--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ হাতীটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দুটা হাতীসহ ঘটনাস্থলীলৈ ৰাওনা হৈছে কাজিৰঙাৰ পৰা বৃহৎ চিকিৎসকৰ দল। wild-elephant

ডিজিটেল ডেস্ক: নুমলীগড়ত উদ্বেগজনক ঘটনা। ডিঙিত টায়াৰ সোমোৱা এটা বন্যহস্তীৰ বিচৰণ। আতংকিত হৈ চাহ বাগিচাত বিচৰণ কৰি থকা অৱস্থাত দেখা গৈছে এটা বন্যহস্তীটোক। 


ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ হাতীটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দুটা হাতীসহ ঘটনাস্থলীলৈ ৰাওনা হৈছে কাজিৰঙাৰ পৰা বৃহৎ চিকিৎসকৰ দল। 


নুমলীগড়ৰ বকিয়াল চাহ বাগিছাত ডিঙিত ট্ৰেক্টৰৰ টায়াৰ সোমোৱা অৱস্থাত দেখা গৈছে এটা বন্যহস্তীটোক। খাদ্যৰ সন্ধানত ঘূৰি ফুৰোঁতেই বন্যহস্তীটোৰ ডিঙিত টায়াৰ সোমোৱাৰ সন্দেহ ৰাইজৰ।


কেমেৰাত দৃশ্য বন্দী হোৱাৰ পিছতে গোলাঘাট জিলা বন বিভাগৰ দল উপস্থিত হৈ দ্ৰোণৰ সহায়ত হাতীটো পৰ্যবেক্ষণ কৰি হাতীটোৰ ডিঙিৰ পৰা টায়াৰটো খুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বৰ্তমান প্ৰৰ্যন্ত সম্ভৱ হোৱা নাই। কাজিৰঙাৰ এটা চিকিৎসকৰ দল আৰু দুটাকৈ ঘৰচীয়া হাতীৰ সহায়ত অভিযান চলাই হাতীটোৰ ডিঙিৰ পৰা টায়াৰটো ওলিয়াবলৈ চেষ্টা চলাইছে। কিন্তু হাতীটো এটা জাকৰ লগত থকাৰ বাবে বিপাঙত পৰিছে বন বিভাগৰ দল।


ৰাইজক বন্যহস্তীটোৰ ওচৰে-পাজৰে হৈ চৈ কৰি আতংকিত নকৰিবলৈ আহ্বান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ