--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেচ কিছুদিন ধৰি বিৰাট কোহলীৰ বেটৰ পৰা অহা নাই প্ৰত্যাশিত ৰান। চলিত আইপিএলতো চিনাকি ছন্দত দেখিবলৈ পোৱা নাই কোহলীক। গুজৰাট টাইটানছৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰাৰ পিছতো বিৰাট কোহলী চিনাকি ছন্দত নাই বুলি অনুমান কৰিবলৈ লৈছে ক্ৰীড়ানুৰাগীয়ে। এইবাৰ নিজৰ দল আৰচিবিৰ প্ৰসংগত মুখ খুলিছে বহু যুঁজৰ সৈনিকজনে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে তেওঁৰ ওপৰত দেখুওৱা আস্থা আৰু বিশ্বাস আন কোনো দলে তেওঁৰ প্ৰতি দেখুওৱা নাই বুুলি মন্তব্য কৰিছে বিৰাট কোহলীয়ে। 

২০০৮ চনত আইপিএল আৰম্ভ হোৱাৰ পৰা একেটা দলৰ হৈ খেলি আহিছে বিৰাটে। আন কোনো ক্ৰিকেটাৰে এনে দৃষ্টান্ত তুলি ধৰিব পৰা নাই। আৰচিবিৰ হৈ এক অনুষ্ঠানত ভাষণ দি বিৰাটে কয়, ‘আন দলসমূহৰ মাজতো সুযোগ আছিল মোক ক্ৰয় কৰাৰ। কিন্তু মোক কোনেও সুযোগ দিয়া নাছিল। আৰচিবিয়ে মোক প্ৰথম তিনি বছৰ যিদৰে সুযোগ দিছিল, যিদৰে তেওঁলোকে মোৰ ওপৰত বিশ্বাস ৰাখিছিল, সেয়া সঁচাকৈয়ে অতুলনীয়। আন দলসমূহে কিন্তু মোক তেনেদৰে সমৰ্থন কৰা নাছিল। ’

উল্লেখ্য যে, ২০০৮ চনত বিৰাট কোহলীৰ নেতৃত্বত অনুৰ্ধ-১৯ বিশ্বকাপত জয়ী হৈছিল ভাৰত। খেল চলাকালীন সময়তে হৈছিল আইপিএলৰ নিলাম। স্থানীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ পৰিৱৰ্তে বলাৰ প্ৰদীপ চাংৱানক দলত অন্তৰ্ভুক্ত কৰিছিল দিল্লী ডেয়াৰডেভিলছে। ২০১৩ চনৰ পৰা বিৰাটক পূৰ্ণ-সময়ৰ অধিনায়ক হিচাপে মনোনীত কৰে আৰচিবিয়ে। ২০২১ চনৰ আইপিএলৰ পিছত অধিনায়কত্বৰ পৰা পদত্যাগ কৰে কোহলীয়ে। ২০২২ চনৰ আইপিএলৰ নিলামৰ পূৰ্বে বিৰাটে আগন্তু দিনসমূহতো আৰচিবিৰ হৈ খেলিব বিচাৰে বুলি মন্তব্য কৰিছিল।এই প্ৰসংগত বিৰাটে কয়, ‘বহুতে মোক আৰচিবি এৰি নিলামত মোৰ নাম লিখিবলৈ কৈছিল। যিকোনো মূল্যৰ বিনিময়ত মোক নিলামত ক্ৰয় কৰাৰ প্ৰলোভন দিছিল। কিন্তু মই এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলো।

আৰচিবিৰ সৈতে বিৰাটৰ সম্পৰ্ক মধুৰ। তেওঁ কয়, ‘মোৰ জীৱনবোধ একেবাৰে সৰল। আইপিএলত জয়ী হ’লে প্ৰথম পাঁচ মিনিটৰ বাবে অত্যন্ত সুখ অনুভৱ কৰোঁ কিন্তু পাছমুহূৰ্ততে মই নিজৰ চিন্তাত মগ্ন হৈ পৰো। আইপিএল জয়ী নহ’লে যে পৃথিৱীখন শেষ হৈ যাব তেনে কথা নাই।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ