--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ৱাশ্বিং মেচিন খোলাৰ লগে ওলাল বৃহৎ পৰিমাণৰ নগদ ধন। সেই ধন দেখি চকু কপালত উঠিল আৰক্ষীৰ। এই ঘটনা অন্ধ্ৰ প্ৰদেশৰ। 

এখন ট্ৰাক সামগ্ৰী কঢ়িয়াই শ্ব’ৰুমলৈ গৈ আছিল। সেই ট্ৰাকখনত ৱাশ্বিং মেচিন বোজাই কৰি থোৱা হৈছিল। ইফালে আৰক্ষীয়ে এখন ট্ৰাকত বৃহৎ পৰিমাণৰ নগদ ধন কঢ়িয়াই নিয়াৰ গোপন তথ্য লাভ কৰে।

তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বাটত যান-বাহন পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। বিশাখাপট্টনমৰ পৰা বিজয়াৱাড়ালৈ যোৱা পথত আৰক্ষীয়ে বাহন পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত ৱাশ্বিং মেচিন কঢ়িয়াই নিয়া ট্ৰাকখন পৰীক্ষা কৰে আৰক্ষীয়ে। ট্ৰাকখনত থকা দুটা ৱাশ্বিং মেচিনৰ পৰা ১ কোটি ৩০ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰে আৰক্ষীয়ে। হয়। ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰে ৩০টা মোবাইল ফোন। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কুৰিয়াৰ ছাৰ্ভিছত কৰ্মৰত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জব্দ কৰা নগদ ধনৰ বিষয়ে গজুৱাকাৰ ডিচিপি কে আনন্দ ৰেড্ডীয়ে কয় যে কোম্পানীয়ে এই নগদ ধন বিশাখাপট্টনম আৰু ওচৰৰ শ্ৰীকাকুলাম আৰু বিজিয়ানগৰৰ পৰা বেংকত জমা কৰিবলৈ প্ৰেৰণ কৰিছিল।

এই ঘটনাৰ লগত জড়িত কোনো স্পষ্ট কাৰণ বা ইয়াৰ সৈতে জড়িত কোনো নথি-পত্ৰ পোৱা নগ’ল। ইয়াৰ পিছতে আৰক্ষীয়ে চি আৰ পি চিৰ ১০২ আৰু ৪১ ধাৰাত গোচৰ ৰুজু কৰি নগদ ধন স্থানীয় আদালতত গতাই দিয়ে। ইয়াৰ উপৰিও আৰক্ষীয়ে আয়কৰ বিভাগ আৰু জি এছ টিৰ বিষয়াসকলক নগদ ধন উদ্ধাৰৰ বিষয়ে অৱগত কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ