--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সৌৰভ গাংগুলীৰ কলকাতাস্থিত বাসভৱনত দেখা গ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷ সৌৰভ গাংগুলীৰ বাসভৱনত এক নৈশ ভোজত অংশ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ কলকাতা ভ্ৰমণলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পুত্ৰ জয় শ্বাহ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড সচিব হিচাপে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ সহকৰ্মী হোৱাৰ বাবে এই ভ্ৰমণটোক এক সৌজন্যমূলক সাক্ষাৎ বুলি কোৱা হৈছে৷ 

গৃহমন্ত্ৰীগৰাকীয়ে দেহৰক্ষীৰ দ্বাৰা পৰিবেষ্টিত এখন বগা এছইউভিত গাংগুলীৰ বাসভৱনত উপস্থিত হৈছিল। সন্মুখৰ আসনত বহি নমস্কাৰৰ ইংগিতৰে ৰাইজক সম্ভাষণ জনোৱা অমিত শ্বাহক চাবলৈ সৌৰভ গাংগুলীৰ বাসভৱনৰ সন্মুখৰ পথটোত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছিল।

গাংগুলীয়ে সাংবাদিকসকলক কৈছিল যে নৈশ ভোজক কেন্দ্ৰ কৰি কোনোধৰণৰ ৰাজনৈতিক চৰ্চী হোৱাৰ প্ৰয়োজন নাই৷ তেওঁ কৈছিল যে তেওঁ অমিত শ্বাহক এটা দশকৰো অধিক সময় ধৰি জানে আৰু কেইবাবাৰো লগ পাইছে।

গাংগুলীয়ে কয়, আমাৰ বহুত কথা পাতিবলৈ আছে। মই তেওঁক ২০০৮ চনৰ পৰা চিনি পাওঁ। যেতিয়া মই খেলিছিলোঁ, তেতিয়াও আমি লগ হৈছিলোঁ৷ বিগত বৰ্ষৰ আৰম্ভণিতে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও গাংগুলীয়ে অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ বিষয়ে স্পষ্টীকৰণ দিবলগীয়া হৈছিল৷ সেইসময়ত তেওঁ বিজেপিত যোগদান কৰিব বুলি অস্বীকাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ