--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যা!প্ৰাক-ঐতিহাসিক যুগৰ পৰা বৰ্তমান সময়লৈকে শিৰোনামত থকা এখন গুৰুত্বপূৰ্ণ চহৰ৷কিম্বদন্তি অনুসৰি হিন্দুসকলৰ পৰম উপাস্য মৰ্যাদাপুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰ জন্ম এই অযোধ্যাৰ পবিত্ৰ ভূমিতে৷কিন্তু এই অযোধ্যাৰ পবিত্ৰ ভূমি কেইবাদশক ধৰি আছিল অশান্ত৷দীৰ্ঘদিন ধৰি চলা আইনী যুজঁৰ অন্তত অৱশেষত অযোধ্যাৰ বিবাদমান ভূমিত মহামান্য উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি দিয়ে৷আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবেও পৃথককৈ ভূমি আবণ্টন কৰে৷কিন্তু শেহতীয়াকৈ এক বিশেষ কাৰণত পুনৰ আলোচনাৰ প্ৰেক্ষাপটত ৰাম মন্দিৰ আৰু বাবৰি মছজিদৰ প্ৰসংগ৷

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ২২ জানুৱাৰীত অযোধ্যা মন্দিৰত ভগৱান ৰামৰ প্ৰতিমা স্থাপন নিশ্চিত কৰাৰ এদিন পাছতে প্ৰধানমন্ত্ৰী মোদীলৈ আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হয়। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটি উদ্‌যাপনৰ বাবে সমগ্ৰ দেশৰ মন্দিৰসমূহত বিভিন্ন আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰিবলৈদেশবাসীক প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনায়।

ইপিনে প্ৰধানমন্ত্ৰীৰ অযোধ্যা ভ্ৰমণৰ পূৰ্বে একাংশ মুছলমান নেতাই প্ৰধানমন্ত্ৰীক নতুন বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিবলৈ অনুৰোধ জনাইছে। ২০১৯ চনত অযোধ্যাৰ ভূমি বিবাদত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানত কোৱা হৈছে যে ২.৭৭ একৰ বিবাদিত স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে ধনীপুৰত মুছলমানসকলক অন্য ৫ একৰ মাটি দিয়া হ’ব। মন্দিৰ নিৰ্মাণৰ বাবে ‘শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ’ গঠন হোৱাৰ বিপৰীতে মছজিদ নিৰ্মাণৰ তদাৰক কৰিবলৈ ‘ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন’ গঠন কৰা হয়। 

ইণ্ডিয়ান মুছলিম লীগৰ সভাপতি মহম্মদ ইছমাইল আনছাৰীয়ে কয় যে, "আমাৰ প্ৰধানমন্ত্ৰী অযোধ্যালৈ এক শুভ অনুষ্ঠানৰ বাবে আহিব। আমি তেওঁক মছজিদটোৰ কামো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো।এয়া আমাৰ আন্তৰিক ইচ্ছা।" তদুপৰি ইণ্ডিয়ান মুছলিম লীগৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতি নাজমুল হাছান ঘানীয়ে প্ৰধানমন্ত্ৰী মোদীক জামা মছজিদৰ ইমাম আহমেদ বুখাৰী আৰু অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্যনৰ সভাপতি ড০ ইলিয়াছিৰ সৈতে আহি ধনীপুৰত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিবলৈ অনুৰোধ জনায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ