--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচণ্ড গ্ৰীষ্মদাহে দহিছে বিহাৰক৷ বিগত কেইটামান দিন ধৰি ৰাজ্যখনত উষ্ণতা ইমানেই বৃদ্ধি পাবলৈ ধৰিছে যে বিহাৰৰ নাগৰিকৰ জীৱনযাত্ৰাও স্তব্ধ হৈ পৰিছে৷

তাৰ মাজতে এটি বিহাৰৰ এটি বিশেষ ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে৷ এটা অদ্ভুত ঘটনাৰ সাক্ষী হৈ ৰ’ল গয়াবাসী৷ গ্ৰীষ্মই বিহাৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে৷

বিহাৰ গয়াত এজন যুৱকে পথৰ কাষত ৰ’দৰ তাপতে অমলেট প্ৰস্তুত কৰা দৃশ্যই এতিয়া সকলোকে আমোদ দিছে৷  পথৰ কাষত এখন বেঞ্চত যুৱকজনে অমলেট প্ৰস্তুত কৰি থকা দেখা গৈছে৷ ইয়াৰ পৰাই প্ৰতীয়মান হয় যে বিহাৰত গ্ৰীষ্মৰ উষ্ণতাই কালৰূপ ধাৰণ কৰিছে৷ 
বিশেষকৈ নৱাদা, ঔৰংগাবাদ আৰু গয়া জিলাত এক অভিলেখ ভংগকাৰী গৰমে জনজীৱন ব্যাহত কৰি তোলা পৰিলক্ষিত হৈছে৷

গয়াৰ যুৱকসকলে গৰমৰ তীব্ৰতা জোখাৰ বাবে টেবুলত নিজেই অমলেট বনোৱা আৰম্ভ কৰিছে৷ সাতৰ পৰা আঠ মিনিটত সাজু কৰি তুলিছে ৰ’দৰ উষ্ণতাত প্ৰস্তুত কৰি তোলা অমলেট৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ