--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘূৰ্ণীবতাহ ‘হামুন’ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে এক আপডেট জাৰি কৰিছে। আগন্তুক ১২ ঘন্টাত ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু মিজোৰামত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে জনসাধাৰণক ধুমুহাৰ বিষয়ে অৱগত হৈ থাকিবলৈ আৰু চৰকাৰী পৰামৰ্শ মানি চলিবলৈ অনুৰোধ জনাইছে। ইয়াৰ সমান্তৰালকৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক ধুমুহাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুতি ৰখাৰ লগতে উদ্ধাৰ আৰু সাহায্যৰ বাবে দল সাজু কৰিবলৈ কোৱা হৈছে।

ব্যক্তিগত বতৰ ৱেবছাইট স্কাইমেটত প্ৰকাশ পোৱা তথ্য অনুসৰি, প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ধুমুহা ‘হামুন’ এতিয়া উত্তৰ-পূব দিশলৈ গতি কৰিছে। ২৫ অক্টোবৰৰ বিয়লি চট্টগ্ৰামৰ দক্ষিণে বাংলাদেশৰ উপকূল অতিক্ৰম কৰিছিল। ইয়াৰ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৭৫ৰ পৰা ৮৫ কিলোমিটাৰৰ ভিতৰত থাকে। 

এই ধুমুহা আজি পূৰ্বতকৈ দুৰ্বল হৈ পৰিব পাৰে বুলি কোৱা হৈছে। আন এক অনুৰূপ ঘূৰ্ণীবতাহৰ ধুমুহা অন্ধ্ৰপ্ৰদেশ উপকূলৰ পৰা বংগৰ উত্তৰ-পশ্চিম উপসাগৰৰ ওপৰত সমুদ্ৰপৃষ্ঠৰ পৰা ১.৫ৰ পৰা ৩.১ কিলোমিটাৰ উচ্চতাত আছে।

দেশৰ যোৱা ২৪ ঘণ্টাৰ বতৰৰ কথা যদি কওঁ লক্ষদ্বীপ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অসম, মেঘালয় আৰু নাগালেণ্ডত সামান্য বৰষুণ হৈছিল। এই সময়ছোৱাত কেৰালাত সামান্যৰ পৰা মধ্যমীয়া বৰষুণ হৈছিল। আনহাতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু গংগা পশ্চিম বংগত লঘুৰ পৰা মধ্যমীয়া বৰষুণ হৈছিল।

সংস্থাটোৰ মতে, আজি উত্তৰ-পশ্চিম, মধ্য আৰু পূব ভাৰতৰ নূন্যতম উষ্ণতা সামান্য হ্ৰাস পাব পাৰে। যাৰ বাবে ৰাতি ঠাণ্ডাৰ অনুভৱ আৰু বৃদ্ধি পাব। উত্তৰ-পূব ভাৰত, গংগেটিক পশ্চিম বংগ, উপকূলীয় ওড়িশা, উপকূলীয় অন্ধ্ৰ প্ৰদেশ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপত আজি সামান্য বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ লগতে আগন্তুক ২৪ ঘন্টাত কেৰালাত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ