--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৰেজ ছেক্টৰৰ নাউশ্বেৰা নৰ্ডৰ সমীপত অনুপ্ৰৱেশৰ সময়ত দুজন সন্ত্ৰাসবাদী নিহত হয়। অঞ্চলটোত চলি আছে অনুসন্ধান অভিযান।

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ গুৰেজ ছেক্টৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছে এক এনকাউণ্টাৰ। এই এনকাউণ্টাৰত নিহত হৈছে দুজন সন্ত্ৰাসবাদী। 


ভাৰতীয় সেনাই এক্সত জনাইছে যে গুৰেজ অঞ্চলত আত্মগোপন কৰি থকা দুজন সন্ত্ৰাসবাদীৰ তথ্য লাভ কৰা হৈছে। ইয়াৰ পিছতে জম্মু-কাশ্মীৰ আৰক্ষীৰ সমন্বয়ত অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। নিৰাপত্তাৰক্ষীৰ সন্মুখীন হোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। প্রতিশোধত নিহত হয় দুজন সন্ত্ৰাসবাদী। অঞ্চলটোত চলি আছে অনুসন্ধান অভিযান।


নৌশ্বেৰা নৰ্ডৰ সমীপত অনুপ্ৰৱেশ কৰি নিহত সন্ত্ৰাসবাদী


এজন সেনা বিষয়াই জনোৱা মতে, গুৰেজ ছেক্টৰৰ নাউশ্বেৰা নৰ্ডৰ সমীপত অনুপ্ৰৱেশৰ সময়ত দুজন সন্ত্ৰাসবাদী নিহত হয়। অঞ্চলটোত চলি আছে অনুসন্ধান অভিযান। সেনা বিষয়াসকলে জনোৱা মতে, ইয়াৰ পূৰ্বে ২৫ আগষ্টত বাৰামুল্লাৰ উৰি ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত যৌথ বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছিল।।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত