--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • স্বামী বহিঃৰাজ্যত থকাৰ সুযোগ লৈ ৰক্ষিতাই সিদ্দাৰাজু নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে।

ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ বাবেই বহু অঘটন ঘটি থকা দেখিবলৈ পোৱা যায়। পৰকীয়া প্ৰেমে ধ্বংস কৰিছে বহু সংসাৰ, কোনো কোনো হৈছে হত্যাৰ বলি। ক্ৰমান্বয়ে মহামাৰীৰ দৰে যেন শিপাইছে পৰকীয়া প্ৰেম, যিয়ে বৰ বেয়াকৈ আঘাত সানিছে আমাৰ সমাজক। বহু ঘটনা চকুৰ আগত দেখি থাকিও কিছুমান সাৱধান নহয়, যাৰ ফলত শেষ হয় জীৱন।


শেহতীয়াকৈ কৰ্ণাটকৰ মাইছোৰ জিলাৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ পৰকীয়া প্ৰেমৰ ঘটনা।ভেৰিয়া গাঁৱৰ এটা লজত বিবাহিতা প্ৰেমিকাক হত্যা কৰি পলায়ন কৰে প্ৰেমিকে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী। মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।


তথ্য অনুসৰি মৃত মহিলাগৰাকীৰ নাম ৰক্ষিতা। ৰক্ষিতাৰ স্বামী কৰ্মসূত্ৰে কেৰালাত থাকে। স্বামী বহিঃৰাজ্যত থকাৰ সুযোগ লৈ ৰক্ষিতাই সিদ্দাৰাজু নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। ঘটনাটো ঘটাৰ দিনা দুয়োজনেই মধুৰ মুহূৰ্ত কটাবলৈ এটা লজলৈ গৈছিল। তাতে কিবা এটা কথাক লৈ দুয়োৰে মাজত বিবাদ হৈছিল।


খঙত সিদ্দাৰাজুৱে ৰক্ষিতাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰে। বিবাহিতা প্ৰেমিকাক হত্যা কৰাৰ পিছত সিদ্দাৰাজুৱে এই ঘটনাটোক মোবাইল ফোন বিস্ফোৰণ বুলি দেখুৱাবলৈ চেষ্টা কৰে। অৱশ্যে সেই স্থানৰ পৰা পলাবলৈ চেষ্টা কৰোতে স্থানীয় ৰাইজে তেওঁক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।


মহিলাগৰাকীৰ মৃতদেহ বিছনাতে পৰি থকা অৱস্থাত উদ্ধাৰ হয়। তেওঁৰ মুখখন বিস্ফোৰকেৰে উৰুৱাই দিয়া হৈছিল।


হত্যাকাণ্ডত ব্যৱহৃত বিস্ফোৰক পদাৰ্থৰ তদন্ত এফ এছ এলৰ দলে অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ