট্ৰিক এচিড থকাৰ বাবে ই পাচনতন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে। যদি প্ৰতিদিনে আম খোৱা হয়, ই কোষ্ঠকাঠিন্য আৰু পাইলছৰ দৰে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

 ৬. ছালৰ বাবে উপকাৰীঃ-উজ্জ্বল চেহেৰাৰ বাবে মুখত আমৰ গুটিৰ পাউডাৰৰ পেষ্ট বনাই লগাওক আৰু ইয়াক ৩০ মিনিটৰ বাবে এৰি দিয়ক। ইয়াত বিটা-কেৰোটিন আৰু ভিটামিন-এ থাকে, যি আপোনাৰ শুকাই যোৱা ছালক জীৱন প্ৰদান কৰাৰ লগতে ব্রণৰ দৰে সমস্যাৰ সমাধান কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি