--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ হাতীটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দুটা হাতীসহ ঘটনাস্থলীলৈ ৰাওনা হৈছে কাজিৰঙাৰ পৰা বৃহৎ চিকিৎসকৰ দল। wild-elephant

ডিজিটেল ডেস্ক: নুমলীগড়ত উদ্বেগজনক ঘটনা। ডিঙিত টায়াৰ সোমোৱা এটা বন্যহস্তীৰ বিচৰণ। আতংকিত হৈ চাহ বাগিচাত বিচৰণ কৰি থকা অৱস্থাত দেখা গৈছে এটা বন্যহস্তীটোক। 


ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ হাতীটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দুটা হাতীসহ ঘটনাস্থলীলৈ ৰাওনা হৈছে কাজিৰঙাৰ পৰা বৃহৎ চিকিৎসকৰ দল। 


নুমলীগড়ৰ বকিয়াল চাহ বাগিছাত ডিঙিত ট্ৰেক্টৰৰ টায়াৰ সোমোৱা অৱস্থাত দেখা গৈছে এটা বন্যহস্তীটোক। খাদ্যৰ সন্ধানত ঘূৰি ফুৰোঁতেই বন্যহস্তীটোৰ ডিঙিত টায়াৰ সোমোৱাৰ সন্দেহ ৰাইজৰ।


কেমেৰাত দৃশ্য বন্দী হোৱাৰ পিছতে গোলাঘাট জিলা বন বিভাগৰ দল উপস্থিত হৈ দ্ৰোণৰ সহায়ত হাতীটো পৰ্যবেক্ষণ কৰি হাতীটোৰ ডিঙিৰ পৰা টায়াৰটো খুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বৰ্তমান প্ৰৰ্যন্ত সম্ভৱ হোৱা নাই। কাজিৰঙাৰ এটা চিকিৎসকৰ দল আৰু দুটাকৈ ঘৰচীয়া হাতীৰ সহায়ত অভিযান চলাই হাতীটোৰ ডিঙিৰ পৰা টায়াৰটো ওলিয়াবলৈ চেষ্টা চলাইছে। কিন্তু হাতীটো এটা জাকৰ লগত থকাৰ বাবে বিপাঙত পৰিছে বন বিভাগৰ দল।


ৰাইজক বন্যহস্তীটোৰ ওচৰে-পাজৰে হৈ চৈ কৰি আতংকিত নকৰিবলৈ আহ্বান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত