--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ৱাশ্বিং মেচিন খোলাৰ লগে ওলাল বৃহৎ পৰিমাণৰ নগদ ধন। সেই ধন দেখি চকু কপালত উঠিল আৰক্ষীৰ। এই ঘটনা অন্ধ্ৰ প্ৰদেশৰ। 

এখন ট্ৰাক সামগ্ৰী কঢ়িয়াই শ্ব’ৰুমলৈ গৈ আছিল। সেই ট্ৰাকখনত ৱাশ্বিং মেচিন বোজাই কৰি থোৱা হৈছিল। ইফালে আৰক্ষীয়ে এখন ট্ৰাকত বৃহৎ পৰিমাণৰ নগদ ধন কঢ়িয়াই নিয়াৰ গোপন তথ্য লাভ কৰে।

তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বাটত যান-বাহন পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। বিশাখাপট্টনমৰ পৰা বিজয়াৱাড়ালৈ যোৱা পথত আৰক্ষীয়ে বাহন পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত ৱাশ্বিং মেচিন কঢ়িয়াই নিয়া ট্ৰাকখন পৰীক্ষা কৰে আৰক্ষীয়ে। ট্ৰাকখনত থকা দুটা ৱাশ্বিং মেচিনৰ পৰা ১ কোটি ৩০ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰে আৰক্ষীয়ে। হয়। ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰে ৩০টা মোবাইল ফোন। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কুৰিয়াৰ ছাৰ্ভিছত কৰ্মৰত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জব্দ কৰা নগদ ধনৰ বিষয়ে গজুৱাকাৰ ডিচিপি কে আনন্দ ৰেড্ডীয়ে কয় যে কোম্পানীয়ে এই নগদ ধন বিশাখাপট্টনম আৰু ওচৰৰ শ্ৰীকাকুলাম আৰু বিজিয়ানগৰৰ পৰা বেংকত জমা কৰিবলৈ প্ৰেৰণ কৰিছিল।

এই ঘটনাৰ লগত জড়িত কোনো স্পষ্ট কাৰণ বা ইয়াৰ সৈতে জড়িত কোনো নথি-পত্ৰ পোৱা নগ’ল। ইয়াৰ পিছতে আৰক্ষীয়ে চি আৰ পি চিৰ ১০২ আৰু ৪১ ধাৰাত গোচৰ ৰুজু কৰি নগদ ধন স্থানীয় আদালতত গতাই দিয়ে। ইয়াৰ উপৰিও আৰক্ষীয়ে আয়কৰ বিভাগ আৰু জি এছ টিৰ বিষয়াসকলক নগদ ধন উদ্ধাৰৰ বিষয়ে অৱগত কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক