--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উদণ্ড যুৱক কেইজনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্মাণ কাৰ্য চলি থকা জল জীৱন মিছন কাৰ্যালয়ৰ চৌহদত প্ৰবেশ কৰি উদ্ভণ্ডালি কৰিছিল ।ইয়াৰ বাবেই বিতোপন দাস নামৰ এই যুৱকজনে তেওঁলোকক কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰাত বাধা দিছিল।

ডিজিটেল ডেস্ক: লাহৰীঘাটৰ ভূৰাগাঁৱত এটি বঙালী অধ্যুষিত অঞ্চলত এজন অসমীয়া যুৱকক গুৰুলা গুৰুলকৈ আক্ৰমণ। আক্ৰমণৰ বলি হোৱা যুৱকজন নলবাৰী জিলাৰ বিতোপন দাস।


মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও অঞ্চলৰ ১ নং বটালিমাৰীত জেজিএম আঁচনিৰ কামত নিয়োজিত যুৱকজনক স্থানীয় কেবাজনো বঙালী যুৱকে পথত আগচি মাৰপিট কৰে।গাঁওখনৰ অখিল বিশ্বাস,নিখিল বিশ্বাস আৰু ৰমেন বিশ্বাসৰ নেতৃত্বত যুৱক জনক আক্ৰমণ। 


উদণ্ড যুৱক কেইজনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্মাণ কাৰ্য চলি থকা জল জীৱন মিছন কাৰ্যালয়ৰ চৌহদত প্ৰবেশ কৰি উদ্ভণ্ডালি কৰিছিল ।ইয়াৰ বাবেই বিতোপন দাস নামৰ এই যুৱকজনে তেওঁলোকক কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰাত বাধা দিছিল। এই সাধাৰণ কথাটোকে লৈ আঁচনিৰ কামত নিয়োজিত নলবাৰীৰ যুৱকজনক কামৰ পৰা ঘূৰি অহা অৱস্থাত যুৱককেইজনে পথতে আগচি ধৰি মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে। 


ঘটনাৰ সন্দৰ্ভত যুৱকজনে ভূৰাগাঁও থানাত আক্ৰমণকাৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল যদিও আজিও ভূৰাগাঁও আৰক্ষীয়ে উদণ্ড যুৱক কেইজনক সুৰক্ষা প্ৰদান কৰা অভিযোগ। বৰ্তমান নিঃসহায় হৈ পৰিছে প্ৰহৃত যুৱকজন। কিয় বাৰে বাৰে অসমীয়াৰ ওপৰত বঙালী বিহাৰীৰ চলিছে আক্ৰমণ, সেয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ