--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উদণ্ড যুৱক কেইজনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্মাণ কাৰ্য চলি থকা জল জীৱন মিছন কাৰ্যালয়ৰ চৌহদত প্ৰবেশ কৰি উদ্ভণ্ডালি কৰিছিল ।ইয়াৰ বাবেই বিতোপন দাস নামৰ এই যুৱকজনে তেওঁলোকক কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰাত বাধা দিছিল।

ডিজিটেল ডেস্ক: লাহৰীঘাটৰ ভূৰাগাঁৱত এটি বঙালী অধ্যুষিত অঞ্চলত এজন অসমীয়া যুৱকক গুৰুলা গুৰুলকৈ আক্ৰমণ। আক্ৰমণৰ বলি হোৱা যুৱকজন নলবাৰী জিলাৰ বিতোপন দাস।


মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও অঞ্চলৰ ১ নং বটালিমাৰীত জেজিএম আঁচনিৰ কামত নিয়োজিত যুৱকজনক স্থানীয় কেবাজনো বঙালী যুৱকে পথত আগচি মাৰপিট কৰে।গাঁওখনৰ অখিল বিশ্বাস,নিখিল বিশ্বাস আৰু ৰমেন বিশ্বাসৰ নেতৃত্বত যুৱক জনক আক্ৰমণ। 


উদণ্ড যুৱক কেইজনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্মাণ কাৰ্য চলি থকা জল জীৱন মিছন কাৰ্যালয়ৰ চৌহদত প্ৰবেশ কৰি উদ্ভণ্ডালি কৰিছিল ।ইয়াৰ বাবেই বিতোপন দাস নামৰ এই যুৱকজনে তেওঁলোকক কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰাত বাধা দিছিল। এই সাধাৰণ কথাটোকে লৈ আঁচনিৰ কামত নিয়োজিত নলবাৰীৰ যুৱকজনক কামৰ পৰা ঘূৰি অহা অৱস্থাত যুৱককেইজনে পথতে আগচি ধৰি মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে। 


ঘটনাৰ সন্দৰ্ভত যুৱকজনে ভূৰাগাঁও থানাত আক্ৰমণকাৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল যদিও আজিও ভূৰাগাঁও আৰক্ষীয়ে উদণ্ড যুৱক কেইজনক সুৰক্ষা প্ৰদান কৰা অভিযোগ। বৰ্তমান নিঃসহায় হৈ পৰিছে প্ৰহৃত যুৱকজন। কিয় বাৰে বাৰে অসমীয়াৰ ওপৰত বঙালী বিহাৰীৰ চলিছে আক্ৰমণ, সেয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত