--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেশত এনে বহুতো খেলুৱৈ আছে যিয়ে আন্তৰ্জাতিক মঞ্চত দেশলৈ সুনাম কঢ়িয়াই আনে কিন্তু নিজৰ দেশত তেওঁলোকে প্ৰাপ্য সন্মান আৰু সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হয়। মধ্য প্ৰদেশৰ ৰেৱাত এজন পেৰা এথলীটে বৰ্তমান আৰ্থিক দুৰাৱস্থাৰ সৈতে যুঁজি আছে। পেৰা এটলীটগৰাকীৰ নাম শচীন চাহু। শচীন চাহুৱে ২০ সংখ্যক ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকিছিল, কিন্তু আজি তেওঁৰ অৱস্থা ভাল নহয়। ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শচীন চাহুৱে কুলফি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আছে। 

প্ৰতিযোগিতাখন ভুৱনেশ্বৰত অনুষ্ঠিত হৈছিল। কঠোৰ পৰিশ্ৰমৰ পিছত, তেওঁ উৰিষ্যাৰ ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত অনুষ্ঠিত ২০ সংখ্যক ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকিছিলে। শচীন চাহুৰ বয়স ২১ বছৰ। শচীনৰ বাওঁ ভৰি সোঁভৰিতকৈ ৭ ইঞ্চি চুটি। তেওঁ ১.১৭ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰিছিল। উক্ত প্ৰতিযোগিতাখন ২৮ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হৈছিল।শচীনে কৈছিল যে তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নহয়। 

তেওঁ কয় যে "মই কেতিয়াও দিব্যাংগ আৰু বিত্তীয় পৰিস্থিতিক সমস্যা হিচাপে দেখা নাই। মই ৰেৱাৰ খহটা পথাৰত দৌৰো। চাৰি বছৰৰ সংগ্ৰামৰ পিছত মোৰ কঠোৰ পৰিশ্ৰমে ৰং দেখিবলৈ আৰম্ভ কৰিছিলে। যেতিয়াই মই প্ৰতিযোগিতালৈ যাওঁ, বিত্তীয় সমস্যাবোৰ আহে। গতিকে মই জীৱিকাৰ বাবে কুলফি বিক্ৰী কৰিবলৈ কাম কৰোঁ। দেউতা আৰু দাদায়েও কুলফি বিক্ৰী কৰে। মই তেওঁলোকক তেওঁলোকৰ কামত সহায় কৰো। মই কেৱল দশম শ্ৰেণীলৈকে অধ্যয়ন কৰিছো।"

প্ৰথমে ক্ৰিকেটাৰ এতিয়া দৌৰবিদ

শচীনে লগতে কয় মই ২০১৫ চনৰ পৰা ২০১৯ চনলৈ ক্ৰিকেট খেলিছিলো, কিন্তু বিকলাঙ্গ হোৱাৰ বাবে, মই ক্ৰিকেটত বিশেষ সফলতা অৰ্জন কৰা নাছিলোঁ। তাৰ পিছত তেওঁ ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে গোৱালিয়ৰস্থিত এথলেটিকছ প্ৰশিক্ষক বি কে ধাৱানৰ সৈতে যোগাযোগ কৰে। তেওঁ মোক এথলেটিকছত চেষ্টা কৰিবলৈ কৈছিল। অৱশ্যে এথলেটিকছৰ পথ অতি কঠিন আছিল। প্ৰথম পৰীক্ষণটো গোৱালিয়ৰত অনুষ্ঠিত হৈছিল। তাৰ পৰা টিটি নগৰ ৰাজ্যিক দলত নিৰ্বাচিত হোৱাৰ পিছত ভূপাল ষ্টেডিয়ামত উপস্থিত হৈছিল। 

কেইবাটাও পৰ্যায়ৰ প্ৰশিক্ষণৰ পাছত তেওঁ ২০২০ চনত নেচনেলত যোগ্যতা অৰ্জন কৰে, কিন্তু কোভিডৰ বাবে প্ৰতিযোগিতাখন বন্ধ কৰা হয়। একেখন প্ৰতিযোগিতা ২০২১ চনত অনুষ্ঠিত হৈছিল, কিন্তু ১০০ মিটাৰ দৌৰত চতুৰ্থ স্থান লাভ কৰিছিল। উৰিষ্যাৰ ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত অনুষ্ঠিত ২০ সংখ্যক ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত শচীন চাহুৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। শচীনৰ ওপৰত যাতে চৰকাৰৰ সুদৃষ্টি পৰে তাৰে আশা ৰাখিছে তেওঁৰ আত্মীয় তথা ওচৰ-চুবুৰীয়াই।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ