--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সেন্দূৰৰ কাৰণে স্থগিত ৰখা আই পি এলৰ খেলসমূহ ১৭ মে'ৰ পৰা পুনৰ আৰম্ভ হ'ব। ১২ মে'ত আই পি এলৰ সংশোধিত সূচী ঘোষণা কৰা হৈছে। 

উল্লেখযোগ্য যে আই পি এলৰ লীগ পৰ্যায়ত আৰু ১৩খন মেচ খেলিবলৈ বাকী আছে। দহটা দলৰ প্ৰতিযোগিতাখনত ইতিমধ্যে তিনিটা দল প্লেঅফৰ দৌৰৰ পৰা বাহিৰ হৈছে। বাকী থকা সাতটা দলৰ ভিতৰত চাৰিটাই প্লেঅফত খেলিব। নতুন সূচীয়ে লীগ পৰ্যায়ৰ মেচসমূহ অধিক আকর্ষণীয় কৰি তুলিছে। লীগ 'পৰ্যায়ৰ অন্তিম দুখন প্লেঅফৰ দল চাৰিটা নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অন্তিম দুদিনত লক্ষ্ণৌ ছুপাৰ 'জায়েন্টছ, মুম্বাই ইণ্ডিয়ানছ, পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্রতিদ্বন্দ্বিতা কৰিব। 

চাৰিওটা দলৰে প্লেঅফৰ সম্ভাৱনা সজীৱ হৈ আছে। এই মেচকেইখনে প্লেঅফৰ দুটা দল নির্ধাৰণ কৰিব। উল্লেখযোগ্য যে এইবাৰৰ আই পি এলত গুজৰাট টাইটানছে ১১খন মেচৰ ৮খনত জয়ী হৈ ১৬ পইন্টেৰে প্ৰথম স্থানত আছে।

দলটোৱে অন্তিম তিনিখন মেচত দিল্লী কেপিটেলছ, লক্ষ্ণৌ আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব আৰু ইয়াৰে এখন জয়ী হ'লেই প্লেঅফত স্থান নিশ্চিত হৈ পৰিব। অৱশ্যে প্রথম দুটাৰ ভিতৰত স্থান পাবলৈ হ'লে গুজৰাটে কমেও দুখন মেচত জয়লাভ কৰিব লাগিব। ইফালে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুবে ১১খন মেচৰ ৮খনত জয়ী হৈ ১৬ পইন্ট লাভ কৰে আৰু ৰানৰেটৰ ব্যৱধানৰ বাবে দ্বিতীয় স্থানত আছে। দলটোরে অন্তিম তিনিখনত মেচ খেলিব কলকাতা নাইট ৰাইডাৰ্ছ, ছান ৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌৰ বিৰুদ্ধে খেলিব। ইয়াৰে এখনত জয়ী হ'লেই প্লেঅফত স্থান অনিশ্চিত নিশ্চিত আৰু আৰু দুখনত জয়ী হ'লে প্রথম দুটাৰ ভিতৰত স্থান লাভ কৰাটো নিশ্চিত হ'ব। ইফালে পঞ্জাবে ১১খন মেচৰ সাতখনত জয়ী অন্ত্রক এখন মেচ পৰিত্যক্ত হোৱাৰ ফলত ১৫ পইণ্টেৰে তৃতীয় স্থানত আছে। প্লেঅফত স্থান পাবলৈ হ'লে পঞ্জাবে ৰাজস্থান, দিল্লী আৰু মুম্বাইৰ বিৰুদ্ধে খেলিবলগীয়া অন্তিম তিনিখন মেচৰ কমেও দুখনত জয়ী হ'ব লাগিব। ইয়াৰ ভিতৰত দিল্লীৰ বিৰুদ্ধে জয়লাভ কৰিবই লাগিব। আৰু যদি সেইটো হয় তেতিয়া প্লেঅফৰ আনটো দল নির্ণয় কৰিব, দিল্লী আৰু মুম্বাইৰ মাজৰ মেচখনে। পঞ্জাবে প্রথম দুটাৰ ভিতৰত স্থান পাবলৈ হ'লে অন্তিম তিনিখন মেচৰ তিনিওখনতে জয়লাভ কৰিব লাগিব। 

মুম্বায়ে ১২খন মেচৰ সাতখনত জয়ী হৈ ১৪ পইণ্টেৰে চতুৰ্থ স্থানত আছে। মুম্বায়ে প্লেঅফত 'খেলাৰ বাবে অন্তিম দুখন মেচত পঞ্জাব আৰু দিল্লী উভয়কে হৰুৱাব লাগিব। ইফালে দিল্লীয়ে ১১খন মেচৰ পৰা ১৩ পইন্ট সংগ্ৰহ কৰি পঞ্চম স্থানত আছে। দলটোৱে প্লে অফত স্থান লাভৰ বাবে অন্তিম তিনিখন মেচত গুজৰাট, মুম্বাই আৰু পঞ্জাবক হৰুৱাব লাগিব। ষষ্ঠ আৰু সপ্তম স্থানত থকা ক্রমে কলকাতা আৰু লক্ষ্ণৌৰ বাবে প্লেঅফৰ পথ সুগম নহয়। কলকাতাই অন্তিম দুখন মেচত জয়ী হোৱাৰ লগতে পঞ্জাব, মুম্বাই আৰু দিল্লী অন্তিম মেচকেইখনত পাৰজিত হ'বই লাগিব। লক্ষ্ণৌৰো সমীকৰণ একেটাই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
আফ্ৰিকান ছ’ৱাইন ফিভাৰৰ সংক্ৰমণ ; গাহৰি পালকক সজাগ হ'বলৈ আহ্বান বিশ্বনাথৰ পশু চিকিৎসা বিভাগৰ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ