--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • স্বামী বহিঃৰাজ্যত থকাৰ সুযোগ লৈ ৰক্ষিতাই সিদ্দাৰাজু নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে।

ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ বাবেই বহু অঘটন ঘটি থকা দেখিবলৈ পোৱা যায়। পৰকীয়া প্ৰেমে ধ্বংস কৰিছে বহু সংসাৰ, কোনো কোনো হৈছে হত্যাৰ বলি। ক্ৰমান্বয়ে মহামাৰীৰ দৰে যেন শিপাইছে পৰকীয়া প্ৰেম, যিয়ে বৰ বেয়াকৈ আঘাত সানিছে আমাৰ সমাজক। বহু ঘটনা চকুৰ আগত দেখি থাকিও কিছুমান সাৱধান নহয়, যাৰ ফলত শেষ হয় জীৱন।


শেহতীয়াকৈ কৰ্ণাটকৰ মাইছোৰ জিলাৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ পৰকীয়া প্ৰেমৰ ঘটনা।ভেৰিয়া গাঁৱৰ এটা লজত বিবাহিতা প্ৰেমিকাক হত্যা কৰি পলায়ন কৰে প্ৰেমিকে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী। মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।


তথ্য অনুসৰি মৃত মহিলাগৰাকীৰ নাম ৰক্ষিতা। ৰক্ষিতাৰ স্বামী কৰ্মসূত্ৰে কেৰালাত থাকে। স্বামী বহিঃৰাজ্যত থকাৰ সুযোগ লৈ ৰক্ষিতাই সিদ্দাৰাজু নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। ঘটনাটো ঘটাৰ দিনা দুয়োজনেই মধুৰ মুহূৰ্ত কটাবলৈ এটা লজলৈ গৈছিল। তাতে কিবা এটা কথাক লৈ দুয়োৰে মাজত বিবাদ হৈছিল।


খঙত সিদ্দাৰাজুৱে ৰক্ষিতাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰে। বিবাহিতা প্ৰেমিকাক হত্যা কৰাৰ পিছত সিদ্দাৰাজুৱে এই ঘটনাটোক মোবাইল ফোন বিস্ফোৰণ বুলি দেখুৱাবলৈ চেষ্টা কৰে। অৱশ্যে সেই স্থানৰ পৰা পলাবলৈ চেষ্টা কৰোতে স্থানীয় ৰাইজে তেওঁক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।


মহিলাগৰাকীৰ মৃতদেহ বিছনাতে পৰি থকা অৱস্থাত উদ্ধাৰ হয়। তেওঁৰ মুখখন বিস্ফোৰকেৰে উৰুৱাই দিয়া হৈছিল।


হত্যাকাণ্ডত ব্যৱহৃত বিস্ফোৰক পদাৰ্থৰ তদন্ত এফ এছ এলৰ দলে অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক