--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাজাত চলি থকা ইজৰাইলৰ আক্ৰমণত বুধবাৰে ৭গৰাকী মহিলাসহ কমেও ৮২জন লোকৰ মৃত্যু হয় আৰু বৃহস্পতিবাৰে ৫২জন লোকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা সদৰী কৰে। ইপিনে ৰাষ্ট্ৰসংঘই মানৱীয় সাহায্য কর্তনত সমালোচনা কৰিছে আৰু এই সাহায্য পর্যাপ্ত নহয় বুলি মন্তব্য কৰিছে। 

পেলেষ্টাইনী শৰণাৰ্থীৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থাই সীমান্তৰে আহ-যাহৰ পথ ততালিকে মুকলি কৰিবলৈ আৰু সাহায্য সামগ্ৰীৰ বাধাহীন যোগান সু-নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে লগতে মানৱীয় সংস্থাসমূহক মুক্তভাৱে

কাম কৰাত আৰু গাজাৰ জনসাধাৰণৰ বাবে চলোৱা গুৰুত্বপূৰ্ণ সাহায্য প্রচেষ্টাত বাধাৰ সৃষ্টি নকৰিবলৈ ইজৰাইলৰ প্ৰতি আহ্বান জনাইছে। আনহাতে, জেৰুজালেমৰ পৰা পোৱা বাতৰি অনুসৰি, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে কয় যে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত হামাছৰ শীৰ্ষ নেতা মহম্মদ ছিনৱাৰ নিহত হৈছে। 

দক্ষিণ গাজাৰ এখন হস্পিটেলত ইজৰাইলী বিমান আক্ৰমণত সম্ভৱতঃ হামাছৰ শীর্ষ নেতাজন নিহত হৈছে বুলি ইজৰাইলী প্রধানমন্ত্রীজনে কয়। অৱশ্যে, আনুষ্ঠানিকভাৱে হামাছৰ শীৰ্ষ নেতাজনৰ মৃত্যু নিশ্চিত কৰা নাই।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ