--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'সংস্কৃত ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে' অভিনেতা অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত হিন্দীক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত অভিনেত্ৰী কংগনা ৰাণাৱটে শুকুৰবাৰে এই মন্তব্য কৰে৷ 
'মই কওঁ যে সংস্কৃত আমাৰ ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে, হিন্দী, জাৰ্মানী, ইংৰাজী, ফৰাচীৰ দৰে ভাষা, এই সকলোবোৰ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। আমাৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে সংস্কৃত কিয় নাই? বিদ্যালয়সমূহত এইটো কিয় বাধ্যতামূলক নহয়, মই সেইটো নাজানো' - তেওঁৰ নতুন ছবি ‘ধাকড়’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি ৰাণাৱতে এই মন্তব্য কৰে৷ 

'হিন্দী আমাৰ ৰাষ্ট্ৰভাষা আছিল, ৰাষ্ট্ৰভাষা হয় আৰু সদায় ৰাষ্ট্ৰভাষা হৈ থাকিব' বুলি তাৰকা অভিনেতা দেৱগনে কৰা মন্তব্যৰ সমৰ্থন কৰি ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে কয় যে হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে অস্বীকাৰ কৰাটোৱে সংবিধানক অস্বীকাৰ কৰিছে। 'আজি দেশৰ ভিতৰত আমি ইংৰাজীক যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছোঁ। সংবিধান অনুসৰি হিন্দী হৈছে ৰাষ্ট্ৰীয় ভাষা' তেওঁ কয়। কানাড়া অভিনেতা কিচ্চা সুদীপে কৈছিল যে হিন্দী কেতিয়াও ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়। হিন্দীত লিখা এটা টুইটত দেৱগণে সুদীপক টেগ কৰি কয়, ‘ভাই, যদি আপোনাৰ মতে হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয় তেন্তে আপুনি আপোনাৰ চিনেমাবোৰ হিন্দীত ডাব কৰি কিয় মুকলি কৰে? হিন্দী আমাৰ মাতৃভাষা আৰু ৰাষ্ট্ৰীয় ভাষা আৰু সদায় ৰাষ্ট্ৰভাষা হৈ থাকিব।' 

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, কংগ্ৰেছ নেতা সিদাৰামাইয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সুদীপক তেওঁৰ মন্তব্যৰ বাবে সমৰ্থন জনাইছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ