--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'সংস্কৃত ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে' অভিনেতা অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত হিন্দীক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত অভিনেত্ৰী কংগনা ৰাণাৱটে শুকুৰবাৰে এই মন্তব্য কৰে৷ 
'মই কওঁ যে সংস্কৃত আমাৰ ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে, হিন্দী, জাৰ্মানী, ইংৰাজী, ফৰাচীৰ দৰে ভাষা, এই সকলোবোৰ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। আমাৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে সংস্কৃত কিয় নাই? বিদ্যালয়সমূহত এইটো কিয় বাধ্যতামূলক নহয়, মই সেইটো নাজানো' - তেওঁৰ নতুন ছবি ‘ধাকড়’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি ৰাণাৱতে এই মন্তব্য কৰে৷ 

'হিন্দী আমাৰ ৰাষ্ট্ৰভাষা আছিল, ৰাষ্ট্ৰভাষা হয় আৰু সদায় ৰাষ্ট্ৰভাষা হৈ থাকিব' বুলি তাৰকা অভিনেতা দেৱগনে কৰা মন্তব্যৰ সমৰ্থন কৰি ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে কয় যে হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে অস্বীকাৰ কৰাটোৱে সংবিধানক অস্বীকাৰ কৰিছে। 'আজি দেশৰ ভিতৰত আমি ইংৰাজীক যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছোঁ। সংবিধান অনুসৰি হিন্দী হৈছে ৰাষ্ট্ৰীয় ভাষা' তেওঁ কয়। কানাড়া অভিনেতা কিচ্চা সুদীপে কৈছিল যে হিন্দী কেতিয়াও ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়। হিন্দীত লিখা এটা টুইটত দেৱগণে সুদীপক টেগ কৰি কয়, ‘ভাই, যদি আপোনাৰ মতে হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয় তেন্তে আপুনি আপোনাৰ চিনেমাবোৰ হিন্দীত ডাব কৰি কিয় মুকলি কৰে? হিন্দী আমাৰ মাতৃভাষা আৰু ৰাষ্ট্ৰীয় ভাষা আৰু সদায় ৰাষ্ট্ৰভাষা হৈ থাকিব।' 

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, কংগ্ৰেছ নেতা সিদাৰামাইয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সুদীপক তেওঁৰ মন্তব্যৰ বাবে সমৰ্থন জনাইছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ